৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Rnewsindia24.com Assam May 1/2023:-
1. আনুষ্ঠানিকভাৱে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পালে ব্ৰেইল হেমকোষে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ BKB হলত গীনিজ কৰ্তৃপক্ষই প্ৰদান কৰে বিশ্ব অভিলেখৰ প্ৰমাণ-পত্ৰ।
অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু বহু গণ্যমান্য ব্যক্তি।
2.গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটীৰ মাজৰ প্ৰথমখন FLYBIGৰ বিমান সেৱা শুভাৰম্ভ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
অহা ১৫ মে’ৰ পৰা গুৱাহাটী-শিলচৰ-গুৱাহাটীৰ মাজত আৰম্ভ হ’ব ফ্লাইবিগৰ বিমান সেৱা।
3. ‘মোৰ এনেকুৱা লাগে কংগ্ৰেছে আমাৰ একো কৰিব নোৱাৰে৷
আগন্তুক ১০০বছৰলৈ কংগ্ৰেছৰ চৰকাৰ নহয়’৷
কৰ্ণাটকৰ Tumakuruত সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
4. জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছনক লৈ গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰীৰ পৰ্যালোচনা বৈঠক।
বৈঠকত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট, মন্ত্ৰী পীযুষ হাজৰিকাই।
বৈঠকৰ অন্তত সংবাদমেল সম্বোধন মন্ত্ৰীগৰাকীৰ।
আৰ্চেনিক আৰু ফ্ল’ৰাইডৰ সমস্যা দূৰ কৰিবলৈ Community Water Supplyৰ কাম আৰম্ভ কৰিছে কেন্দ্ৰই।
এই কথা প্ৰকাশ কৰে গজেন্দ্ৰ সিং শ্বেখাৱটে।
5. আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি দেৱ মহন্তক Guwahati Utilities Company Limitedৰ পৰিচালন সঞ্চালকৰূপে নিযুক্তি।
আৰক্ষী অধীক্ষকৰ সমান্তৰালকৈGUCLৰ পৰিচালন সঞ্চালকৰূপেও দায়িত্ব পালন কৰিব মুগ্ধজ্যোতি দেৱ মহন্তই।
ৰাজ্য চৰকাৰৰ গৃহ বিভাগে প্ৰদান কৰিছে এই নিযুক্তি।
6. হঠাৎ অসুস্থ হয় কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডী।
বুকুৰ বিষত আক্ৰান্ত ৰেড্ডীক নিশাই AIIMSৰ কাৰ্ডিয়াক কেয়াৰ ইউনিটত ভৰ্তি কৰোৱা হয়।
দেওবাৰে মোদীৰ ‘মন কী বাত’ অনুষ্ঠানত অংশ লৈছিল ৰেড্ডীয়ে।
‘মন কী বাত’ৰ শততম খণ্ড উপলক্ষে ভাষণো দিছিল ৰেড্ডীয়ে।
সম্প্ৰতি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ স্বাস্থ্য সুস্থিৰ বুলি জনাইছে চিকিৎসালয় কৰ্তৃপক্ষই।
7. হাওৰাঘাটৰ প্ৰাক্তন বিধায়ক জয়ৰাম ইংলেঙৰ বিজেপি ত্যাগ।
ৰাজ্যিক বিজেপিৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ইংলেঙে।
8. ডিব্ৰুগড়ৰ হাতীমূৰা বিহু সন্মিলন।
উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
বিহু অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
9. Oil Indian Limitedৰ দুলীয়াজানস্থিত মুখ্য কাৰ্যালয়ত আজি অনুষ্ঠিত কৰা হয় SAKSHAM 2023 Cyclothon ৷
অনুষ্ঠানত উপস্থিত থাকে ৰামেশ্বৰ তেলী,তেৰচ গোৱালা, প্ৰশান্ত বৰকাকতি।
10. বিৱাহৰ অভ্যৰ্থনা অনুষ্ঠানত অঘটন।
উতলি থকা Rasamৰ পাত্ৰত পৰি মৃত্যু হয় এজন যুৱক।
তামিলনাডুৰ এখন বিৱাহ অনুষ্ঠানত কেটাৰিঙৰ দায়িত্বত আছিল যুৱকজন।
তামিলনাডুৰ তিৰুভল্লুৰত সংঘটিত হৈছে এই ঘটনা।
11. ৰাজ্য চৰকাৰৰ ‘গৃহপ্ৰৱেশ’ অনুষ্ঠানৰ বৰ্ণাঢ্য প্ৰস্তুতি।
মে’ মাহত অনুষ্ঠিত হ’ব PMAY আঁচনিৰ অধীনৰ ২ লাখ গৃহৰ ‘গৃহপ্ৰৱেশ’ অনুষ্ঠান।
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ নিৰ্মাণ সম্পূৰ্ণ গৃহৰ একেলগে অনুষ্ঠিত হ’ব ‘গৃহপ্ৰৱেশ’ অনুষ্ঠান।
12. ভাৰতত পুনৰ নিষিদ্ধ হ’ল পাকিস্তানী ম’বাইল এপ।
১৪ টাকৈ মেছেঞ্জাৰ বন্ধৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ।
সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ ৰোধৰ বাবে এই পদক্ষেপ।
চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত বন্ধ কৰা হ’ল এপকেইটা।
এই এপৰ তালিকাত আছে BCHAT নামৰ এপটো।
13. হোজাইৰ পুৰণা বজাৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড।
ৰেষ্টুৰেন্ট, গেৰেজকে ধৰি কেইবাখনো বিপণিত অগ্নিকাণ্ড সংঘটিত হয়।
জুইত ভস্মীভূত হয় কেইবা লক্ষ টকাৰ সামগ্ৰী।
14. হ্ৰাস পালে বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম।
প্ৰতিটো ১৯ কেজিৰ চিলিণ্ডাৰত ১৭১.৫০ টকাকৈ হ্ৰাস।
আজিৰ পৰা কাৰ্যকৰী হ’ব বাণিজ্যিক চিলিণ্ডাৰৰ এই নতুন নিৰিখ।
15. ৰঙিয়াৰ তুলসীবাৰীৰ জয়ন্তীপুৰত অঘটন।
বৰলীয়া নৈত গা ধুবলৈ গৈ সন্ধানহীন এটি ৫ বছৰীয়া শিশু।
মাতৃৰ সৈতে নৈত গা ধুবলৈ গৈছিল মুস্তাকিন আলী ।
শিশুটিক বিচাৰি অভিযান অব্যাহত SDRF-NDRFৰ।

