মোৰ জীৱনীমূলক ছবি বা তথ্যচিত্ৰ নিৰ্মাণ হলে তাত মই নিজে অভিনয় কৰিম, অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং।

Spread the love

”অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ মুলাই পায়েঙে” মঙলবাৰে কয় যে, “যদি তেওঁৰ জীৱনীমূলক ছবি আৰু তেওঁৰ জীৱনৰ কোনো তথ্যচিত্ৰ নিৰ্মাণ কৰা হয়, তেন্তে তেওঁ নিজে তাত মূল চৰিত্ৰত অভিনয় কৰিব আৰু
তেওঁ লগতে জনাই যে আন কোনোৱে তেওঁৰ চৰিত্ৰত অভিনয় কৰাটো তেওঁ নিবিচাৰে”।

তেওঁ ২৩ আৰু ২৪ আগষ্টত নতুন দিল্লীস্থিত গ্ৰীণটেক ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় সন্মিলনৰ বৈঠকত ভাষণ প্ৰদান কৰি এইদৰে কয়, “হোটেল ভিভান্তাৰ পৃষ্টপোষকতাত আজি এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহন কৰিবলৈ পাই আনন্দিত হৈছোঁ“।

 

এই দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰাৰ লগতে তেওঁ মেক্সিকোক সেউজীয়া কৰা উদ্দেশ্যৰে নতুন অভিযান উন্মোচন কৰে আৰু এনজিঅ’ এজটেকা সম্পৰ্কেও আলোচনা কৰে, য’ত সেই দেশত ৭ নিযুত গছ ৰোপনৰ লক্ষ্যৰে মেক্সিকোৰ পৰিৱেশ প্ৰকল্পৰ সৈতে একত্ৰিত হৈছে।

অনুষ্ঠানত মত বিনিময়ৰ কৰা মূহুৰ্তত উল্লেখ কৰে যে “ব্ৰহ্মপুত্ৰ নদীৰ শুকান বালীচৰৰ কাষত বীজ আৰু গছপুলি ৰোপণ কৰি কেনেদৰে অসমত ৫৫০ হেক্টৰৰ এখন অৰণ্য নিৰ্মাণ কৰিছিল“।

ভাৰতৰ বিভিন্ন কোণৰ পৰা ২৫০ তকৈও অধিক উল্লেখযোগ্য পৰিৱেশ সম্পৰ্কীয় ব্যক্তিৰ সন্মুখত তেওঁৰ যাত্ৰাৰ বিষয়ে বৰ্ণনা কৰাৰ সময়ত কৈছিল যে, মই জনা একমাত্ৰ কথাটো হ’ল “গছ ৰোপণ কৰা আৰু শেষ উশাহলৈকে ইয়াৰ সৈতে আগবাঢ়ি যোৱা।
মই গছৰ সৈতে খাওঁ, শুওঁ, আৰু উশাহ লওঁ।
মই ইয়াৰ বাহিৰে আন একো ভাবিব নোৱাৰো”।

এতিয়ালৈকে তেওঁ ৪ কোটিৰো অধিক গছ ৰোপণ কৰিছে বুলি ভাষনত উল্লেখ কৰে।

উক্ত অনুষ্ঠানত ভাৰতৰ কেইবাখনো সৰ্বশ্ৰেষ্ঠ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, ব্যক্তিগত প্ৰতিস্থান আৰু চৰকাৰী সংস্থাৰ বিশিষ্ট পৰিৱেশ বৃত্তিধাৰী ব্যক্তি  সকল উপস্থিত আছিল।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ আঁচনি
মিচিং স্বায়ত্তশাসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।
বিশ্বজিত দত্তৰ প্ৰতিবেদন Rnewsindia24

Leave a Reply

Your email address will not be published. Required fields are marked *