আজি নীলমণি ফুকন দেৱৰ উপজা দিন।
তেখেতৰ এই বিশেষ দিনটোত Rnewsindia24 পৰিয়ালেও শুভকামনা জনালোঁ।
এতিয়া জানো আহক নীলমণি ফুকন দেৱৰ জীৱনযাত্ৰাৰ বিষয়েঃ
অসমীয়া ভাষাৰ এগৰাকী কবি, কলা-সমালোচক, অধ্যাপক আৰু সাহিত্যিক হৈছে নীলমণি ফুকন।
তেখেতৰ জন্ম হয় ১৯৩৩ চনৰ ১০ চেপ্তম্বৰত গোলাঘাট জিলাৰ দেৰগাঁৱত।
তেওঁ ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয় ৰ পৰা ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
তেওঁ ১৯৫০ চনৰ পৰা কবিতা লিখিবলৈ আৰম্ভ কৰে।
১৯৬৪ চনত তেওঁ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় ত অধ্যাপক হিচাপে যোগদান কৰে।
১৯৯২ চনত অৱসৰ গ্ৰহণ কৰে।
কবিতা’ কাব্যগ্ৰন্থৰ বাবে ১৯৮১ চনত ‘সাহিত্য অকাডেমি বঁটা‘ লাভ কৰে।
১৯৯০ চনত ভাৰত চৰকাৰে ‘পদ্মশ্ৰী‘ সন্মানেৰে সন্মানিত কৰে।
১৯৯১ চনত ‘ছগনলাল জৈন বঁটা‘।
১৯৯৭ চনত ‘অসম উপত্যকা সাহিত্য বঁটা‘।
২০০২ চনত ‘সাহিত্য অকাডেমিৰ ফেল‘ প্ৰদান কৰা হয়।
২০১৯ চনৰ ১৯ আগষ্টত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ‘ডি লীট’ উপাধি প্ৰদান কৰে।
তেখেতে সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০২১ চনত নতুন দিল্লীস্থিত ভাৰতীয় জ্ঞানপীঠে “২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটা” প্ৰদান কৰে।
এই বঁটা লাভ কৰা তেওঁ তৃতীয় গৰাকী অসমীয়া সাহিত্যিক।
তেখেতৰ কবিতা পুথি সমূহ হৈছে – নিৰ্জনতাৰ শব্দ,
আৰু কি নৈঃশব্দ্য, জাপানী কবিতা, ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে, কাঁইট গোলাপ আৰু কাঁইট, সূৰ্য হেনো নামি আহে এই নদীয়েদি, গোলাপী জামুৰ লগ্ন, কবিতা, গাৰ্থিয়া লৰ্কাৰ কবিতা, নৃত্যৰতা পৃথিৱী,
সাগৰতলিৰ শংখ, অলপ আগতে আমি কি কথা পাতি আছিলোঁ।
আত্মজীৱনী- পাতি সোণাৰুৰ ফুল, পাহৰিব নোৱাৰিলো যি ।
অন্যান্য গ্ৰন্থ সমূহ হৈছে-
লোক কল্পদৃষ্টি, ৰূপ বৰ্ণ বাক,
শিল্পকলাৰ উপলব্ধি আৰু আনন্দ, শিল্পকলাৰ দৰ্শন ।
এনে মহান ব্যক্তিসকলৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব Rnewsindia24.com
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24