অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা, নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, আলোচনী সম্পাদক অচ্যুত লহকৰ।
অচ্যুত লহকৰঃ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা, নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, আলোচনী সম্পাদক।
তেওঁক “মঞ্চ প্ৰভাকৰ” বুলিও জনা যায়।
চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ উপৰিও তেখেতে নাটক ৰচনা কৰিছিল আৰু ভ্ৰাম্যমাণৰ বাবে বিভিন্ন কলা-কৌশল আৱিষ্কাৰ কৰিছিল।
অচ্যুত লহকৰৰ জন্ম হয় ১৯৩১ চনৰ ৯ জুলাই তাৰিখে পাঠশালাৰ সমীপৰ বাগনা গাঁৱত।
তেওঁৰ পিতৃ আছিল গৌৰীকান্ত লহকৰ আৰু মাতৃ আছিল কান্তিপ্ৰিয়া লহকৰ।
তেওঁ পাঠশালা মজলীয়া বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে আৰু ১৯৪৯ চনত বজালী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।
কিন্তু সেই সময়তে তেওঁ পিতৃক হেৰুৱাই আৰু ঘৰৰ সমগ্ৰ দায়িত্ব তেওঁৰ ওপৰত আহি পৰে।
বি.এ. পঢ়ি থকাৰ সময়তে তেওঁ অনুবাদকৰো কাম পাৰিশ্ৰামিক ভিত্তিত কৰে।
তেওঁ “আব্ৰাহাম লিংকন”, “গনতন্ত্ৰ” আদি কেবাখনো গ্ৰন্থ অনুবাদ কৰি দিছিল।
তেওঁৰ ভাতৃ সদা লহকৰৰ দ্বাৰা প্ৰতিষ্ঠিত “নটৰাজ অপেৰা” ক এক নতুন ৰূপ দিবলৈ প্ৰয়াস কৰে।
১৯৬৩ চনত ভ্ৰাম্যমাণ নটৰাজ থিয়েটাৰৰ জন্ম হয়।
অচ্যুত লহকৰে সচিত্ৰ মাহেকীয়া আলোচনী ‘দীপাৱলী‘ সম্পাদনা আৰু প্ৰকাশ কৰিছিল।
আলোচনীখন প্ৰথম প্ৰকাশ পাইছিল ১৯৫২ চনত।
‘নটৰাজ’ থিয়েটাৰ হৈছে প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ।
বৰপেটা জিলাৰ পাঠশালা নগৰত ১৯৬৩ চনত এই ভ্ৰাম্যমাণ নাট্যদলটো গঢ় লৈ উঠিছিল।
১৯৫৯ চনত পাঠশালাত সদানন্দ লহকৰে গঠন কৰা ‘নটৰাজ অপেৰা‘ নামৰ যাত্ৰাদলটোক আদিপৰ্ব হিচাপে লৈ অচ্যুত লহকৰে নটৰাজ থিয়েটাৰ গঢ় দিছিল।
অচ্যুত লহকৰে ১৯৬৩ চনত ‘নটৰাজ অপেৰা’ক নতুনত্ব প্ৰদান কৰি ‘নটৰাজ থিয়েটাৰ‘ৰ জন্ম দিয়ে।
ৰচিত নাটক –
এৰিনা, অজেয় ভিয়েটনাম
আমেৰিকাৰ পুতলা, ঊষা
ব্লেকমানী, ডাক্তৰবাবু
আদৰ্শৱতী নাৰী, আমি হেনো মানুহ নহয়, হামিদা, এখন পৃথিৱী, শংকৰদেৱ
বন্ধু হত্যাকাৰী বন্ধু, দুলীয়াজান, আল্লা ঈশ্বৰ।
অনুবাদ গ্ৰন্থঃ
আনা কাৰেনিনা
চলচ্চিত্ৰ নিৰ্মাণ।

‘ব্লেকমাণি‘ চিনেমাখন প্ৰযোজনা কৰাৰ উপৰিও পৰিচালনাও কৰিছিল।
১৯৯৭ চনত কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা।
অতুল চন্দ্ৰ হাজৰিকা বঁটা লাভ কৰে।
২০১৬ চনৰ ১২ জুনত বাৰ্ধক্যজনিত ৰোগত তেখেত মৃত্যু হয়।
তেখেতৰ জন্ম বাৰ্ষিকীত সশ্ৰদ্ধ প্ৰনাম।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

