৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com Assam Oct 7/2023:- 

১/ মাজুলীৰ ‘অমৃত কলহ যাত্ৰা’ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, সাংসদ প্ৰদান বৰুৱা, তপন কুমাৰ গগৈ, বিধায়ক ভূৱন গাম, নৱ কুমাৰ দলে আৰু বহু গণ্য মান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজে।

২/ চেন্নাই আৰু বাংগালুৰুস্থিত ITI পৰিদৰ্শন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।
টাটা ইণ্ডাষ্ট্ৰীজৰ সহযোগত অসম চৰকাৰে ৰাজ্যৰ ITI প্ৰতিষ্ঠানসমূহক উন্নত ঔদ্যোগিক প্ৰযুক্তি কেন্দ্ৰলৈ ৰূপান্তৰিত কৰি গুণগত প্ৰযুক্তিৰ প্ৰশিক্ষণ প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে।

৩/ “শীঘ্ৰে প্ৰকাশ পাব শিক্ষা বিভাগৰ ১৩ হাজাৰ পদৰ বিজ্ঞাপন।
ৰাজ্যত আগন্তুক দুবছৰলৈ অনুষ্ঠিত নহয় TET”।
ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।

৪/ গোলাঘাট জিলা বিজেপি কাৰ্যালয়ত কাৰ্যকৰ্তা সকলৰ সৈতে মত-বিনিময় কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।
লগতে উপস্থিত থাকে মন্ত্ৰী যোগেন মহন, বিধায়ক বিশ্বজিত ফুকন আৰু বহুকেইগৰাকী দলীয় কাৰ্যকৰ্তা।

৫/ ধেমাজি মহাবিদ্যালয়ত দুদিনীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় টেবুল টেনিচ প্ৰতিযোগিতা।
আজি অনুষ্ঠিত হোৱা খেলখনৰ শুভ উদ্বোধন কৰে সাংসদ প্ৰদান বৰুৱাই।

৬/ টাই আহোম যুৱ পৰিষদ অসম (টাইপা)ৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত গোলাঘাটৰ সমন্বয় ক্ষেত্রত সপ্তম কেন্দ্রীয় অধিৱেশন আৰু টাই আহোম সমাৰোহ।
মুকলি সভাত উপস্থিত থাকে মন্ত্ৰী পীয়ুষ হাজৰিকা, মন্ত্ৰী অতুল বৰা , যোগেন মহন, সাংসদ গৌৰৱ গগৈ, বিধায়ক বিশ্বজিত ফুকন আৰু বহু গণ্যমান্য ব্যক্তি।

৭/ সৰুপথাৰত নিৰ্মাণ হোৱা ড° বি আৰ আম্বেদকাৰ ভৱনৰ শুভ উদ্বোধন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।
অনুষ্ঠানৰ উপস্থিত থাকে বিধায়ক বিশ্বজিত ফুকন , যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱা আৰু বহু গণ্যমান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজ।

৮/ নতুন দিল্লীৰ সুষমা স্বৰাজ ভৱনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতাত ৫২সংখ্যক ‘সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ বৈঠক।
বৈঠকত উপস্থিত থাকে অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওঁগ, বিত্ত বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পংকজ চৌধাৰী, বিভিন্ন ৰাজ্যৰ বিত্তমন্ত্ৰী সকলৰ উপৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া সকল ।

৯/ কানাডাত ভয়ংকৰ বিমান দুৰ্ঘটনা৷
দুৰ্ঘটনাত প্ৰশিক্ষণৰত দুই ভাৰতীয় পাইলটৰ মৃত্যু হয়।

১০/ অসম আৰক্ষীক গৌৰৱান্বিত কৰিলে IPS বিষয়া শংকৰব্ৰত ৰায়মেধিয়ে৷
বিশেষ সন্ত্ৰাসবিৰোধী অভিযানৰ বাবে লাভ কৰে গৃহমন্ত্ৰীৰ পদক৷
ISISৰ বিৰুদ্ধে অভিযানত নেতৃত্ব দিছিল শংকৰব্ৰত ৰায়মেধিয়ে৷
দিল্লীৰ NIAৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত হৈ আছে শংকৰব্ৰত ৰায়মেধি৷
দিল্লীত অনুষ্ঠিত সন্ত্ৰাসবিৰোধী সন্মিলনত শংকৰব্ৰত ৰায়মেধিক এই পদক প্ৰদান কৰে।

১১/ মাজুলীৰ শ্ৰীৰাম চাপৰিত ৫০খন বিছনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
অনুষ্ঠানত লগতে উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত, সাংসদদ্বয় তপন কুমাৰ গগৈ, প্ৰদান বৰুৱা, বিধায়কদ্বয় ভুৱন গাম, নৱ কুমাৰ দলে, জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল, আৰু বহু গণ্যমান্য ব্যক্তি।

১২/ লখিমপুৰৰ লালুকত দুৰ্ঘটনাত পতিত হয় মন্ত্ৰী সঞ্জয় কিষাণ।
বিশ্বজিৎ বিশ্বাস নামৰ এজন দশম শ্ৰেণীৰ ছাত্ৰক খুন্দা মাৰে।

১৩/ স্বাধীনতা আন্দোলনৰ যুঁজাৰু প্ৰীতিলতা বৰুৱাৰ দেহাৱসান।
১০৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰীতিলতা বৰুৱাই।
১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন আৰু অসম আন্দোলনত অংশ গ্ৰহণ কৰিছিল।
কনকলতাৰ সৈতে গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ গৈছিল প্ৰীতিলতা বৰুৱা।

১৪/ সোণাপুৰৰ আমতলাবস্তিত আৰক্ষীৰ অভিযান৷
অভিযানত আটক কৰে মহিলাসহ ৬ ড্ৰাগছ ব্যৱসায়ী৷
অভিযানত জব্দ কৰে ৩০টা নিষিদ্ধ হেৰ’ইনভৰ্তি, ৯টা খালী কণ্টেইনাৰ, ৫টা মোবাইলসহ নগদ ৪,৭০০ টকা।
জব্দকৃত ড্ৰাগছখিনিৰ ওজন ৮৭.৪ গ্ৰাম৷

১৫/ কাছাৰত বিভিন্ন স্থানত BSF-আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে ৪৩ হাজাৰ য়াবা টেবলেট।নিচাজাতীয় টেবলেটসহ ৫ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।

১৬/ শিলচৰৰ দুটাকৈ স্থানত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান৷
দুটাকৈ স্থানত পৃথকে পৃথকে অভিযান চলাই জব্দ ৪৩ হাজাৰ য়াবা টেবলেট৷
আৰক্ষীয়ে আটক কৰে ৫ ড্ৰাগছ সৰবৰাহকাৰীক৷

১৭/ ইজৰাইলত পুনৰ পেলেষ্টাইনৰ হামাছৰ আক্ৰমণ।
আক্ৰমণত নিহত হয় কমেও ২২জন লোক, আহত হয় ৫৪৫ জনৰো অধিক।

১৮/ ডিফু ৰে’ল ষ্টেচনত বাৰ্মিজ চুপাৰি জব্দ।
যাত্রীবাহী ৰে’লৰ পৰা জব্দ কৰে ১০ বস্তা বাৰ্মিজ চুপাৰি।
তিনিচুকীয়া-লামডিং যাত্রীবাহী ৰে’লৰ পৰা জব্দ কৰে চুপাৰিখিনি।

১৯/ পেঙেৰী ইনথেম মুংগং গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড।
জুইত জাহ যায় প্রায় ২০ লাখ টকাৰ সা-সম্পত্তি।

২০/ তিনিচুকীয়া জনজাতিকৰণৰ দাবীত উত্তাল প্ৰতিবাদ।
৬টাকৈ জাতীয় সংগঠনৰ নেতৃত্বত মৰাণ জনগোষ্ঠীয়ে সাব্যস্ত কৰে প্ৰতিবাদ।

Sangita Dutta

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *