মাজুলী যুৱকৰ ব্যতিক্ৰমী চিন্তাৰে চেনেহৰ ভোগালীক আদৰাৰ প্ৰস্তুতি
মাজুলী যুৱকৰ ব্যতিক্ৰমী চিন্তাৰে চেনেহৰ ভোগালীক আদৰাৰ প্ৰস্তুতি
Assam December 12: মাজুলী জিলাৰ চিলাকলা গাঁৱৰ যুৱক সকলৰ এক ব্যতিক্ৰমী চিন্তা ধাৰাৰ পৰিপেক্ষিত তাজ মহলৰ আৰ্হিৰে সাজি উলিয়াইছে এটি আটক ধুনীয়া ভেলা ঘৰ ।
চিলাকলাৰ যুৱক সকলে জানিবলৈ দিয়া মতে তেওঁ লোকৰ গাঁৱত 500 ঘৰৰো অধিক মানুহ আছে , চেনেহৰ ভোগালীৰ উৰুকাৰ নিশা সকলোৱে একেলগে এসাজ খোৱাৰ প্ৰয়াস কৰিছে , এই তাজ মহলৰ আৰ্হিৰ ভেলা ঘৰ টি প্ৰায় 1 মাহ জোৰা প্ৰস্তুতিৰে নিন্মান কৰি তোলা হৈছে বুলি জনাইছে ।
Covid 19 ৰ ভয়াবহতাৰ কিছু কম হোৱাত গাঁও বাসীয়ে একেলগে এসাজ খোৱাৰ সৌভাগ্যত আনন্দিত আৰু উৎফুল্লিত । লগতে তেখেত সকলে সকলো অসম বাসীক ভোগালী বিহুৰ শুভেইচ্ছা জ্ঞাপন কৰে R News India24 ৰ জৰিয়তে ।
মাজুলীৰ পৰা দিব্য জ্যোতি নাথৰ ৰিপৰ্ট R News India 24

