৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - R News India 24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam May 27/2023:-
1. আজি কটন বিশ্ববিদ্যালয়ে গৌৰৱোজ্জ্বল ১২৩টা বৰ্ষ অতিক্ৰম কৰিলে।
বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰতিষ্ঠা দিৱস পালন কৰে।
অনুষ্ঠানত কৃতী ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকাক সম্বৰ্ধনা জনোৱা হয়।
অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া আৰু বহু গণ্যমান্য ব্যক্তিয়ে।
2. ছেকেন্দ্ৰাবাদত যোগ দিৱসৰ আয়োজন কৰে।
যোগ দিৱসত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বহু গণ্যমান্য ব্যক্তিয়ে।
3. “ৰাজ্যত নতুনকৈ স্থাপন হ’ব ৫ খনকৈ সৈনিক বিদ্যালয়”।
“মুক্ত শিক্ষাৰ জৰিয়তেও লাভ কৰিব পাৰিব বি এড ডিগ্ৰী।
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়তো উপলব্ধ হ’ব এই পাঠ্যক্ৰম”- ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।
4. ছয়গাঁও মিনি ষ্টেডিয়ামত মহিলাৰ ভলীবল প্ৰতিযোগিতা।
প্ৰতিযোগিতাখনত ৮টা দলে অংশগ্ৰহণ কৰে।
প্ৰতিযোগিতাখনি শুভাৰম্ভ কৰে সাংসদ কুইন ওজাই শুভাৰম্ভ কৰে।
উপস্থিত থাকে বিধায়ক হেমাংগ ঠাকুৰীয়া, বহু গণ্যমান্য ব্যক্তিয়ে।
5. উত্তৰ-পূৰ্বাঞ্চলৰ লোকসেৱা আয়োগসমূহৰ অধ্যক্ষসকলৰ সন্মিলন সম্পন্ন।
মণিপুৰ, নাগালেণ্ড, ছিকিম লোকসেৱা আয়োগৰ অধ্যক্ষসকলৰ লগতে APSCৰ সদস্যসকল উপস্থিত থাকে সন্মিলনত।
APSC নিযুক্তি পৰীক্ষাৰ পদ্ধতি সম্পৰ্কে আলোচনা কৰাৰ লগতে প্ৰশ্নকাকত প্ৰস্তুতকৰণ, ম’ডাৰেচন, মূল্যায়ন, পৰীক্ষা অনুষ্ঠিত কৰাৰ পদ্ধতি আৰু আইনী বিষয় সন্দৰ্ভত আলোচনাত মিলিত হয়।
6. অসমৰ ২৮খন জিলাৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হ’ল AFSPA ৷
টুইটযোগে এই কথা জনালে জি পি সিঙে৷
7. এতিয়াৰে পৰা ইচ্ছানুসৰি কৰ্তন কৰিব নোৱাৰিব বিদ্যুৎ।
বিদ্যুৎ কৰ্তনৰ পূৰ্বে জাৰি কৰিব লাগিব জাননী।
জাননী জাৰি কৰাৰ পাছতো ন্যূনতম সময় দিব লাগিব ৭৫ ঘণ্টা।
স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।
কঠোৰ নিৰ্দেশ বিদ্যুৎ নিয়ামক আয়োগৰ।
8. শিলচৰ-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন৷
ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে মেঘালয়ৰ সোণাপুৰৰ পথ৷
ব্যাহত হয় ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত৷
পথৰ দুয়োপাৰে আবদ্ধ হয় পৰিছে সহস্ৰাধিক বাহন৷
9. কাৰ্বি আংলঙৰ কাক’চাং জলপ্ৰপাতত অঘটন৷
জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ সলিল সমাধি দৰং কলেজৰ ছাত্ৰ জান্তি বণিয়াৰ।
দুই বন্ধুৰ সৈতে জলপ্ৰপাতটোলৈ আহিছিল জান্তি৷
বৰ্তমানেও যুৱকজনক উদ্ধাৰৰ চেষ্টা SDRF বাহিনীৰ৷
10. ডিমৌত ভয়ংকৰ ঘটনা৷
স্বামীৰ উপৰ্যুপৰি আক্ৰমণত পত্নীৰ মৃত্যু হয়।
ডিমৌ থানাৰ অন্তৰ্গত পালেঙ্গীৰ ১০ নম্বৰ লাইনত সংঘটিত হয় এই ঘটনা৷
ৰাইজে আবদ্ধ কৰি ৰাখে হত্যাকাৰী কামাণ্ডো গোৱালাক৷
11. নিশা মহানগৰীৰ খানাপাৰাত ভয়ংকৰ অগ্নিকাণ্ড৷
অসম-মেঘালয় সীমান্তৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিকাণ্ড সংঘটিত হয়।
অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এখন গেলামালৰ দোকান৷
দুখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ দ্বাৰা জুই নিৰ্বাপণ কৰে।
12. হায়দৰাবাদৰ হায়াতনগৰত ভয়ংকৰ ঘটনা৷
পাৰ্কিঙত শুই থকা অৱস্থাত এটি তিনি বছৰীয়া শিশুৰ গাৰ ওপৰেৰে পাৰ হয় এখন চাৰিচকীয়া বাহন৷
বাহনৰ খুন্দাত নিহত হয় শিশুটি৷
হায়াতনগৰৰ শিক্ষক কলনীৰ এটা এপাৰ্টমেণ্টত সংঘটিত হয় এই ঘটনা৷
দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য CCTV কেমেৰাত বন্দী ৰৈ ৰয় CCTV .
13. আজি দৰঙৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা-বৰষুণ৷
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে প্ৰকাণ্ড গছ৷
ধুমুহাত ভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন হয়।
14. হাজোত লাটমণ্ডলৰ এটা দালালক গ্ৰেপ্তাৰ কৰে।
দালালটোৰ নাম ধৰণী দাস৷
লাট মণ্ডল উৎপল কেম্প্ৰাইৰ হৈ দালালি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয়।
15. জোনমণি ৰাভাৰ বাহনত খুন্দিওৱা ট্ৰাক চালক সুমিত কুমাৰৰ জামিন লাভ কৰে।
ভাৰতীয় দণ্ডবিধিৰ ২৭৯/৪২৭/৩০৪ ধাৰাত ৰুজু কৰা হৈছিল গোচৰ৷
জখলাবন্ধা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল সুমিত কুমাৰে৷
আত্মসমৰ্পণৰ পাছতে গ্ৰেপ্তাৰ কৰিছিল ট্ৰাক চালক সুমিত কুমাৰক৷
জামিন লাভৰ পাছতে উত্তৰ প্ৰদেশৰ বাসগৃহত উপস্থিত সুমিত কুমাৰ৷
16. চৰাইদেউৰ সাপেখাতীত অঘটন৷
বিষাক্ত কাঠফুলা খাই অসুস্থ হয় ৪জন৷
আটাইকেইজনকে ডিব্ৰুগড়ৰ AMCHলৈ প্ৰেৰণ কৰা হৈছে।
17. সোণাপুৰৰ কুশল নগৰত আছে আইচক্ৰীম প্ৰস্তুত কৰা কাৰখানা।
ৰ’ল এণ্ড নাট নামৰ কাৰখানাটোৰ স্বতাধিকাৰ যতীন শইকীয়া ।
অনুজ্ঞাপত্ৰ অবিহনে লেতেৰা কুঁৱাৰ পানীৰে প্ৰস্তুত কৰে আইচক্ৰীম ।
খবৰ পাই কাৰখানাত অভিযান চলালে সোণাপুৰ ৰাজহ চক্ৰ বিষয়াই।
18. লখিমপুৰৰ পিছত হোজাই ডবকাত নকল সোণৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।
ডবকাত সোণৰ মূৰ্তিসহ আটক কৰে তিনিজনক।
আৰক্ষীয়ে জব্দ কৰে ১ কেজি ৬৬০ গ্ৰাম ওজনৰ যীশুখ্ৰীষ্টৰ মূৰ্তি।
19. দক্ষিণ কামৰূপৰ কালাতলীৰ নতুন কাঠমী বজাৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডটোত তিনিখনকৈ দোকান সম্পূৰ্ণৰূপে ভষ্মীভূত হয়।
বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হয়।
20. অন্ধ্ৰপ্ৰদেশৰ গোদাবাৰীত উদ্ধাৰ কৰা হৈছে অসমৰ যুৱকৰ মৃতদেহ।
উদ্ধাৰ হোৱা মৃতদেহটো বিশ্বনাথৰ মোনাবাৰীৰ নিৱাসী কুমাৰ লামাৰ।
অন্ধ্ৰ প্ৰদেশৰ এখন হোটেলত কৰ্মৰত আছিল কুমাৰ লামা।
শৰীৰত আঘাতৰ চিন স্পষ্ট থকাত হত্যাৰ কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।