অপৰাজিতা ফুল আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰি।
এইবিধ ফুল খালে দেহৰ বহু বেমাৰ নাশ হয়।
অপৰাজিতা ফুলৰ চাহ আপুনি খায় নে ?
হয়তো ভাবিছে চাগে, চাহত অপৰাজিতা ফুল দি খায় নে ?
জানো আহক অপৰাজিতা ফুলৰ চাহত কি কি ঔষধী গুণ আছে-
ক) অপৰাজিতা চাহ খালে স্মৃতিশক্তি বৃদ্ধি হয়।
খ) অপৰাজিতা চাহ সেৱন কৰিলে অনিদ্ৰা,গাৰ বিষৰ পৰা উপশম পায়।
গ) শীতকালত অপৰাজিতা চাহ খালে চৰ্দি, জ্বৰ, কাঁহ, মানসিক চাপ অতি সোনকালে ভাল হয়।
ঘ) অপৰাজিতা চাহ খালে চুলিৰ বৃদ্ধি হয়।
চুলিৰ উজ্বলতা আৰু চুলি পকা আদি সমস্যা নাশ হয়।
ঙ) অপৰাজিতা চাহ সেৱন কৰিলে দৃষ্টিশক্তি বৃদ্ধি, উচ্চ ৰক্তচাপ ভাল হয়।
চ) অপৰাজিতা চাহ সেৱন কৰিলে এন্টিঅক্সিডেন্ট আৰু প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।
ছ) আপোনাৰ যদি মাত ভাঙিছে অপৰাজিতা ফুলৰ চাহ সেৱন কৰক।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে অপৰাজিতা ফুলৰ চাহ খাওঁক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
News Editor Sangita Dutta R News India 24