৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council.

Rnewsindia24.com Assam March 2/2023:- 

1. “শিলসাঁকোৰ উচ্ছেদিতক আৰ্থিক সাহায্য দিব চৰকাৰে”- ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

2. দৰঙৰ আপুৰুগীয়া কালী শিল্পৰ আজীৱন সাধক, শিল্পী পেঞ্চনাৰ কুলেন্দ্ৰ নাথৰ দেহাৱসান।
ছিপাঝাৰৰ নিজ বাসভৱনত ৭৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে শিল্পগৰাকীয়ে।

3. বৰপেটা হাউলীৰ সাৰ্বজনীন শিৱ মন্দিৰৰ উদ্ধোধনী অনুষ্ঠান।
অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
নৱ নিৰ্মিত শিৱ মন্দিৰৰ দুৱাৰ উদ্ধোধন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

4. আজি অনুষ্ঠিত হয় উত্তৰ-পূবৰ তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা।
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাৰ জয়লাভ।
নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ জয়লাভ।
নাগালেণ্ড বিজেপিৰ সভাপতি টেমজেন ইমনা আলঙৰ জয়লাভ।
“প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাল কাম হৈছে সমগ্ৰ ভাৰতবৰ্ষত।
গতিকে এতিয়া বিজেপিকেই বিচাৰে জনতাই”।
উত্তৰ-পূবৰ ৩ ৰাজ্যৰ নিৰ্বাচনী ফলাফলক লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য।

5. জালুকবাৰীস্থিত ৰেডিচন ব্লু’ত B2B সন্মিলন আৰু এক্সপ’।
আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত আৰু সাংহাই সংস্থাৰ সহযোগিতাত দুদিনীয়াকৈ হৈছে পৰম্পৰাগত ঔষধ, চিকিৎসা বিজ্ঞানৰ এই সন্মিলন আৰু এক্সপ’।
উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ডাঃ মুঞ্জাপাৰা মহেন্দ্ৰভাই, ম্যানমাৰৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ থেট খাইং ৱিন, মালদ্বীপৰ স্বাস্থ্য মন্ত্ৰী মহম্মদ চৈয়দ আৰু বহু গণ্য মাণ্য ব্যক্তি।

6. বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত।
উপস্থিত হয় বলীউদৰ জনপ্ৰিয় অভিনেতা ছনু ছুদে।
ঢোলৰ চেওঁত নাঁচনীৰ সৈতে নাচিলে বলীউদৰ অভিনেতা গৰাকীয়ে।

7. কাইলৈ নতুন শিক্ষা নীতিৰে অনুস্থিত হ’ব মেট্ৰিক পৰীক্ষা।
পৰীক্ষা সুকলমে হ’বলৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা প্ৰতিটো কেন্দ্ৰত।
প্ৰশাসনে কেন্দ্ৰত জাৰি কৰিছে ১৪৪ধাৰা, থাকিব CCTV কেমেৰা।
৪লাখ ২৩হাজাৰ পৰীক্ষাৰ্থী অৱৰ্তীৰ্ণ হ’ব এইবাৰৰ HSLC পৰীক্ষাত।
Rnewsindia24 তৰফৰ পৰা সমূহ পৰীক্ষাৰ্থীলৈ শুভকামনা।

8. বন্ধ হ’ব ৰাজ্য চৰকাৰৰ ‘অৰুন্ধতী স্বৰ্ণ আঁচনি’।
১ এপ্ৰিলৰ পৰা বন্ধ হ’ব আঁচনিখন।
এই সন্দৰ্ভত ২৭ ফেব্ৰুৱাৰীত এক অধিসূচনা জাৰি।
আঁচনিৰ অধীনত কইনালৈ ৰাজ্য চৰকাৰে আগবঢ়াইছিল নগদ ধন।
২০২০ৰ ১ জানুৱাৰীৰ পৰা বলবৎ হৈছিল এই আঁচনি।
২০১৯-২০ বিত্তীয় বৰ্ষৰ বাজেট ভাষণ অনুসৰি বলবৎ হৈছিল আঁচনি।

9. বৰপেটাৰোডৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ‘আসাম ব্ৰিলিয়েণ্ট একাডেমী’ৰ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ দুজন পৰীক্ষাৰ্থীক আটক কৰে সৰভোগ আৰক্ষীয়ে।
মঙলবাৰে সৰভোগৰ জুৰোৰাম পাঠক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীয়ে মোবাইল ব্যৱহাৰ কৰিছিল।
সেইবাবে আৰক্ষীয়ে আটক কৰে।

10. অৱশেষত জে’ললৈ প্ৰেৰণ বন্দনা কলিতাক।
আদালতে বন্দনাক প্ৰেৰণ কৰিলে ন্যায়িক জিম্মালৈ।
১৪ দিনৰ আৰক্ষীৰ জিম্মাত আছিল ডাবল মাৰ্ডাৰৰ মূল অভিযুক্ত বন্দনা।
আন দুই অভিযুক্ত অৰূপ ডেকা, ধনটি ডেকাক পুনৰ দুদিনৰ আৰক্ষীৰ জিম্মালৈ।

11. চোৰাংকৈ গৰু সৰবৰাহৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বাহন এৰি পলায়নৰ চেষ্টা চলাওতেই ৰাইজৰ হাতত কৰায়ত্ত হ’ল বাহন চালক।
এই ঘটনা সংঘটিত হৈছে গোলকগঞ্জত।
পিছত গোলকগঞ্জ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত আৰক্ষীক গতাই দিয়ে চালকজনক।
গাড়ীখনৰ পৰা গৰুকেইটা উদ্ধাৰ কৰি আৰক্ষীয়ে নিজৰ জিম্মাত লয়।

12. চিৰাঙৰ বিজনীত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।
জব্দ কৰে ড্ৰাগছভৰ্তি ৬টা কণ্টেইনাৰ, চিৰিঞ্জৰ লগতে এটা মোবাইল।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰী শ্বাহ মহম্মদ আলীক।

13. লখিমপুৰৰ বিহপুৰীয়াত ডকাইতি কাণ্ড।
সুজিত পাল নামৰ এজন ব্যৱসায়ীৰ পৰা ২ লাখ ৫০ হাজাৰ টকা লুটিলে।

14. শোণিতপুৰৰ বালিপৰাৰ পাটগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল এখন ট্ৰাক ।
থিতাতে নিহত হয় মাইলা দৰ্জি নামৰ এজন ব্যক্তি।
ঘটনাস্থলিত আৰক্ষী উপস্থিত হয়।

15. কেৰালাৰ কোঝিকোডৰ পালাঝিস্থিত এটা এপাৰ্টমেন্টৰ ভিতৰত উদ্ধাৰ হয় ২৫ বৰ্ষীয় যুৱতীৰ মৃতদেহ।
নিহত যুৱতীগৰাকীক ৱায়ানাদৰ কনিয়ামপাটাৰ নিৱাসী তথা কোঝিকোডৰ মালাবাৰ মেডিকেল কলেজৰ স্নাতকোত্তৰ ছাত্ৰী থানছিয়া বুলি চিনাক্ত কৰা হৈছে।
ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

16. সোণাপুৰ ৰাজ চক্ৰ বিষষাৰ কাৰ্যালয়ত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে লাট মণ্ডল ৰাজেশ ৰয় আৰু তেওঁৰ ব্যক্তিগত বাহন চালক ৰণ্টু কলিতাক।

17. কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ শিক্ষা বিভাগৰ অধীনত ১৩৩ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীক নিযুক্তি পত্ৰ বিতৰণ।
নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংসদ হৰেণ সিং বে’ই আৰু বহু গণ্য মান্য ব্যক্তিয়ে।

18. ‘স্কুল,কলেজত চিনেমা প্ৰম’শ্যন কৰাতো আগতেও সমৰ্থন কৰা নাছিলো, আগলৈও নকৰো।
শিক্ষানুষ্ঠানত পাঠদান হ’ব লাগে।
শিক্ষানুষ্ঠানক বিজ্ঞাপনৰ এখন ক্ষেত্ৰ বুলি ভাবো বৰ লোকচান হ’ব ল’ৰা-ছোৱালীৰ”- মন্তব্য অভিনেতা ৰবি শৰ্মাৰ।

19. ধুবুৰী জিলাৰ বেলগুৰি অঞ্চলত গংগাধৰ নদীয়ে সৃষ্টি কৰা খহনীয়া প্ৰতিৰোধৰ বাবে অঞ্চলটোত ৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ আৰম্ভ হৈছে।
সেই নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই।
পৰিদৰ্শন কালত উপস্থিত থাকে বিধায়ক আব্দুচ চবাহুন আলী চৰকাৰ, যুৱ কল্যাণ বিভাগৰ সদস্য ৰাতুল শৰ্মা আৰু জলসম্পদ বিভাগৰ অভিযন্তা তথা বিষয়াসকল

20. শিলসাঁকোৰ পিছত দীপৰ বিলত চলিব উচ্ছেদ।
দুদিন ধৰি দীপৰ বিল পৰ্যবেক্ষণ কৰে তিনিজনকৈ মন্ত্ৰীয়ে।
অশোক সিংহালৰ পিছত নাৱত উঠি দীপৰ বিল পৰ্যবেক্ষণ কৰে মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্তমল্ল বৰুৱাই।
শিলসাঁকো আৰু দীপৰ বিল গুৱাহাটীৰ হৃদপিণ্ড।
উচ্ছেদ চলাই দুয়োটা জলাশয় দখলমুক্ত কৰাৰ দৃঢ় সংকল্প চৰকাৰৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *