11. বাৰাণসীত সাৰ্বজনীন স্বাস্থ্য ক’ভাৰেজ দিৱসত
সৰ্বাধিক সংখ্যক ABHA IDৰ বাবে টীম অসমলৈ প্ৰথম বঁটা।
আয়ুষমান ভাৰত হেল্থ একাউণ্টৰ পৰিচয় পত্ৰ প্ৰদানত শীৰ্ষত অসম।
কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই প্ৰদান কৰে এই বঁটা।
NHMৰ মিছন সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই গ্ৰহণ কৰে বঁটা।
টেলিকনছালটেচনৰ বাবেও পুৰস্কৃত হয় অসমৰ স্বাস্থ্য বিভাগ।
এই শাখাত দ্বিতীয় স্থান লাভ কৰে টীম অসমে।
12. সোণাপুৰত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাইক্লিং চেম্পিয়নশ্বিপ।
টেপেচিয়াস্থিত LNIPEত আজিৰে পৰা অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা।
দেশৰ বিভিন্ন প্ৰান্তৰ ২৮টা দলে অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতাত।
চাইক্লিং ফেডাৰেশ্বন, ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সহযোগত এই প্ৰতিযোগিতা।
প্ৰতিযোগিতাত ৬০০ৰো অধিক চাইক্লিষ্টৰ অংশগ্ৰহণ কৰে।
১৫ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।
13. অভিনেতা দুলাল ৰয় আৰু আকাশবাণী ডিব্ৰুগড়ৰৰ প্ৰথমগৰাকী বাতৰি পঢ়োতা চৈয়দ ছাদুল্লাক “২০২২ বৰ্ষৰ চাতক সন্মান” প্ৰদান কৰা হৈছৈ।
তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান ‘চাতক’ৰ তৰফৰ পৰা এই সন্মান প্ৰদান কৰে।
14. ডিব্ৰুগড়ত ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাৰ আয়োজন।
৩৩খন জিলাৰ ১৫০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত।
১৬ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত হব কাৰাটে প্ৰতিযোগিতা।
সংবাদমেলযোগে এই কথা জনায় বিধায়ক প্ৰশান্ত ফুকনে।
15. দ্বীপৰাষ্ট্ৰ জাৰ্ছীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে।
৩ মহলীয়া অট্টালিকাত জুই লাগি ৩জনৰ মৃত্যু হয়।
সন্ধানহীন হৈ আছে বহুলোক।
জুইৰ মাজৰ পৰা উদ্ধাৰ কৰি অৰ্ধশতাধিকক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।