Assam March 27:
শুক্রবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ দাস মোদী ডাঙৰীয়া দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিবেশী বাংলাদেশ ভ্ৰমণলৈ গৈছে।
মোদীৰ বাংলাদেশ ভ্ৰমণৰ বিৰোধীতাৰে উত্তাল প্ৰতিবাদ চলি থকাৰ সময়তে আজি ঢাকাত উপস্থিত হয়গৈ নৰেন্দ্ৰ মোদী।
ভাৰতীয় প্ৰধানমন্ত্ৰী গৰাকীক ঢাকা শ্বাহজালাল আন্তৰ্জাতিক বিমানবন্দত উষ্ম আদৰণি জনায় বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই।
আমিওঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীক আন্তৰিক প্ৰীতি ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷
যি উদেশ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাংলাদেশ ছফৰলৈ গৈছে ঈশ্বৰ-আল্লাহে তেওঁৰ সেই মহৎ উদেশ্য পুৰণ কৰক।
তেওঁৰ বাংলাদেশ যাত্ৰা শুভ, মঙ্গলময় আৰু কল্যাণকৰ হওঁক।
প্ৰসংগক্ৰমে উল্লেখ্য কৰিব বিচাৰিছোঁ যে, সুদীৰ্ঘ দিন ধৰি সীমান্তৰ সিপাৰৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশৰ সমস্যা অসমৰ বাবে এক আলোচ্য বিষয় হৈ পৰিছে৷
বাংলাদেশীৰ পৰা হোৱা অবাধ অনুপ্ৰৱেশৰ ইছু লৈ অসমত ৰক্তক্ষয়ী আন্দোলন হ’ল, অনেকে আত্মবলিদান দিলে, চুক্তি হ’ল পিছে বাংলাদেশীৰ সমস্যাটোহে সমাধান নহল।
অবৈধ অনুপ্ৰৱেশকাৰীৰ কাৰণে আজিওঁ বহুতে যমৰ যাতনাত ভুগি থাকিবলগীয়া হৈছে।
বাংলাদেশীৰ নামত বঙ্গমূলীয় মুছলমানসকল অযথা হাৰাশাস্তিৰ সহিব লগীয়া হৈছে।
সেয়ে বিদেশী সমস্যাৰ এটা স্থায়ী সমাধান আমাৰ কাম্য।
অনাগত দিনত যাতে বাংলাদেশীৰ ইছুলৈ কোনেওঁ ৰাজনীতি কৰিব নোৱাৰে আৰু কোনো এজন ভাৰতীয় মুছলমান যাতে হাৰাশাস্তিৰ সন্মূখীন হবলগীয়া নহয় তাৰ বাবে বাংলাদেশ ছফৰলৈ যোৱা ভাৰতৰ প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ দুই দেশৰ যুটীয়া বৈঠকত আলোচনা কৰা উচিত।
যিহেতুকে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী বাংলাদেশ ভ্ৰমণলৈ গৈছে সেয়ে আশা কৰোঁ তেওঁ এইবেলি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাৰ সৈতে অবৈধ অনুপ্ৰৱেশকাৰীৰ প্ৰসংগটো উথাপন কৰাৰ উপৰিও বিদেশী প্ৰত্যাৰ্পন চুক্তি কৰিব লগতে আগলৈ যাতে সীমান্তয়েদি কোনো ধৰণৰ অনুপ্ৰৱেশ নঘটে তাৰ বাবেও দুয়ো দেশে ফলপ্ৰসূ পদক্ষেপ গ্রহণ কৰিব।
তদুপৰি সীমান্ত এলাকাৰ অবৈধ গতিবিধিৰ ওপৰত চোকা দৃষ্টি ৰাখিব।
জুলহাছ আলী আহমেদ R News India 24