1. আজি নলবাৰীত উপ-আঞ্চলিক বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ, উদ্যান শস্য গৱেষণা মহাবিদ্যালয়, সংহত উপায়ুক্ত কাৰ্যালয় পৰিসৰৰ আধাৰশিলা স্থাপনকে ধৰি মুঠ ১২টা প্ৰকল্পৰ শিলান্যাস তথা শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
অনুষ্ঠানত উপস্থিত থাকে অজন্তা নেওগ, জয়ন্ত মল্লবৰুৱা, কেশৱ মহন্ত, ৰণজিৎ কুমাৰ দাস,চন্দ্ৰমোহন পাটোৱাৰী, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তি।
2. ৮ ডিচেম্বৰত গোৱাত অনুষ্ঠিত হ’ব বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছৰ কাৰ্যসূচী।
৩ টাকৈ প্ৰতিষ্ঠান মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে।
দিল্লী নেশ্যনেল মিডিয়া চেণ্টাৰত সংবাদমেলযোগে এই ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
3. ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত এইবাৰ শিলচৰ ডেণ্টেল কলেজত ৰেগিঙৰ ঘটনা ৷
১৪ জন ছাত্ৰক কলেজ, হোষ্টেলৰ পৰা বহিষ্কাৰ কৰা হৈছে ৷
১ ডিচেম্বৰত এগৰাকী ছাত্ৰক ৰেগিং কৰিছিল ১৪ জন ছাত্ৰই ৷
ইয়াৰ পাছতে অভিযোগ দাখিল কৰিছিল ভুক্তভোগী ছাত্ৰই ৷
Central Anti Ragging Squadত দাখিল কৰিছিল অভিযোগ ।
তদন্তৰ অন্তত ১৪ জন ছাত্ৰৰ ওপৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছে।
5. অসমত অতি শীঘ্ৰে এটা শক্তিশালী ফুটবল টীম গঠন কৰিব জুবিন গাৰ্গে।
বৰমাৰ দহকাউনীয়াত ১২৫সংখ্যক আঘোণৰ পূৰ্ণিমা সভা মহোৎসৱৰ সংগীতানুষ্ঠাত এই মন্তব্য কণ্ঠশিল্পী জুবিন গাৰ্গে।
6. ‘জোনাব-ইমাম হ’বলৈ সন্তান জন্ম নিদিব।
ডক্টৰ, ইঞ্জিনিয়াৰ, উদ্যোগপতি হ’বলৈহে সন্তান জন্ম দিয়ক।’
মুছলমান মহিলালৈ আহ্বান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
8. সোণাৰিৰ সদৰ থানাত ভয়ংকৰ ঘটনা।
আৰক্ষীৰ লোকৰ মাজতে গুলীয়াগুলী।
দীপক কাকতীয়ে গুলীয়াই হত্যা কৰিলে সতীৰ্থক।
ডিঙিত ৩ টাকৈ গুলী লাগি মৃত্যু হল গকুল বসুমতাৰী।
9. কল’ম্বিয়াত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ ৷
ভূমিস্খলনত ৮ শিশুসহ ৩৩জন লোকৰ মৃত্যু হয় ৷
মাটিৰ তলত আবদ্ধ হৈ পৰে এখন যাত্ৰীবাহী বাছ ৷
আন বহু লোক আবদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ কল’ম্বিয়াৰ ৰাজধানী বোগোটাৰ পৰা ২৩০ কিঃমিঃ নিলগত এই ঘটনা সংঘটিত হৈছে ৷
10. দেৰগাঁৱত নিশা বিধ্বংসী অগ্নিকাণ্ড ৷
জুইত ভস্মীভূত হয় এখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷
অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপণ কৰে জুই ৷
কথমপি ৰক্ষা পৰিল কাষতে থকা এটা পেট্ৰ’ল পাম্প ৷
জুইৰ সূত্ৰপাতৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই৷
11. ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি আৰু কটন বিশ্ববিদ্যালয়ে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত ND24ৰ ওদালগুৰিৰ সাংবাদিক ধনদ্বীপ বৰাক ‘Media Fellowship Award’ প্ৰদান কৰা হয়।
এই অনুষ্ঠানত উপস্থিত থাকে অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাৰ লগতে আন বহুকেইগৰাকী ব্যক্তি ৷
12. AICCৰ সভাপতি হোৱাৰ পাছত প্ৰথমবাৰলৈ অসমলৈ আহিব মল্লিকাৰ্জুন খৰ্গে।
১৫ ডিচেম্বৰত ভাৰত জোড়ো যাত্ৰাৰ সামৰণি অনুষ্ঠানত অংশ গ্ৰহন কৰিব কংগ্ৰেছৰ অধ্যক্ষজনে।
সম্বোধন কৰিব শদিয়া ষ্টেডিয়ামত হ’বলগীয়া বিশাল জনসভা।