Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।
Rnewsindia24.com Assam Jan/19/2024:-
১/ তেজপুৰত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
‘স্বচ্ছ তীৰ্থ অভিযান’ৰ অধীনত মহাভৈৰৱ মন্দিৰ পৰিষ্কাৰ কৰে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
২/ গুৱাহাটীৰ শ্ৰীশ্ৰী গোপাল কৃষ্ণ নামঘৰত সেৱা ল’য় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷
‘স্বচ্ছ তীৰ্থ অভিযান’ৰ অধীনত শ্ৰীশ্ৰী গোপালকৃষ্ণ নামঘৰ পৰিষ্কাৰ কৰে মন্ত্ৰীগৰাকীয়ে৷
৩/ অৱশেষত দিল্লীৰ চৰকাৰী বাসগৃহ এৰিলে মহুৱা মৈত্ৰই৷
২০২৩ বৰ্ষৰ ডিচেম্বৰ মাহত খাৰিজ হৈছিল সাংসদ পদ৷
সাংসদ পদ খাৰিজৰ পাছতেই চৰকাৰী বাসগৃহ এৰাৰ জাননী দিয়া হৈছিল৷
৪/ প্ৰচণ্ড শীতত কবলত পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ৷
শীতৰ সমান্তৰালকৈ হোৱা ধুমুহাত মৃত্যু বৰণ কৰে ৪৩ জনকৈ লোকে।
৫/ মোৰাঝাৰত ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান৷
ৰেচন কাৰ্ড বিতৰণ কৰে মন্ত্ৰী কেশৱ মহন্তই।
যমুনামুখ তথা বৰ্তমানৰ বিন্নাকান্দি সমষ্টিৰ হাজাৰ হাজাৰ পৰিয়ালে লাভ কৰে ৰেচন কাৰ্ড।
৬/ কাইলৈ সৰুসজাইত অসম আৰক্ষীৰ দীক্ষান্ত সমাৰোহ।
উক্ত সমাৰোহত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
২,৫৫১ গৰাকী আৰক্ষীয়ে কৰ্তব্য আৰু দায়িত্বৰ শপত গ্ৰহণ কৰিব।
৭/ আউনীআটি সত্ৰত সেৱা লয়
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।
জেংৰাইমুখত উপস্থিত হৈ আহাৰ গ্ৰহণ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।
আনহাতে, সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ লগতো বিশেষ মতবিনিময়ত মিলিত হয় নেতা গৰাকী।
৮/ গোলাঘাটত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰে মন্ত্ৰী অজন্তা নেওগে।
পুৱাৰে পৰা পঞ্চায়ত কাৰ্যালয়ত ভিৰ কৰিছে অজস্ৰ মহিলাই।
৯/ আজিৰে পৰা ৩ দিনীয়াকৈ বকোত আৰম্ভ হয় বড়ো সাহিত্য সভাৰ অধিৱেশন।
গান্ধী ময়দানত অনুষ্ঠিত হয় এই অধিৱেশন।
১০/ নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিৰ নতুন হিতাধিকাৰী সকলক ৰেচন কাৰ্ড বিতৰণ কৰে মন্ত্ৰী বিমল বৰাই।
১১/ আজি কাব্যঋষি নীলমণি ফুকনৰ প্ৰথম মৃত্যুবাৰ্ষিকী।
গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
‘গোলাপী জামুৰ লগ্ন’ শীৰ্ষক শ্ৰদ্ধাঞ্জলি কাব্যানুষ্ঠানৰো আয়োজন কৰা হয়।
উক্ত অনুষ্ঠানত উপস্থিত থাকে বহু কেইগৰাকী জেষ্ঠ কবি আৰু গণ্য মান্য ব্যক্তি।
১২/ গুৱাহাটী ৰে’ল ষ্টেচনত বুজন পৰিমাণৰ গাঞ্জা জব্দ৷
ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰে ২৬ কেজি গাঞ্জা৷
ৰে’ল আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি৷
ডিমাপুৰৰ পৰা পাটনালৈ সৰবৰাহ কৰা হৈছিল গাঞ্জাখিনি৷
বিহাৰৰ উপেন্দ্ৰ কুমাৰ গোস্বামী নামৰ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
১৩/ ওড়িশাত ভয়ংকৰ ঘটনা৷
নিশা কান্দি থকাৰ বাবে ৩ মহীয়া যমজ সন্তানক কুঁৱাত পেলাই হত্যা কৰে জন্মদাত্ৰী মাতৃয়ে৷
হত্যাকাৰী তাপস্বিনী চাহুক আটক কৰে আৰক্ষীয়ে৷
১৪/ গোলাঘাটৰ থুৰামুখত চোৰাং তেল জব্দ৷
গোলাঘাট আৰক্ষীৰ অভিযানত জব্দ হয় তেলখিনি৷
এখন ধাবাৰ পাছফালৰ পৰা উদ্ধাৰ কৰা হয় তেলখিনি।
লগতে আটক কৰে ধাবাখনৰ স্বত্ত্বাধিকাৰী বিজিত বৰাক৷
১৫/ চিৰাঙত বন বিষয়াক দলবদ্ধভাৱে আক্ৰমণ কৰে চোৰাং কাঠ মাফিয়াই।
চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলত সংঘটিত হয় এই ঘটনা।
ৰুণীখাতা বনাঞ্চলিক বিষয়া প্ৰাঞ্জল তালুকদাৰক আক্ৰমণ কৰে মাফিয়াই।
১৬/ শিৱসাগৰ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ এ কে জিয়াউদ্দিন আহমেদৰ দেহাৱসান।
আজি দিনৰ ১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে অধ্যাপকগৰাকীয়ে।
মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৯ বছৰ।
১৭/ “মাত্ৰ ৫০ জন মানুহ লৈ কমলাবাৰীত যাত্ৰা কৰিলে ৰাহুল গান্ধীয়ে”- মন্তব্য বিজেপি বিধায়ক ভুৱন গামৰ।
১৮/ মৰিগাঁৱৰ লাহৰীঘাটৰ বৰখাবলত বিধ্বংসী অগ্নিকাণ্ড।
জুইত ভস্মীভূত হয় ৮ টাকৈ বাসগৃহ৷
জুইত প্ৰায় ২৫ লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয়।
১৯/ মহানগৰীৰ খানাপাৰাত STFৰ অভিযান।
খানাপাৰাৰ ৰাজহুৱা শৌচালায়ত চলায় অভিযান দলটোৰ।
অভিযানত জব্দ কৰে ২৩টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ।
২০/ মহানগৰীৰ বৰছলা বিল পুতি নতুন পানী শোধন প্রকল্প নিৰ্মাণৰ সিদ্ধান্ত GMDAৰ।
GMDAৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বিৰোধিতা কৰে বৰছলা বিল উন্নয়ন সমিতি আৰু ছাত্রীবাৰী উন্নয়ন সমিতিয়ে।
শীঘ্রেই GMDAৰ বৰছলা বিল ধ্বংস কৰা কাৰ্য বন্ধ কৰাৰ দাবী দুয়োখন সমিতিৰ।
Sangita Dutta Editor in Chief Rnewsindia24.com