৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

Rnewsindia24.com Assam March 3/2023:- 

1. ১৬ মাৰ্চত দাখিল হ’ব ৰাজ্যিক বাজেট।
বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব আগন্তুক বৰ্ষৰ বাজেট।
১০ মাৰ্চৰ পৰা আৰম্ভ হ’ব বিধানসভাৰ বাজেট অধিৱেশন।
এই অধিৱেশন ৫ এপিল পৰ্যন্ত চলিব।

2. ৰাজভৱনত অসমৰ উপ-লোকায়ুক্তৰ শপত গ্ৰহণ অনুষ্ঠান।
ৰাজভৱনত উপ-লোকায়ুক্ত ৰূপে শপত ল’লে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মাই।
শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বহু গণ্য মান্য ব্যক্তি।

3. পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী।
ঘোচ লোৱাৰ সময়তে কলিয়াবৰ ৰাজহ চক্ৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ লাট কৰে মণ্ডল প্ৰাঞ্জল বৰাক।
ভূমি বিক্ৰীৰ অনুমতিৰ বাবে প্ৰাঞ্জলে লৈছিল উৎকোচ।
খানাপাৰাৰ সমবায় বিভাগত দুৰ্নীতি নিবাৰকৰ অভিযান।
উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ জ্যেষ্ঠ সহায়ক বিদ্যাধৰ দাস।
পেন্সনৰ ফাইলৰ কাম কৰাৰ বাবদ বিচাৰিছিল উৎকোচ।
গোৱালপাৰাত ঘোচ লোৱা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ মাটিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বজলুল বাছিত সৰকাৰ।

4. চেপন চূণপোৰা পথৰ দিচাং নৈৰ নঙলামৰাত দলঙৰ আধাৰশিলা স্থাপন।
মন্ত্ৰী যোগেন মহন, সুশান্ত বৰগোহাঁইয়ে স্থাপন কৰে আধাৰশিলা।
বিগত বছৰত দলংখন ভাঙি পৰাত স্তব্ধ হৈছিল যাতায়াত।

5. কোনো কাৰণতে বঙাইগাঁৱত জুবিনে কৰিব নোৱাৰিব সংগীতানুষ্ঠান।
পুনৰ আক্ৰাছুৰ এই হুংকাৰ।
অহা ব’হাগ বিহুত বঙাইগগাঁৱত দুটাকৈ স্থানত জুবিনৰ সংগীতানুষ্ঠান থকাৰ খবৰ বিয়পি পৰাৰ পাছতেই স্পষ্টকৈ ঘোষণা কৰিলে আক্ৰাছুৱে।

6. পশ্চিম কাৰ্বি আংলং জিলাৰ হালদিক্ৰং নামৰ স্থানত আজি কপিলী নদীৰ বাওঁ পাৰত হালদিক্ৰংৰ পৰা নমতাৰাডুবিলৈ ১৫ কোটি টকা ব্যয়েৰে নিৰ্মীয়মান ৰিং বান্ধ পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
পৰিদৰ্শনৰ সময়ত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য ড° তুলিৰাম ৰংহাং, বিধায়ক দৰসিং ৰংহাং, বিদ্যাসিং ইংলেং, ৰূপসিং তেৰাং, জলসম্পদ বিভাগৰ কাৰ্য্যবাহী সদস্য ঋতেশ ইংঘী, স্বায়ত্ব শাসিত পৰিষদৰ আন আন কাৰ্যবাহী সদস্য সকল, জলসম্পদ বিভাগ আৰু জিলা প্ৰশাসনৰ বিষয়া সকল।

7. ছিপাঝাৰত সন্ধানহীন HSLCৰ পৰীক্ষাৰ্থী।
ছিপাঝাৰৰ দূৰদুৰীয়া গাঁৱৰ পৰা সন্ধানহীন পৰীক্ষাৰ্থীগৰাকী।
সন্ধানহীন পৰীক্ষাৰ্থীগৰাকীৰ নাম মিৰকাচিম আলী।
মেট্ৰিক পৰীক্ষাৰ পৰা বঞ্চিত ৫গৰাকী পৰীক্ষাৰ্থী।
এডমিট নোপোৱাৰ বাবেই বহিবলৈ নাপালে ছাত্ৰ জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাত।
কামৰূপৰ পছৰীয়া আৰু বংশৰত এই ঘটনা।

8. বিশ্ব ঐতিহ্য হোৱাৰ দিশে চৰাইদেউ।
আৰু এখোজ আগুৱালে আহোম মৈদাম ক্ষেত্ৰই।
স্বীকৃতিৰ বাবে যাৱতীয় অৰ্হতা আছে চৰাইদেউ মৈদামৰ।
আনুষ্ঠানিকভাৱে জনালে ইউনেস্ক’ই।
চৰাইদেউ মৈদাম পৰিদৰ্শনৰ বাবে শীঘ্ৰেই আহিব ইউনেস্ক’ৰ দল।
টুইটযোগে সু-খবৰ ৰাজহুৱা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

9. বৰ্তমান সময়ত অসম সাহিত্য সভা এটা জটিল পৰিস্থিতিৰ মাজেৰে আগবাঢ়িছে।
কেৱল বিতৰ্কৰ বাবেই বিতৰ্ক নকৰি গঠনমূলক পৰামৰ্শ আগবঢ়োৱাৰ আহ্বান সভাপতি ড° সূৰ্য্য হাজৰিকাৰ।
যোৰহাটস্থিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ত উপস্থিত হয় নৱনিৰ্বাচিত সভাপতি ড° সূৰ্য্য হাজৰিকা।

10. বালিপাৰাৰ চেঙেলীমাৰি সংৰক্ষিত বনাঞ্চলত অগ্নিকাণ্ড সংঘটিত হয়।দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ বন বিভাগৰ।
ঘটনাস্থলিত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপণ কৰে জুই।

11. দুলীয়াজানৰ ভাদৈ পাঁচআলিত ভয়ংকৰ ঘটনা।
ভূ-গৰ্ভৰ পৰা অহৰহ গতিত নিৰ্গমন হৈ প্রাকৃতিক গেছ।
বিভিন্ন স্থানলৈ বিয়পি গৈছে জুই।
অগ্নিকাণ্ডক লৈ আতংকিত ভাদৈ বজাৰৰ ব্যৱসায়ী-ৰাইজৰ।

12. কাছাৰৰ কালাইনত বাৰ্মিজ চুপাৰিভৰ্তি ট্রাক জব্দ কৰা হৈছে।
ট্রাকখনৰ পৰা জব্দ কৰে ৫ হাজাৰ কেজি বাৰ্মিজ চুপাৰি।
জব্দকৃত চুপাৰিখিনিৰ বজাৰ মূল্য ২৫ লাখ টকা।

13. বোন্দাত যাতায়াতৰ পথ বন্ধ কৰাক লৈ উত্তেজনা।
ৰে’ল বিভাগে বন্ধ কৰিলে বোন্দা-চপাইদাং পথ।
ঘটনাস্থলীত উপস্থিত হয় ৰে’ল আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ লোক।

14. ডুমডুমাৰ কাকজান দুৱাৰমৰা সংৰক্ষিত বনাঞ্চলত বন্দুক জব্দ কৰা হয়।
বনাঞ্চলখনৰ পৰা জব্দ কৰে দুটা হাতে সজা বন্দুক আৰু ৪টা গছ কটা মেচিন।

15. কৰ্ণাটক বিজেপিৰ নেতা কে মাদাল বীৰু পাকছাপাৰ পুত্ৰ তথা BWSSBৰ মুখ্য গাণনিক বিষয়া প্ৰশান্ত মাদালৰ কাৰ্যালয়ৰ পৰা ১.৭০ কোটি টকা জব্দ।
পানীযোগান ব’ৰ্ডৰ ঠিকা দিয়াৰ নামত লৈছিল ৪০ লাখ টকা উপঢৌকন।
তেনেতে ধৰা পৰিল লোকায়ুক্তৰ হাতত।

16. নিৰ্বাচনী ফলাফলক লৈ মেঘালয়ত উত্তেজনা।
পৰাজিত প্ৰাৰ্থীৰ সমৰ্থকে কৰিলে উদ্ভণ্ডালি।
ভোট গণনা কক্ষলৈ শিলগুটি নিক্ষেপ।
৬খনকৈ বাহনত অগ্নি সংযোগ।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ নিক্ষেপৰ লগতে শূন্যলৈ গুলীচালনা কৰিবলৈও বাধ্য হয় আৰক্ষী।
কেইবাটাও সমষ্টিত জাৰি কৰা হৈছে ১৪৪ ধাৰা।

17. চাবুৱাৰ দিনজয় সত্ৰৰ সমীপত নিশা অগ্নিকাণ্ড।
জুইত সম্পূৰ্ণৰূপে জাহ গ’ল কেশৱ দাস নামৰ লোকজনৰ বাসগৃহ।
ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীৰ দলে নিৰ্বাপিত কৰে জুই।

18. বৰপেটাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেন্নীবাৰীত নিশা পথ দুৰ্ঘটনাত এজন যুৱক নিহত।
বাইকেৰে ঘৰলৈ গৈ থকাৰ আদবাটতে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিলে সাগৰ দাস নামৰ যুৱকজনে।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত যুৱকজনৰ নাম প্ৰশান্ত নাথ।
যুৱকজনক ভৰ্তি কৰোৱা হয় হাস্পতালত।

19. ‘উত্তৰ-পূবৰ ৰাজ্যৰ ফলাফলক লৈ চিন্তিত নহয় কংগ্ৰেছ’।
উত্তৰ-পূবৰ ৩ ৰাজ্যৰ নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেৰ।

20. দুৰ্বৃত্তৰ আক্ৰমণত কামপুৰত ব্যৱসায়ীৰ মৃত্যু।
দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল ব্যৱসায়ী জীৱন মিত্ৰক।
কামপুৰৰ ৰজাগাঁৱত সংঘটিত হৈছে এই ঘটনা।

Leave a Reply

Your email address will not be published. Required fields are marked *