৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ। - R News India 24
Skip to content
Rnewsindia24.com Assam March 5/2023:-
1. সমগ্ৰ শিক্ষা অসম মিছন সঞ্চালকৰ কাৰ্যালয়ত এপ মুকলি ।
মুকলি কৰা হয় ৩ টাকৈ WEB BASED APPLICATION ।
অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বহু গণ্যমান্য ব্যক্তি।
“৩০ এপ্ৰিলত ৰাজ্যত পুনৰ অনুষ্ঠিত হ’ব বিশেষ টেট”।
সংবাদমেলযোগে ঘোষণা কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
“শীঘ্ৰেই ৰাজ্যৰ বিদ্যালয়সমূহত আৰম্ভ হ’ব শিক্ষকৰ বদলিকৰণ প্ৰক্ৰিয়া”।
সংবাদমেলযোগে প্ৰাথমিক শিক্ষক সন্মিলনীলৈ বিশেষ আহ্বান জনালে শিক্ষামন্ত্ৰী গৰাকীয়ে।
2. ‘লোকসভা নিৰ্বাচনত NDA উঃপূৱত পাব ২৫খন আসন।
দ্বিতীয়বাৰৰ বাবে উত্তৰ পূৱত হ’ব NDAৰ চৰকাৰ’।
মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
3. ডিব্ৰুগড়ৰ খহনীয়াস্থলী পৰিদৰ্শন কৰে বিধায়ক প্ৰশান্ত ফুকনে।
শীঘ্ৰেই যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰশান্ত ফুকনৰ।
ইতিমধ্যে খহনীয়াৰ ৰোধৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে প্ৰশাসনে।
ইফালে গৰাখহনীয়া ৰোধৰ স্থায়ী সমাধানৰ দাবী স্থানীয় ৰাইজৰ।
4. ‘AIUDFয়ে আমাক পিছফালৰ পৰা মাৰে BJPয়ে আগফালৰ পৰা মাৰিব।
ৰকিবুল হুছেইনে কৈছে AIUDFৰ সৈতে সম্পৰ্ক কৰাতকৈ DIRECT BJPৰ সৈতে কৰাই ভাল।’
মন্তব্য বিধায়িকা শিবামণি বৰাৰ।
5. কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভা অসমৰ কেন্দ্ৰীয় দ্বি-বাৰ্ষিক অধিবেশন ।
চাবুৱাৰ মৰিছা গাঁৱৰ সুধাকণ্ঠ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত ২৫ মাৰ্চৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’ব অধিবেশনখন।
গায়ন-বায়নেৰে মাংগলিকভাৱে স্থাপন কৰা হয় লাইখুঁটা।
6. ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকেৰে উজ্বলিল দুলীয়াজানৰ দুগৰাকী বৰ্ষীয়ান খেলুৱৈ।
বাৰানসীত অনুষ্ঠিত পঞ্চম ৰাষ্ট্ৰীয় মাষ্টাৰ্চ গেমচ এথলেটিক্চ প্ৰতিযোগিতাত ৯টাকৈ সোণৰ পদক লাভ কৰে।
টেঙাখাত গন্ধিয়া গাঁৱৰ দিলীপ ফুকন আৰু দেবানন বৰুৱা।
7. আজিৰে পৰা বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ খেলুৱৈৰ অনুশীলন।
৫ আৰু ৮ এপ্ৰিলত বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব IPL।
8. জ্যেষ্ঠ ভিডিঅ’ জাৰ্নেলিষ্ট ধনমণি শৰ্মাৰ দেহাৱসান।
দীৰ্ঘদিন দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল শৰ্মা।
আজি এখন ব্যক্তিগত চিকিত্সালয়ত শেষ নিশ্বাস ত্যাগ কৰে।
9. গুৱাহাটীত MSMEৰ প্ৰযুক্তি কেন্দ্ৰসমূহৰ সন্মিলন।
আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ লক্ষ্যৰে ৫-৬ মাৰ্চত দুদিনীয়াকৈ জ্যোতি চিত্ৰবনত এই অনুষ্ঠান।
উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ভানু প্ৰতাপ সিং বাৰ্মা, মন্ত্ৰী বিমল বৰা।
দেশৰ ১৮টা কেন্দ্ৰই অংশ লৈছে সন্মিলনত।
প্ৰদৰ্শন কৰিছে উৎপাদিত বিভিন্ন সামগ্ৰী।
10. হাৰিয়ানাৰ ৰতিয়া অঞ্চলত চাইকেল চলাই গৈ থকা সময়তে তীব্ৰবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় হাৰিয়ানাৰ উপ আৰক্ষী অধীক্ষক চন্দ্ৰপাল।
গুৰুতৰভাৱে আহত আৰক্ষী বিষয়াগৰাকীক লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও নিশা চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।
11. বালিপাৰাত আৰক্ষীৰ বিৰুদ্ধে মহিলাক আক্ৰমণৰ অভিযোগ।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় নিয়তি দাস নামৰ মহিলাগৰাকী।
চাৰিদুৱাৰ আৰক্ষী থানাত সংঘটিত হৈছে এই ঘটনা ।
12. বিলাসীপাৰা অতিৰিক্ত সত্র ন্যায়াধীশৰ ঐতিহাসিক ৰায়দান।
দুই হত্যাকাৰীক যাৱজ্জীৱ কাৰাদণ্ডৰ ৰায়দান ন্যায়ালয়ৰ।
হত্যাকাৰী ছাত্তাৰ আলী,ৰহিমদউদ্দিন তালুকদাৰ যাৱজ্জীৱন কাৰাদণ্ড।
১০ বছৰ পূৰ্বে এক হত্যাকাণ্ড সংঘটিত কৰিছিল দুই হত্যাকাৰীয়ে।
পৰাকল্পিতভাৱে ব্ৰহ্মপুত্ৰত পেলাই দিছিল মৃতদেহ।
13. কেৰালাৰ পাঠানমথিত্তাৰ পেৰিংগাত এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে।
চোতালত খেলি থাকোতেই অতি বিষাক্ত কীটৰ কামোৰৰ পিছত ৪ দিন ধৰি হাস্পতালত চিকিৎসাধীন হৈ থাকি মৃত্যুক সাৱটি ল’লে এটি কণমানিয়ে।
চিকিৎসকে প্ৰকাশ কৰা মতে, যিটো পোকে আমজিতাক কামুৰিছিল, সেয়া অতি বিষাক্ত আছিল।
অৱশ্যে মাখিৰ দৰে পোকটো চিনাক্ত কৰিব পৰা হোৱা নাই।
কিশোৰীগৰাকীৰ এনে মৃ্ত্যুৱে শোকস্তব্ধ কৰি তুলিছে পৰিয়ালৰ লগতে অঞ্চলবাসীক।
14. গোৱালপাৰা জিলাৰ কৃষ্ণাইত গৰুসহ চাৰি চোৰক গ্ৰেপ্তাৰ কৰা হয়।
এখন বিলাসী বাহনত আনিছিল গৰুকেইটা।
নিশা আৰক্ষীৰ অভিযানত আটক কৰে ছকিবৰ ইছলাম, মনিৰুল ইছলাম, ছফিকুল ইছলাম, ৰাজিউল ইছলামক।
15. অবৈধ তীৰ খেলৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান।
হাতীগাঁৱত নগদ ধনসহ ৩জনক গ্ৰেপ্তাৰ কৰে।
নগদ ৫১২০ টকা , ৩টা মোবাইল ফোন আৰু বহু নথি-পত্ৰ জব্দ কৰিছে আৰক্ষীয়ে।
16. যোৰাবাট আৰক্ষীৰ জালত চাৰিজনীয়া ডকাইতৰ দল।
মহানগৰীৰ ভিন্ন স্থানৰ পৰা আটক কৰে ডকাইতৰ দলটোক।
বাৰমাইলৰ এজন লোকৰ অভিযোগৰ ভিত্তিত আটক।
ধৃত সোণাপুৰৰ গৌতম মেধি, বশিষ্ঠৰ অশোক সাহ ওৰফে বিকি আৰু নলবাৰীৰ প্ৰণৱ ডেকা আৰু কৰণ চকোৱাক।
17. গুৱাহাটীত আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড।
হাতুৰীৰে মৰিয়াই মৰিয়াই এগৰাকী মহিলাক হত্যা।
স্বামী নুৰুল ইছলামৰ হাতুৰীৰ প্ৰহাৰত মৃত্যু হয় সুফিয়া খাতুনৰ।
শনিবাৰে নিশা সংঘটিত হৈছে এই লোমহৰ্ষক কাণ্ড।
মহানগৰীৰ ধীৰেণপাৰাত দীৰ্ঘদিন ধৰি আছিল দম্পতীটো।
18. GMCHত শিশু বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ।
শিশুৰ অভিভাৱকৰ পৰা বিচাৰিছিল ৫০০ টকা।
শিশু তদাৰকৰ দায়িত্বত থকা কৰ্মচাৰীৰ বিৰুদ্ধে এই অভিযোগ।
মহিলাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিছে GMCH ৰ কতৃপক্ষই।
19. দেশত নতুন ভাইৰাছৰ সংক্ৰমণ।
H3N2 ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাত উদ্বিগ্ন ICMR .
বিভিন্ন স্থানত ইনফ্লুৱেঞ্জাসদৃশ ৰোগ, কাহত আক্ৰান্ত হৈছে বহু লোক।
আক্ৰান্ত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
20. ওদালগুৰিৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত মণিকূট উন্মোচন আৰু বিষ্ণুযজ্ঞ।
চাৰিদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে আয়োজিত হৈছে এই উৎসৱ।
উলিওৱা হয় ভাগৱত ভ্ৰমন আৰু সাংস্কৃতিক শোভাযাত্ৰা।
Mising Autonomous Council.