Assam, September 2:
নিষ্ঠুৰতাৰো এটা সীমা থাকে !
নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম কৰি পেলাইছে ধেমাজি কাণ্ডই।
গোটেই অসম কপাই যোৱা, ধেমাজিৰ কাণ্ডটোৱে সম্প্ৰতি আমাৰ সমাজৰ নিষ্ঠুৰতাৰ ছবিখন আকৌ এবাৰ দেশবাসীৰ আগত উদঙাই দিলে।
মানুহ কিমান নিৰ্দয়, নিষ্ঠুৰ হলে এনেকুৱা অমানৱীয় তথা অধৰ্মী কাম কৰিব পাৰে, সেয়া কল্পনা কৰা কঠিন।
উল্লেখ্য যে, মৰিধল মহাবিদ্যালয়ৰ মেধাবী ছাত্রী নন্দিতা শইকীয়াক একেখন মহাবিদ্যালয়তে কর্মৰত ৰিন্টু শৰ্মা নামৰ পাষাণ্ডটোৱে অতি নিৰ্দয় আৰু নিৰ্মমভাৱে প্ৰহাৰ কৰে।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুৰ যুঁজি যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতাই, অৰ্থাৎ ডিব্ৰুগড় মেডিকেলত ইহলীলা সম্বৰণ কৰে তাই।
নন্দিতা শইকীয়াৰ মৃত্যুৰ খবৰে ৰাজ্যবাসীক মৰ্মাহত কৰি তুলিছে।
জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱেই তাইৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
তাৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ চৰকাৰ-প্ৰশাসনক দাবী জনাইছে যাতে দ্বিতীয়গৰাকী নন্দিতা এনেধৰণৰ বৰ্ব্বৰ, জঘণ্য তথা আসুৰিক আক্ৰমণৰ বলি হবলগীয়া নহয়।
প্ৰসংগত ওলাইছে যে, প্ৰেমজনিত কাৰনতে হত্যাৰ বলি হ’ল নেকি নন্দিতা।
প্ৰকৃততে নন্দিতাৰ হত্যাৰ আৰৰ ৰহস্য কি সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।
যদি প্ৰেমজনিত কাৰণতেই নন্দিতাৰ জীৱন বন্তি চিৰদিনলৈ নুমুৱাই দিয়া হ’ল তেন্তে ই হ’ব মানৱজাতিৰ বাবে অতি লজ্জাজনক ঘটনা।
আচলতে প্ৰেমিক এজন কেতিয়াওঁ এনেকুৱা পাষণ্ড হ’ব নোৱাৰে।
যিজন প্ৰেমিকে এনেকুৱা বৰ্বৰ কাণ্ড কৰে প্ৰকৃতাৰ্থত সেইজন ব্যক্তি কদাপি প্ৰকৃত প্ৰেমিক হবই নোৱাৰে, কাৰণ— প্ৰেম মানেই বিবাহ নহয়। প্ৰেমত বিচ্ছেদ থাকেই।
বিচ্ছেদ হোৱাৰ পাছত যিজনে স্বতন্ত্ৰ আৰু মুক্ত মনে নিজৰ মন-মগজুৰ পৰা প্ৰেমক ত্যাগ কৰিব পাৰে তেওঁহে আচল প্ৰেমিক।
সচা প্ৰেমিক এজন কেতিয়াওঁ প্ৰতিশোধ পৰায়ণ হ’ব নোৱাৰে বৰং তেওঁ হিয়া উজাৰি আশীৰ্বাদ দিয়ে।
যিয়ে অবৈধ প্ৰেমত পৰি হাবাথুৰি খাই দিকবিদিক হেৰুৱাই নিজৰ লগতে আনৰো জীৱন ধ্বংস কৰে তেওঁ কেতিয়াওঁ মানুহৰ শাৰীত নপৰে।
প্ৰেম হৈছে এটা পৱিত্ৰ বন্ধন, য’ত থাকিব লাগিব নিঃস্বাৰ্থ ভালপোৱা আৰু ধৈৰ্য, ত্যাগৰ মানসিকতা।
সেয়ে এনে প্ৰেম কৰা উচিত যাতে ধ্বংসৰ পৰিবৰ্তে সৃষ্টি হয়।
প্ৰসংগত; সঁচা প্ৰেমিক এজনে কেতিয়াও বিৰহৰ বেদনাত নিজৰ প্ৰেমিকাক নিজ হাতেৰে ইমান নিৰ্দয়, নিৰ্মমভাৱে প্ৰতিশোধ লব নোৱাৰে।
আচলতে কি হৈছে জীৱশ্ৰেষ্ঠ মানুহৰ?
কোন দিশে গতি কৰিছে মানৱ সমাজ?
যিকি নহওঁক নন্দিতাৰ অপৰাধীয়ে দৃষ্টান্তমূলক শাস্তি পাওক।
অসমত যাতে পুনৰাই এনেকুৱা অমানৱীয় ঘটনা সংঘটিত নহয় তাৰ বাবে চৰকাৰ-প্ৰশাসনৰ লগতে সৰ্বসাধাৰণো সজাগ-সচেতন আৰু সচেষ্ট হ’ব লাগিব, এয়াই সময়ৰ আহ্বান।
জুলহাছ আলী আহমেদৰ প্রতিবেদন R News India 24