Jubin Nautiyal

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com Assam 29 March 2024 :-

১/ লখিমপুৰৰ বিজেপি কাৰ্যালয়ত উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমণৰ বাবে পৰিস্থিতিৰ বুজ লয় সভাপতিগৰাকীয়ে।

২/ ১ এপ্ৰিললৈকে EDৰ জিম্মাত থাকিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।
কেজৰিৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিব পত্নী সুনীতা কেজৰিৱাল।
লগতে স্বামীক প্ৰকৃত দেশভক্ত আখ্যা দিয়ে।
সংবাদমেল যোগে এই কথা সদৰি কৰে কেজৰিৱালৰ পত্নী গৰাকীয়ে।

৩/ ৬ এপ্ৰিলত অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
একেদিনাই অৰুণাচলতো কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কাৰ্যসূচী।
আনহাতে এপ্ৰিলৰ মাজভাগত প্ৰচাৰ চলাবলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
বৰ্তমান তাৰিখ চুড়ান্ত হোৱা নাই।

৪/ চৰাইদেউ আৰু নাজিৰাত নিৰ্বাচনী প্ৰচাৰ গৌৰৱ গগৈৰ।
নাজিৰা, মাহমৰাৰ ৮খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।
চ্যুকাফাৰ উপাসনাস্থলী লাংকুৰিত সেৱা জনাই আৰম্ভ কৰে নিৰ্বাচনী প্ৰচাৰ।

৫/ মাজুলীত বিজেপি প্ৰাৰ্থী তপন গগৈৰ নিৰ্বাচনী প্ৰচাৰ।
মাজুলীত ১১টাকৈ স্থানত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰাৰ্থী গৰাকীয়ে।

৬/ গোলাঘাটত বিজেপিৰ যোগদান কাৰ্যসূচী।
বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত কংগ্ৰেছৰ কেইবাগৰাকী সদস্যই যোগদান কৰে বিজেপিত।

৭/ কোকৰাঝাৰত UPPLৰ যোগদান কাৰ্যসূচী।
কোকৰাঝাৰ, চিৰাঙৰ শতাধিক যুৱক-যুৱতীয়ে UPPLত যোগদান কৰে।

৮/ শিৱসাগৰত জাৰি ১৪৪ ধাৰা৷
জিলা দণ্ডাধীশ আদিত্য বিক্ৰম যাদৱে জাৰি কৰে নিৰ্দেশনা৷
জিলাখনত তৎকালীনভাৱে বলৱৎ হোৱাকৈ জাৰি ১৪৪ ধাৰা৷
জিলাখনত শান্তি-শৃংখলাৰ পৰিস্থিতি বিঘ্নিত হোৱাৰ আশংকাত এই নিৰ্দেশনা৷
আগন্তুক ৬০ দিনলৈ বাহাল থাকিব এই নিৰ্দেশনা৷

৯/ মাণ্ডীত নিৰ্বাচনী প্ৰচাৰ কংগনা ৰাণাৱটৰ।
মাণ্ডীত উপস্থিত হোৱা ৰাণাৱটক সমৰ্থকৰ বিপুল আদৰণি।
উন্নয়নেই হ’ব কংগনা ৰাণাৱটৰ নিৰ্বাচনৰ মূল ইছ্যু।

১০/ AIUDFৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানৰ বিজেপিত যোগদান
মন্ত্ৰী পীযূষ হাজৰিকাৰ উপস্থিতিত যোগদান কৰে মজিবুৰ ৰহমানে।

১১/ শোণিতপুৰ লোকসভা সমষ্টিত প্ৰচাৰ মন্ত্ৰী অশোক সিংহলৰ।
বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ বৰচলাত চলাই নিৰ্বাচনী প্ৰচাৰ ।

১২/ উত্তৰ প্ৰদেশৰ মাফিয়া, প্ৰাক্তন বিধায়ক মুক্তাৰ আনছাৰীৰ মৃত্যু৷
উত্তৰ প্ৰদেশৰ বান্দা জে’লত আছিল আনছাৰী৷

১৩/ গুৱাহাটীত জুবিন নটিয়ালৰ অনুষ্ঠান বাতিল।
আয়োজকে কোনো কাৰণ নেদেখুৱাকৈয়ে বাতিল কৰে অনুষ্ঠান।
টিকট ক্ৰয় কৰা লোকৰ মাজত হাহাকাৰ।
পানীখাইতিত আৰক্ষীয়ে আটক কৰে ৫ গৰাকী আয়োজকক ।

১৪/ ৩০ মাৰ্চৰ পুৱা ৫ বজাৰ পৰা ১ এপ্ৰিলৰ পুৱা ৫ বজালৈ বন্ধ থাকিব পেট্ৰ’ল পাম্প৷
কেইবাটাও দাবী লৈ নৰ্থ ইষ্ট পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েশ্যনে প্ৰতিবাদী
কাৰ্যসূচী ৰূপায়ন কৰে।

১৫/ চিৰাঙৰ বিজনীত অসম তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ।
বিজনীৰ কমলা প্ৰেছৰ পৰা উলিওৱা হয় এক পদযাত্ৰা।
পদযাত্ৰাত অংশগ্ৰহণ কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা।

১৬/ ‘হাৰিলেও জিকিলেও প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰিব।
AIUDFৰ ভৰিত ধৰি যোৱাবাৰ সাংসদ হৈছিল কংগ্ৰেছ প্ৰাৰ্থীগৰাকী”- মন্তব্য মন্ত্ৰী পিযুষ হাজৰিকাৰ।

১৭/ আগন্তুক লোকসভা নিৰ্বাচনৰ জাগীৰোড বিধানসভা সমষ্টিৰ নিৰ্বাচনী কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই।
উপস্থিত থাকে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় ৰাইজ।

১৮/ মাজুলীত ১ তাৰিখে মোৰ চাইকেল শোভাযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ হ’ব। ৬ এপ্ৰিলত গৃহমন্ত্ৰী অমিত শ্বাহ আহিব। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ কাৰ্যসূচী সন্দৰ্ভত আমি নতুন দিল্লীৰ লগত আলোচনা কৰিছোঁ – মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

১৯/ দক্ষিণ আফ্ৰিকাত ভয়ংকৰ বাছ দুৰ্ঘটনা৷
দুৰ্ঘটনাত নিহত হয় ৪৫ গৰাকী তীৰ্থযাত্ৰী আৰু আহত হয় ৮ বছৰীয়া এটি শিশু।
গাবোৰোনৰ পৰা গীৰ্জালৈ যাত্ৰাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা৷

২০/ কোকৰাঝাৰৰ যমুনাটাৰীত শিশুৰ মৃতদেহ উদ্ধাৰ৷
ধান খেতিৰ মাজত উদ্ধাৰ হয় মৃতদেহ দুটা।
নাম নুৰজামাল হক, ৰাকিবুল আলী।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *