Himanta Biswa Sarma

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

Rnewsindia24.com Assam February 13/2024:- 

1. কাইলৈ আৰবভূমিত প্ৰথমটো হিন্দু মন্দিৰ মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায় UAEৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহায়ানে।

2. টিংখাঙত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
বিজেপিৰ ‘গাঁও চলো’ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

3. আলি-আয়ে-লৃগাং উপলক্ষ্যে বিশ্বনাথ, ধেমাজি, উত্তৰ লখিমপুৰ, শোণিতপুৰ, গোলাঘাট, চৰাইদেউ, মাজুলী, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাটত বন্ধ ঘোষণা কৰে চৰকাৰে।

4. অসমবাসীৰ বাবে সু-খবৰ৷
শেহতীয়াকৈ বহৰি সত্ৰৰ কৃতি শিক্ষাৰ্থী মধুম্মিতা তালুকদাৰে ২০২৪বৰ্ষৰ IIT JEE MAINS পৰীক্ষাত দেশৰ ছাত্ৰীসকলৰ মাজত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়৷
মধুস্মিতাই ২৯০ নম্বৰ লাভ কৰে৷

5. উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল৷
পৰ্বতঝোৰাত ফাদিল হৈছিল প্ৰশ্নকাকত।
নিলম্বন কৰে পৰ্বতঝোৰাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ৰমেন্দ্ৰ নাথ ৰয়ক।

6. অসমৰ ৰাজপথত শীঘ্ৰে চলিব আৰু ১০০খন নতুন ইলেক্ট্ৰিক বাছ৷
বৰ্তমানে গুৱাহাটীত চলি আছে ২০০খন ইলেক্ট্ৰিক বাছ৷
এই কথা সদৰী কৰে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

7. কাজিনেমুক অসমৰ জাতীয় ফল হিচাপে স্বীকৃতি৷
ইতিমধ্যে কাজিনেমুৱে লাভ কৰিছে GI টেগ৷
সদনত ঘোষণা কৰে কৃষিমন্ত্ৰী অতুল বৰাই।

8. কলাক্ষেত্ৰত ‘ৰাজ্যিক সৰ্বোচ্চ অসামৰিক সন্মান-২০২৩’ প্ৰদান অনুষ্ঠান।
উপস্থিত থাকে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, ৰাজ্যপাল গুলাপ চান্দ কাটাৰীয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বহু গণ্য মান্য ব্যক্তি।

9. আলি আঃয়ে লৃগাং উদযাপনক লৈ মিচিং বাঃনে কেবাঙৰ সংবাদ মেল।
মিচিং বানে কেবাঙৰ নেতৃত্বত ছয় মিচিং জাতীয় সংগঠনৰ অনুমোদনত প্ৰস্তুত কৰা নিয়মাৱলী, আলি আঃয়ে লৃগাং আখ্যান আৰু তাৎপৰ্য
সন্দৰ্ভত এই সংবাদ মেল আয়োজন কৰে।
সংবাদমেলত সভাপতি পৰমানন্দ চায়েঙীয়াৰ লগতে কেন্দ্ৰীয় নেতৃবিন্দ উপস্থিত থাকে।

10. ধেমাজিৰ চিচিবৰ গাঁৱত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
উন্মোচন কৰে প্ৰয়াত পূৰ্ণকান্ত ভূঞাৰ স্মৃতিত সম্পাদনা কৰা ‘স্মৃতিগুঞ্জণ’ শীৰ্ষক স্মৃতিগ্ৰন্থ।

11. বিজেপিত যোগদান কৰিব অশোক সাৱন্তে।
মহাৰাষ্ট্ৰৰ প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী আছিল অশোক সাৱন্ত।
মুম্বাইত গেৰুৱা দলত কৰিব যোগদান।

12. আজিৰে পৰা কৃষক সংগঠনৰ ‘দিল্লী যাত্ৰা’ কাৰ্যসূচী৷
দিল্লী অভিমুখে ৰাওনা হয় কৃষকৰ ২৫০০খন ট্ৰেক্টৰ৷
ফেন্সিঙেৰে প্ৰতিবাদ ৰোধ কৰে প্ৰশাসনে।

13. মহানগৰীৰ হেঙেৰাবাৰীত বিদ্যুত্স্পৃষ্ট হৈ এজনৰ মৃত্যু৷
বিদ্যুত্স্পৃষ্ট হৈ GMCHত চিকিৎসাধীন হৈ আছিল লোকজন৷
চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় মহেন্দ্ৰ ভৰালীৰ৷

14. নিউয়ৰ্কৰ মেট্ৰ’ ৰে’ল ষ্টেচনত দুৰ্বৃত্তৰ গুলীবৰ্ষণ৷
দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীবৰ্ষণত এজন লোকৰ মৃত্যু হয় আৰু ৫ জন গুৰুত্বৰ ভাৱে আহত হয়।
নিউয়ৰ্কৰ ব্ৰনস্ক চহৰত সংঘটিত হয় এই ঘটনা৷

15. লিডুত পুনৰ কয়লাখনিত কৰ্মৰত শ্ৰমিকৰ মৃত্যু৷
কয়লাৰ বোজা কঢ়িয়াবলৈ গৈ ৰহস্যজনক মৃত্যু হয় শ্ৰমিকজনৰ৷
মৃত শ্ৰমিকজনৰ নাম কাঞ্চা৷

16. ডিফুৰ বাঘমাৰীত অঘটন৷
নিৰ্মীয়মাণ ৩ মহলীয়া অট্টালিকাৰ পৰা পৰি শ্ৰমিকৰ মৃত্যু হয়।
নিহত শ্ৰমিকজন লাহৰীঘাটৰ বৰকাবলৰ দিলদাৰ হুছেইন৷
কাম কৰি থকাৰ সময়তে অট্টালিকাটোৰ পৰা পৰে শ্ৰমিকজন৷

17. লখিমপুৰত জব্দ ৩খন নকল সোণৰ নাও৷
জব্দ হয় ৮খন নকল সোণৰ বিস্কুট, কেইবাটাও মোবাইল৷
নকল সোণৰ প্ৰতিখন বিস্কুটৰ ওজন প্ৰায় ২-৩ কিলোগ্ৰাম আৰু সোণৰ নাওকেইখনৰ ওজন প্ৰায় ৮ কিলোগ্ৰাম৷
আৰক্ষীয়ে ঘটনাত জড়িত বাবুল হুছেইন, শ্বফিকুল ইছলামক গ্ৰেপ্তাৰ কৰে।

18. গোলকগঞ্জত আৰক্ষীৰ অভিযান।
ডেৰ কোটি টকাৰ সোণসহ গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীক।
সোনা উল্লাহ শিকদাৰ নামৰ এজন ব্যক্তিৰ পৰা উদ্ধাৰ কৰে ২০খন সোণৰ বিস্কুত।

19. BTRত আৰম্ভ প্ৰাক নিযুক্তি প্ৰশিক্ষণ কাৰ্যসূচী।
অগ্নিবীৰ আঁচনিৰ অধীনত এই প্ৰশিক্ষণ।
BTR চৰকাৰৰ উদ্য়োগত আয়োজন কৰে প্ৰশিক্ষণ শিবিৰ। BTRত আৰম্ভ প্ৰাক নিযুক্তি প্ৰশিক্ষণ কাৰ্যসূচী। অগ্নিবীৰ আঁচনিৰ অধীনত এই প্ৰশিক্ষণ। BTR চৰকাৰৰ উদ্য়োগত আয়োজন প্ৰশিক্ষণ শিবিৰ।

20. মহানগৰীৰ খানাপাৰাত বুজন পৰিমাণৰ ড্রাগছ জব্দ।
এখনবাহনৰ গোপন চেম্বাৰৰ পৰা উদ্ধাৰ কৰে ড্রাগছখিনি।
জব্দকৃত ড্রাগছখিনিৰ বজাৰমূল্য প্রায় ১৫ লাখ টকা।

 

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *