মধুৰিআম এবিধ সুস্বাদু ফল।
ই আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।
মধুৰিআম ফাইবাৰ, ভিটামিন চি, লাইকোপিন আৰু এন্টিঅক্সিডেন্ট আদিৰে ভৰপূৰ।
ঠিক তেনেদৰে মধুৰি আম পাততটো এনে উপাদানেৰে সমৃদ্ধ।
মধুৰি আম খালে যেনেকৈ বিভিন্ন ৰোগৰ পৰা বাচি থাকিব পাৰি ঠিক তেনেকৈ মধুৰি আমৰ পাত আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।
জানো আহক মধুৰিআম পাতত কি কি আছে ঔষধি গুন আছে –
1. মধুৰি পাতৰ ৰসে পায়েৰীয়া, দাঁতৰ বিষ আদি মুখৰ ভিতৰৰ ৰোগ উপশম কৰে ।
2. ছালৰ বিভিন্ন বেমাৰত মধুৰিৰ পাতৰ ৰস লগালে সুফল পোৱা যায়।
3. পেটচলা ৰোগত মধুৰি আমৰ তিনি/চাৰিটা আগ খুন্দি পানীৰ সৈতে মিহলাই খালে সোনকালে ভাল হয়।
4. এলাৰ্জী হলে এই ৰস অতি উপকাৰী ।
5. মধুৰি আম পাত নিয়মিত খালে স্মৃতি শক্তি বৃদ্ধি হয়, মগজু শীতল হৈ থাকে।
6. কেন্সাৰ ৰোগীক এই পাতৰ ৰস খোৱালে কেন্সাৰৰ কোষ গঠন প্ৰক্ৰিয়া বন্ধ হয়, বিশেষকৈ ব্ৰেষ্ট কেন্সাৰ ।
7. পেটৰ আলচাৰ, গ্ৰহণী, পেটৰ বিষ, ডায়েৰীয়া আদিত কোমল মধুৰি পাতৰ ৰস উত্তম।
8. সৌন্দৰ্য চৰ্চাতো মধুৰিআমৰ পাত উপকাৰী।
9. মধুৰি পাতে চুলি সৰা বন্ধ কৰে।
10. মধুৰি পাত খালে জ্বৰ ভাল হয়, হাড়ৰ জইনৰ বিষ ভাল হয় আৰু কলেষ্টৰেল কমাই আৰু স্বাস্থ্য নিৰোগী হৈ থাকে।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।
গতিকে আজিৰ পৰা মধুৰি আমৰ পাত খাই শৰীৰটো ভালে ৰাখো আহক।
News Editor Sangita Dutta Reports R News India 24