৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam May 14/2023:- 

1. “মে’ মাহৰ শেষৰ ফালে ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল”
“১৬ মে’ত ঘোষণা কৰা হ’ব স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল।
২৬ মে’ত খানাপাৰাত প্ৰদান কৰা হ’ব নিযুক্তি পত্ৰ”।
– ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

2. অসম আৰক্ষীৰ জালত পৰিছে মেঘালয়ৰ DTO।
মেঘালয়ৰ উলিয়াম নগৰৰ DTO জেনিকেলি মমিনক আটক কৰা হয়।
যান বাহনৰ ভূৱা নথি পত্ৰ তৈয়াৰৰ অভিযোগত গোৱালপাৰাৰ অগিয়া থানাৰ আৰক্ষীয়ে আটক কৰে বিষয়াগৰাকীক।

3. কর্ণাটকৰ দৰে অসমতো একেই দশা হ’ব বিজেপিৰ।
কাৰণ, কর্ণাটকৰ দৰেই বিজেপিয়ে অসমৰ ৰাইজক কৰি আছে প্রবঞ্চনা।
গতিকে ৰাইজে সময়ত সিদ্ধান্ত লৈ বন্ধ কৰিব অসমত বিজেপিৰ দোকান।
সংবাদমেলযোগে ঘোষণা কৰে অসম প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই।

4. ঐতিহ্যমণ্ডিত ঢকুৱাখনাৰ ফাটবিহুৰ আজি অন্তিম দিন।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বহু গণ্যমান্য ব্যক্তি।

5. অসম, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰামত প্ৰৱল বৰষুণৰ আগজাননী।
ঘূৰ্ণী বতাহ মোকাৰ প্ৰভাৱত বৰষুণৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ।

6. “ঘৃৰ্ণা আৰু হিংসাৰ পৰা মুক্তি পালে কৰ্ণাটকে।
ধন্যবাদ কৰ্ণাটক, ধন্যবাদ কংগ্ৰেছ”- মন্তব্য অখিল গগৈৰ।

7. কৰ্ণাটকৰ ডিজিপি প্ৰবীণ সুদক চিবি আইৰ সঞ্চালক ৰূপে নিযুক্তি প্ৰদান কৰা হয়।

8. ‘দেৱব্ৰত শইকীয়া-ভূপেন বৰা AIUDFৰ অভিভাৱক নহয়।
AICCৰ লগত কথা পতা নাই আৰু নাপাতো।
পৰিৱৰ্তিত পৰিস্থিতিত AICCৰে আলোচনা কৰিম বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত।’
বিৰোধী ঐক্যক লৈ আয়োজন কৰা সংবাদমেলত এই মন্তব্য কৰিমুদ্দিন বৰভূঞাৰ।

9. হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ অনুৰাগীয়ে ঊলেৰে গুঠি উলিয়ালে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ।
অভয়াপুৰীৰ ছাত্ৰী জিমি দেৱীয়ে প্ৰস্তুত কৰিছে সেই বিশেষ প্ৰতিচ্ছবিখন ।

10. মানকাচৰৰ সুখচৰৰ বৰবালুত ভয়ংকৰ অগ্নিকাণ্ড।
বৰবালু গাঁৱৰ কায়ম শ্বেখৰ ঘৰত এই অগ্নিকাণ্ড সংঘটিত হৈছে।
জুইত জাহ গ’ল শ্বেখৰৰ চাৰিটাকৈ বাসগৃহ।
লগতে ক্ষতিগ্ৰস্ত হয় বহু সা সম্পত্তি।

11. বিহালীত অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ৩ যুৱতী।
মৃত্যুমুখত পৰিল একোটা পৰিয়ালৰ ৩ গৰাকী যুৱতী।
দেহত মাজু আই সদৃশ ফোহা আৰু গাৰ বিষ হৈ মৃত্যু হয় যুৱতী গৰাকী।
৩ যুৱতীৰ মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

12. বহিঃৰাজ্যত হত্যা অসমৰ যুৱকক৷
ঘৰলৈ ৰে’লেৰে আহি থকাৰ সময়তে গহপুৰৰ বাবুল বৰাক হত্যা কৰে দুৰ্বৃত্তই।
ৰে’লত শ্ৰীৰামপুৰ ষ্টেচনত দুৰ্বৃত্তই হত্যা কৰিছিল এজন যাত্ৰীক৷
সেই ঘটনাৰ প্ৰত্যক্ষদৰ্শী আছিল গহপুৰৰ বাবুল বৰা৷
বাবুল বৰাকো হত্যাৰ বাবে খেদি আহিছিল দুৰ্বৃত্তৰ দলটোৱে৷
ফোনযোগে সমগ্ৰ ঘটনা পত্নীক জনাইছিল বাবুল বৰাই৷

13. গোলাঘাটত দুখনকৈ বাৰ্মিজ চুপাৰিভৰ্তি মিনি ট্ৰাক জব্দ কৰা হৈছে।
ফৰকাটিং আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৩২ কুইণ্টল বাৰ্মিজ চুপাৰি।
ট্ৰাক দুখনৰ ৩ ড্ৰাইভাৰ-হেণ্ডিমেনক সোধা-পোছাৰ বাবে আটক কৰে।
নাগালেণ্ডৰ ৱাখা জিলাৰ পৰা গোলাঘাট অভিমুখী আছিল ট্ৰাক দুখন।

14. গুজৰাটত শোকাৱহ ঘটনা।
বটাড জিলাৰ কৃষ্ণ সাগৰ হ্ৰদত ডুব গৈ ৫টা শিশুৰ মৃত্যু হয় ।
প্ৰথমে হ্ৰদটোত সাঁতুৰি আছিল দুটা শিশুৱে।
সাঁতুৰি থাকোতে ডুব যাবলৈ ধৰাত উদ্ধাৰৰ বাবে পানীত জঁপিয়াই হ্ৰদটোৰ পাৰত থকা আন তিনিটা শিশুৱে।
ঘটনাটোত মৃত্যু হয় আটাইকেইজনৰ।

15. সৰুপথাৰৰ নাওজানত ভয়ংকৰ হত্যাকাণ্ড।
পুত্ৰৰ তৰোৱালৰ আক্ৰমণত প্ৰাণ গ’ল পিতৃৰ।
নাওজান জনতা পথাৰত সংঘটিত হয় এই হত্যাকাণ্ড।
হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে পাষাণ পুত্ৰ নাৰায়ণ বৰুৱাই।

16. হাইলাকান্দিত কাটলিছেড়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
অভিযানত জব্দ কৰে ২০ হাজাৰ য়াবা টেবলেট ।
জব্দকৃত টেবলেটখিনিৰ বজাৰ মূল্য ১ কোটি টকা।
গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰীটোক।

17. অৰুণাচলৰ ৰূপাত ভয়ংকৰ ঘটনা।
ৰাজপথতে দপদপাই জ্বলি উঠিল যাত্ৰীবাহী ট্ৰেভেলাৰ।
জুইত সম্পূৰ্ণৰূপে ভস্মীভূত বাহনখন।
ঘটনাত এই পৰ্যন্ত কোনো লোক হতাহত হোৱা নাই।

18. কাইলৈ দাখিল কৰিব গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ চাৰ্জশ্বীট।
বন্দনা কলিতা কাণ্ডৰ চাৰ্জশ্বীট সাজু কৰিছে নুনমাটি আৰক্ষীয়ে।
প্ৰায় ১,৬০০ পৃষ্ঠাজোৰা চাৰ্জশ্বীট প্ৰস্তুত আৰক্ষীৰ।
স্বামী-শাহুৱেকক নৃশংসভাৱে হত্যা কৰিছিল বন্দনাই।

19. গোলকগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড ।
২০০৭ নং ঝাকুৱাবাৰী ধনেউল্লা এল পি স্কুলত সংঘটিত হয় অগ্নিকাণ্ড।
অগ্নিনিৰ্বাপক বাহিনীৰ দলে নিৰ্বাপন কৰে জুই।

20. ডুমডুমা আৰক্ষী থানাৰ সন্মুখত শতাধিক মহিলাৰ ড্ৰাগছ বিৰোধী প্ৰতিবাদ।
ড্ৰাগছ বিক্ৰেতাসকলৰ ওপৰত প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক মহিলাই।

Leave a Reply

Your email address will not be published. Required fields are marked *