৩০ জানুৱাৰী, মহাত্মা গান্ধীৰ মৃত্যু দিৱস!

৩০ জানুৱাৰী, মহাত্মা গান্ধীৰ মৃত্যু দিৱস !

Spread the love

৩০ জানুৱাৰী, মহাত্মা গান্ধীৰ মৃত্যু দিৱস!৩০ জানুৱাৰী, মহাত্মা গান্ধীৰ মৃত্যু দিৱস!

Assam January 31:

৩০ জানুৱাৰীৰ দিনটোতে অহিংসাৰ পূজাৰী মহামানৱ মহাত্মা গান্ধী আততায়ীৰ হাতত শ্বহীদ হ’বলগীয়া হৈছিল। স্বাধীনতা আন্দোলনৰ গুৰি ধৰোতা তথা মানৱতাৰ বাৰ্তাবাহক মহাত্মা গান্ধীক ১৯৪৮ চনৰ ৩০ জানুৱাৰীত নাথুৰাম গডচে গুলিয়াই হত্যা কৰিছিল। সেয়ে ৩০ জানুৱাৰীৰ এই কলা দিনটোতে সমগ্ৰ দেশজুৰি শ্বহীদ ছহিদ দিৱস হিচাপে পালন কৰা হয়। শ্বহীদ দিৱসৰ এই পৱিত্ৰ দিনটোতে আমি জাতিৰ পিতা মহাত্মা গান্ধীক স্বশ্ৰদ্ধে সোঁৱৰণ কৰিছোঁ।_

_পৰাধীনতাৰ গ্লানিৰ পৰা দেশ স্বাধীন কৰাত অনন্য অৱদান ৰাখি থৈ যোৱা সত্য, ন্যায়, শান্তি, সমতা তথা সমন্বয়ৰ প্ৰতীক মহাত্মা গান্ধীৰ মৃত্যুত কেৱল দেশবাসীয়েই শোকাহত, মৰ্মাহত হোৱা নাছিল বৰং সমগ্ৰ বিশ্বতেই শোকৰ ছাঁ পৰিছিল, যেন এটা চিৰ প্ৰজ্বলিত বন্তি পলকতে নিৰ্বাপিত হৈ গ’ল। এনেকুৱা এগছি বন্তি নিৰ্বাপিত হৈ গ’ল যিয়ে ভাৰতবৰ্ষৰ লগতে গোটেই বিশ্বত সত্য আৰু অহিংসাৰ পোহৰ বিলাই আলোকিত কৰিছিল। যিজন জাতিৰ পিতা মহাত্মা গান্ধীয়ে সমাজৰ পৰা সমূলঞ্চে হিংসা, ঘৃণা, নিন্দা, বিভেদ, বিদ্বেষ তথা অবিশ্বাসৰ বাতাবৰণ নাইকিয়া কৰি বিভিন্ন জাতি-ধৰ্মাৱলম্বী লোকক একতাৰ ডোলেৰে বান্ধি ৰাম ৰাজ্য গঠনৰ সপোন দেখিছিল সেইজন বাপুজীক দুৰ্বৃত্তই হত্যা কৰি যি বৰ্বৰতাৰ পৰিচয় দিলে সেইটো দেশবাসীৰ লগতে বিশ্ব সমুদায়ে কেতিয়াও পাহৰিব নোৱাৰে।_

_৩০ জানুৱাৰীৰ দিনটো দেশবাসীৰ বাবে এটা দুৰ্ভাগ্যজনক, বেদনাকাতৰ আৰু কলা দিন হিচাপে চিহ্নিত হৈ ৰ’ব। কাৰণ এই দলটোৱে ভাৰতবাসীৰ অতিকৈ আপোন, হৃদয়ৰ স্পন্দন বাপুজীক কাঢ়ি নি আমাৰ বুকু শুদা কৰিছে আমাক কন্দুৱাইছে।_

_বাপুজীৰ মৃত্যুৰ দিনা সন্ধিয়া দেশবাসীৰ উদ্দেশ্য প্ৰচাৰিত অনাতাঁৰ ভাষণত সেই সময়ৰ প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ সেই হৃদয়স্পৰ্শী ভাষনৰ গাঁথা আজিও দেশবাসীয়ে পাহৰিব পৰা নাই। নেহৰুৰ আবেগবিহ্বল ভাষনত পৰিস্ফুট হৈছিল গান্ধীজীৰ বিৰহ বেদনা। এই যন্ত্ৰণা প্ৰতিজন ভাৰতীয়ই বুকুত লৈ ফুৰিছিল।_

_স্বাধীনতা আন্দোলনৰ এগৰাকী আগৰণুৱা কাণ্ডাৰী মহাত্মা গান্ধীৰ বিয়োগত দেশৰ কিমান ক্ষতি হ’ল সেয়া বহলাই নকলেও সকলোৱেই অবহিত। পিছে মহাত্মা গান্ধীৰ বিয়োগত হোৱা অপূৰণীয় ক্ষতি দেশবাসীয়ে এতিয়াও পূৰাব পাৰে, কেৱল তেঁওৰ সপোনবোৰ বাস্তৱায়িত কৰিলেই হ’ল। গান্ধীজীৰ নীতি-আদৰ্শৰে পৰিয়াল, সমাজ তথা ৰাষ্ট্ৰ পৰিচালিত হলে দেশ তথা দহৰ কল্যাণ হ’ব (ইয়াতেই নিহিত হৈ আছে বাপুজীৰ সপোন), য’ত নাথাকিব হিংসা, বিভেদ, বৈষম্য আৰু অবিশ্বাসৰ ভাৱ।

জুলহাছ আলী আহমেদ R News India 24 

Leave a Reply

Your email address will not be published. Required fields are marked *