Mising Autonomous Council
Rnewsindia24.com Assam December 12/2023:-
১/ ভজন লাল শৰ্মা হ’ব ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী ।
ছাংগানেৰ সমষ্টিৰ বিধায়ক ভজন লাল শৰ্মা।
ৰাজস্থান বিজেপিৰ সাধাৰণ সম্পাদক আছিল শৰ্মা।
জয়পুৰত অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত চূড়ান্ত মুখ্যমন্ত্ৰীৰ নাম।
দিয়া কুমাৰী আৰু প্ৰেম ছন্দ বৈৰৱা হ’ব উপ-মুখ্যমন্ত্ৰী।
কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে ঘোষণা কৰে উপ-মুখ্যমন্ত্ৰীৰ নাম।
বাসুদেৱ দেৱনানী হ’ব ৰাজস্থান বিধানসভাৰ অধ্যক্ষ।
২/ মোহন যাদৱক সাক্ষাৎ কৰে মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা কমল নাথে।
৩/ CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সূচী ঘোষণা৷
১৫ ফেব্ৰুৱাৰীৰ পৰা ১৩ মাৰ্চলৈ দশম শ্ৰেণীৰ পৰীক্ষা আৰু ১৫ ফেব্ৰুৱাৰীৰ পৰা ২ এপ্ৰিললৈ দ্বাদশ শ্ৰেণীৰ অনুষ্ঠিত হ’ব পৰীক্ষা।
৪/ ‘নিজৰ বাবে কিবা বিচাৰি যোৱাতকৈ মোৰ বাবে মৃত্যুয়েই শ্ৰেয়’- শিৱৰাজ সিং চৌহানৰ মন্তব্য।
৫/ বৰ্তমানলৈকে অসমৰ ১৭,৮৬১ গৰাকী অবৈধ অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদান কৰা হৈছে৷
উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত এই তথ্য প্ৰকাশ কেন্দ্ৰৰ৷
৬/ সংকটজনক অৱস্থাত অভিনেতা জয়ন্ত দাসৰ স্বাস্থ্য ৷
এপল’ হাস্পতালত চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকী৷
অভিনেতাগৰাকীৰ স্বাস্থ্য বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
৭/ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ভাতৃ, সু-লেখক প্ৰবীণ হাজৰিকাৰ দেহাৱসান।
ইংলেণ্ডৰ লেইচটাৰ নিবাসী আছিল প্ৰবীণ হাজৰিকা।
৮/ ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা৷
৮ জানুৱাৰীত অনুষ্ঠিত হ’ব DACৰ নিৰ্বাচন।
১২ জানুৱাৰীত ঘোষণা হ’ব ফলাফল।
৯/ হাটশিঙিমাৰীৰ কোকৰাডাঙাত উপস্থিত মন্ত্ৰী পীয়ূষ হাজৰিকা।
কোকৰাডাঙা-হাজিৰাহাট অঞ্চলৰ খহনীয়াগ্ৰস্ত স্থান পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।
১০/ ১৮ ডিচেম্বৰত অসমলৈ আহিব জিতেন্দ্ৰ সিং৷
জিলা কংগ্ৰেছৰ সভাপতি, সাংসদ-বিধায়কৰে বৈঠকত বহিব জিতেন্দ্ৰ সিং ৷
এই কথা জনালে বিধায়ক জাকিৰ হুছেইন শিকদাৰে।
১১/ খহিল ভৰলুৰ গাৰ্ডৱাল।
অনিল নগৰত খহে গাৰ্ডৱাল।
বাঁহ পুতি খহনীয়া ৰোধৰ চেষ্টা কৰে প্ৰশাসনে।
গাৰ্ডৱাল খহি পৰাক লৈ শংকিত অঞ্চলবাসী।
অনিল নগৰত পূৰ্বতেও খহিছিল ভৰলুৰ গাৰ্ডৱাল।
১২/ মহানগৰীৰ খানাপাৰাত পথ দুৰ্ঘটনা।
ট্ৰেইলাৰে মহটিয়াই নিয়ে ৪খনকৈ বাহন।
কথমপি প্ৰাণ ৰক্ষা পৰে বাহনকেইখনৰ চালক, আৰোহীৰ।
১৩/ গুৱাহাটীৰ লাচিত নগৰত ৰূপম গোস্বামী নামৰ এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ৷
নিজ বাসগৃহতে উৱলি যোৱা অৱস্থাত উদ্ধাৰ কৰে মৃতদেহটো৷
লোকজনৰ একমাত্ৰ পুত্ৰ সন্তান থাকে বিদেশত।
১৪/ গোলাঘাটত মুকলিকৈ চলিছে ভুৱা নাৰ্চিং চেন্টাৰ।
স্বাস্থ্য বিভাগৰ অভিযানত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য।
স্বীকৃতিপ্ৰাপ্ত বুলি ভুৱাকৈ চলাই অহা জিলাখনৰ কৰ্ট ৰডৰ এচিয়ান হেলথ মিচন ইনষ্টিটিউট নামৰ নাৰ্চিং চেন্টাৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
১৫/ মহানগৰীৰ কটাহবাৰীত জাল নোট আৰু নকল সোণৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে ৪খন নকল সোণৰ নাওঁ, ২টা সোণৰ মূৰ্তি আৰু ৫০০টকীয়া জালনোট।
দুই সৰবৰাহকাৰী ছফিকুল ইছলাম আৰু চাহাবুদ্দিনক আটক কৰে আৰক্ষীয়ে।
১৬/ গোলাঘাটত বিধ্বংসী অগ্নিকাণ্ড।
জ্বলি ভস্মীভূত হয় ‘জ্যোতি ছাৰ্ভিচ চেণ্টাৰ’ নামৰ দোকানখন।
শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হয়।
১৭/ পাকিস্তানত ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণ।
বিস্ফোৰণত নিহত হয় ২৩জন পাকিস্তানী সেনা।
এটা পাকিস্তানী সেনা শিবিৰত হয় এই বিস্ফোৰণ।
ডেৰা ইছমাইল খান জিলাৰ ডাৰাবান চহৰত আছিল শিবিৰটো।
তেহৰিক-ঈ-জিহাদ পাকিস্তানে এই ঘটনা সংঘটিত কৰাৰ সন্দেহ।
১৮/ মহানগৰীৰ দক্ষিণ শৰণীয়াত মৃতদেহ উদ্ধাৰ।
মৃতদেহটো ৰূপম গোস্বামী নামৰ এজন লোকৰ বুলি চিনাক্ত কৰা হয়।
বিছনাত শুই থকা অৱস্থাতে মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।
১৯/ নগাঁও পাথৰীত ভয়ংকৰ দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় এখন ইন’ভা বাহন।
দুৰ্ঘটনাত থিতাতে নিহত হয় বাহনখনৰ এজন আৰোহী।
গুৰুতৰভাৱে আহত হয় ইন’ভাখনৰ আন ৩জন আৰোহী।
২০/ গুৱাহাটীত দ্বিতীয় বাৰৰ বাবে ‘মিছ ট্ৰান্স এন ই–২০২৩।
৭ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ অনুষ্ঠিত হয় প্ৰতিযোগিতা।
Top-20ৰ মাজত অনুষ্ঠিত হয় ফাইনেল প্ৰতিযোগিতা।
Sangita Dutta News Editor Rnewsindia24.com