সমম্বনয় শাখা সাহিত্য সভাৰ উদ্যোগত শিল্পী দিৱস পালন
সমম্বনয় শাখা সাহিত্য সভাৰ উদ্যোগত শিল্পী দিৱস পালন
Assam December 17: আজি মাজুলী জিলাত সমম্বনয় শাখা সাহিত্য সভাৰ উদ্যোগত ২৭৪ নং মেৰুৱা বাৰী প্ৰাথমিক বিদ্যালয়ত শিল্পী দিৱস পালন কৰে ।
শিল্পী দিৱসৰ কাৰ্য সূচীত পুৱা বৃক্ষ ৰোপণ কৰে আনন্দ নাথ দেবে , পতাকা উত্তোলন কৰে ৰামসাগৰ নাথ – সভাপতি সমন্বয় শাখা সাহিত্য সভা, স্মৃতি তৰ্পণ কৰে নগেন চন্দ্ৰ নাথ দেবে ।
মুকলি সভাত সঞ্চালক ৰামসাগৰ নাথ, উদ্ধোধক নৰনাৰায়ণ গোহাঁই – খণ্ড উন্নয়ন প্ৰাথমিক শিক্ষা বিষয়া, শ্ৰীযুতা ইভা গোস্বামী – শিক্ষয়ত্ৰি শাস্ত্ৰীয় সংগীত, যাদৱ বৰা-সম্পাদক সন্মিলিত শাখা সভা, ৰাধা কৃষ্ণ নাথ – সভাপতি ৰঙাচাহী শাখা সাহিত্য সভা, এই ব্যক্তি সকলে সন্মানীয় আসন অলংকৃত কৰে ।
নিমন্ত্ৰিত অতিথি হিচাপে আসন অলংকৃত কৰে পুনাৰাম নাথ দেবে ।
শিল্পী দিৱসৰ লগত সংগতি ৰাখি কণ কণ শিশু শিল্পী সকলৰ মাজত কবিতা, গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।
শেষত জাতীয় সংগীতেৰে সভা ভংগ ঘোষণা কৰে ।
মাজুলীৰ পৰা দিব্য জ্যোতি নাথৰ ৰিপৰ্ট R News India 24

