ভাৰতৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসঃ

Spread the love

স্বাধীনতা দিৱসঃ

“মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম” – নেতাজী সুভাষ চন্দ্ৰ বসু

 

১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষই ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল।

প্ৰতিবছৰে ১৫ আগষ্ট দিনটোক স্বাধীনতা দিৱস হিচাপে সমগ্ৰ ভাৰতবৰ্ষই উদযাপন কৰে।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অহিংসা আন্দোলনৰ মাধ্যমেৰে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল।

 

আজিৰ দিনতোত প্ৰত্যেকজন মানুহৰ হাতে হাতে পতাকা, বিদ্যালয়, মহাবিদ্যালয়, যিকোনো শিক্ষানুষ্ঠান, চৰকাৰী, বে-চৰকাৰী কাৰ্যালয়, ব্যক্তিগত শিক্ষানুষ্ঠান আৰু প্ৰত্যেক মানুহৰ ঘৰত তিনি বৰণীয়া জাতীয় পতাকা বতাহত উৰিছে।

চাৰিওফালে মনোমোহা পৰিবেশ।

স্বাধীন শব্দৰ অৰ্থ হ’ল লোকৰ বা আনৰ অধীন নোহোৱা।

যেতিয়া এখন দেশ বা এটা জাতি আন এখন দেশৰ অধীনত থকাৰ পিছত মুক্তি লাভ কৰে তেতিয়া সেই দিনটোক স্বাধীনতা দিৱস হিচাপে পালন কৰে।

ভাৰতৰ স্বাধীনতাৰ মূল মন্ত্ৰ আছিল – “স্বৰাজ আমাৰ জন্মগত অধিকাৰ”
ভাৰতৰ তিনিটা জাতীয় বন্ধ – 1.স্বাধীনতা দিৱস।
2.গণতন্ত্ৰ দিৱস।
3.গান্ধী জয়ন্তী।

দেশৰ স্বাধীনতা সংগ্ৰামত পুৰুষ মহিলা সকলোৱে যুঁজ দিছিল, বহু লোকে প্ৰাণ আহুতি দিছিল আৰু বহুলোক ঘুণীয়া হৈছিল।

সংগ্ৰামী সকল হৈছে :- মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, ভগত সিং, চৰ্দাৰ বল্লভভাই পেটেল, জৱাহৰলাল নেহৰু, ৰানী লক্ষ্মী বাই, মংগল পাণ্ডে, দাদা ভাই নৌৰাজী, কুঁশল কোঁৱৰ, মনিৰাম দেৱান, কনকলতা বৰুৱা আদিয়ে নেতৃত্ব দিছিল।

তেওঁলোকৰ অৱদান, কৰ্মৰাজী আৰু সবল প্ৰচেষ্টা ভাৰতৰ স্বাধীনতা ইতিহাসত চিৰস্মৰণীয় হৈ থাকিব।

আজিৰ দিনতো সৰু কালৰ এটা কথা মনত পৰিছে –
১৫ আগষ্টৰ আগদিনাৰে পৰা স্কুলৰ পৰা আহিয়ে ইউনিৰ্ফম ধোৱা, স্বাধীনতা দিৱসত কি কি কম দেউতাৰ লগত আলোচনা কৰা, আগদিনাই কাগজত জাতীয় পতাকা খন আঁকি বাহৰ কামীত বান্ধি ৰাখা, ৰাতিপুৱা সোনকালে শুই উঠা, আগদিনাৰে পৰা ভাৰত মাতা কি জয় জয় চিঞৰী থকা ইত্যাদি।

এতিয়া সকলো স্মৃতি

আপোনালোকৰ যদি এনে স্মৃতি আছে কমেণ্টৰ জৰিয়তে জনাব।

সেয়ে আজি গৌৰৱেৰে, সাহসেৰে কব পাৰোঁ আমি ভাৰতীয় নাগৰিক।
আজি আমাক স্বাধীনতা প্ৰদান কৰা সকলো সংগ্ৰামী তথা সাহসী যোদ্ধালৈ অন্তৰৰ গভীৰ শ্ৰদ্ধাঞ্জলী নিবেদিছোঁ

 

সমূহ ভাৰতবাসীক ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ শুভকামনা জনাইছোঁ।

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *