মিচিং স্বায়ত্বশাসিত পৰিষদ।
১/ আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষ্যে শ্ৰীনগৰত যোগ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
২/ গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী৷
APCCৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত ৰূপায়ন কৰা হয় প্ৰতিবাদ৷
প্ৰতিবাদত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ বহু নেতা-কৰ্মীয়ে।
৩/ তিনিচুকীয়া পৌৰসভাৰ পদেন সদস্য হিচাপে শপতগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে।
জিলাখনৰ অতিৰিক্ত আয়ুক্ত মিৰ্জানা হুছেইনে পাঠ কৰোৱাই শপতবাক্য।
৪/ আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ উপলক্ষ্যে উত্তৰ প্ৰদেশৰ মথুৰাত অংশগ্ৰহণ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ভাৰতীয় সেনা প্ৰধান মনোজ পাণ্ডে এ।
৫/ মহাৰাষ্ট্ৰত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে।
৬/ দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষ্যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰাজ্যপাল আনন্দী বেন পেটেলে যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
৭/ তেজপুৰত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী কেশৱ মহন্ত, অশোক সিংঘালে।
৮/ ধেমাজিত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাই।
৯/ তিনিচুকীয়াত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
সংগ দিয়ে মন্ত্ৰী সঞ্জয় কিষানে।
১০/ দিল্লীত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জেপি নাড্ডাই।
১১/ গুজৰাটৰশত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষ্যে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে অংশগ্ৰহণ কৰে যোগ দিৱসৰ কাৰ্যসূচীত।
১২/ দিল্লীত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।
১৩/ নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত নলবাৰী মহাবিদ্যালয়ত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।
১৪/ কলিয়াবৰৰ জখলাবন্ধাত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
বিশ্ব ৰেকৰ্ডৰ বিহুৰ অনুষ্ঠানত ভাগ লোৱা যুৱতীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
১৫/ ১৫ আগষ্টৰ আশে–পাশে হ’ব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ।
ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
১৬/ সৰুসজাইত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাইড ইষ্ট এণ্টাৰটেইণ্টমেণ্টছ প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাই।
১৭/ বোকাখাতত ডকাইতৰ দললৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী।
আৰক্ষীৰ গুলীত আহত হয় পল্লৱ বসুমতাৰী নামৰ এটা ডকাইত।
আহত ডকাইতটোক বোকাখাত মহকুমা চিকিৎসালয়ত ভৰ্তি কৰা হয়।
বোকাখাতৰ অগৰাতলীত পুৱতি নিশা সংঘটিত হয় এই ঘটনা ।
জব্দ কৰে এটা ইটালিয়ান 9mm পিষ্টল, ৪ জাঁই সক্ৰিয় গুলী।
ড্ৰাগছ, গাড়ী-বাইক চুৰিৰে জড়িত ডকাইতৰ দলটো।
১৮/ কাইলৈ শক্তিপীঠ কামাখ্যাত অম্বুবাচী মহাযোগ
পুৱা ৮.৩৪ বজাত অম্বুবাচীৰ প্ৰবৃত্তি৷
কামাখ্যাত ভিৰ হাজাৰ হাজাৰ ভক্তৰ, মেলাত আগমন ঘটিছে বিদেশী পৰ্যটকৰ৷
১৯/ আজি নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত বিশেষ বৈঠক।
বৈঠকত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ বিষয়ববীয়া তথা গাঁও পঞ্চায়তৰ সচিব আৰু নলবাৰীৰ খণ্ড অভিযন্তাসকল।
বৈঠকত নলবাৰীৰ সামগ্ৰিক উন্নয়নৰ বাবে জল মিত্ৰ, PMAY, MGNREGA, অমৃত সৰোবৰ আদি বিষয়সমূহৰ সফল ৰূপায়ণ সন্দৰ্ভত বিভিন্ন আলোচনা কৰা হয়।
২০/ গুৱাহাটীৰ হাতীশিলাত বাৰ্ষিক বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠান।
ডি ডাউন টাউন স্কুলত অনুষ্ঠিত এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক্স-যোগাযোগ প্ৰযুক্তি বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ প্ৰণয়ী দত্তই।
অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্র-ছাত্ৰীয়ে সাজি উলিওৱা বিজ্ঞানৰ বিভিন্ন আহিলা প্ৰদৰ্শন কৰা হয়।
Sangita Dutta Editor in Chief Rnewsindia24.com