১/ ‘LP, UP আৰু উচ্চতৰ মাধ্যমিকত খালী হ’ব ৮৫০০ শিক্ষকৰ পদ।
এতিয়াৰে পৰা খালী পদৰ বিজ্ঞাপনৰ লগতে খালী হ’বলগীয়া পদৰো দিয়া হ’ব বিজ্ঞাপন।
‘শীঘ্ৰে নিয়মীয়াকৰণ হ’ব LP, UPৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি’।- ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।
২/ ৰাজীৱ ভৱনত কংগ্ৰেছৰ বৈঠকৰ আজি দ্বিতীয় দিন।
দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে এই বৈঠক অনুষ্ঠিত কৰা হয়।
বৈঠকত অংশগ্ৰহণ কৰে জিতেন্দ্ৰ সিং, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইন, বিৰোধী দলপতি আৰু বিধায়ক সকল।
৩/ নাগালেণ্ডৰ ডিমাপুৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।
৪/ শীঘ্ৰে প্ৰদান কৰিব চলিত বৰ্ষৰ ‘আনন্দৰাম বৰুৱা বঁটা’।
এই বঁটাৰ জৰিয়তে মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব নগদ ধন।
DBT পদ্ধতিৰে শিক্ষাৰ্থীয়ে লাভ কৰিব ধন।
২৫ জুলাইৰ পূৰ্বে ‘বিদ্যাৰ্থী’ শীৰ্ষক প’ৰ্টেলত শিক্ষাৰ্থীসকলক নাম পঞ্জীয়নৰ নিৰ্দেশ।
মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে জাৰি কৰে এই নিৰ্দেশনা।
৫/ পশ্চিম বিলাসীপাৰাৰ চৰাঞ্চলত অখিল গগৈ। বানপীড়িত ৰাইজৰ কাষত উপস্থিত হয় বিধায়ক গৰাকী।
যন্ত্ৰচালিত নাৱৰে চৰাঞ্চলৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি বন্যাক্ৰান্তক খাদ্য-সামগ্ৰী বিতৰণ কৰে বিধায়কগৰাকীয়ে।।
৬/ নলবাৰীত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত শিশুৰ মৃত্যু।
মৃত শিশুটি ৮ বছৰীয়া দৰ্পণজ্যোতি দাস।
১০ জুলাইত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় নমাতিৰ শিশুটিৰ।
শেহতীয়াকৈ জিলাখনত JE সদৃশ ৰোগত আক্ৰান্ত হয় ৪০ গৰাকী।
৭/ জম্মু-কাশ্মীৰৰ সংঘৰ্ষক লৈ তৎপৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়।
সেনাৰ মুৰব্বীৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে ৰাজনাথ সিঙে।
৮/ দক্ষিণ শালমাৰাত ঘোচ লৈ গ্ৰেপ্তাৰ আৰক্ষীৰ উপ-পৰিদৰ্শক।
মানকাচৰ ফকিৰগঞ্জ থানাৰ SI ফজিয়েল হুছেইনক গ্ৰেপ্তাৰ কৰা হয়।
৯/ বিধায়ক মৃণাল শইকীয়া আৰু অঃজাঃপ নেতৃত্বৰ বৈঠক।
বৈঠকত উপস্থিত থাকে সভাপতি লুৰিণজ্যোতি গগৈ, সম্পাদক জগদীশ ভূঞা।
বিধায়ক মৃণাল শইকীয়াৰ পুত্ৰ বব্ৰুবাহন শইকীয়া।
১০/ আমবাৰীৰ মুখ্য কাৰ্যালয়ত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক।
উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত অনুষ্ঠিত হয় এই বৈঠক।
বানপীড়িত অঞ্চলত সহায়ৰ নিৰ্দেশ দিয়ে সভাপতি তথা মন্ত্ৰী অতুল বৰাই।
১১/ টীয়কত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা।
টীয়কত উপস্থিত হৈ হস্ততাঁত বস্ত্ৰ শিল্পৰ উদ্যোগ পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।
১২/ নতুন ৰূপত মুকলি হ’ল পল্টনবজাৰ ট্ৰাইবেল গেষ্ট হাউছ।
১৭ বছৰৰ পাছত মুকলি হয় অতিথিশালাটো।
মুকলি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
১৩/ বিহাৰৰ VIP পাৰ্টীৰ অধ্যক্ষ মুকেশ সাহানীৰ পিতৃক হত্যা।
জীতন সাহানীক নৃশংসভাৱে হত্যা কৰে দুৰ্বৃত্তই।
ঘৰৰ ভিতৰত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ কৰে জীতন সাহানীৰ মৃতদেহ।
চোকা অস্ত্ৰৰে নৃশংসভাৱে হত্যা কৰা হয় জীতন সাহানীক।
১৪/ গুৱাহাটীৰ পল্টনবজাৰ ৰে’ল ষ্টেচনত বুজন পৰিমাণৰ চুপাৰি জব্দ।
কামৰূপ এক্সপ্ৰেছৰ পৰা জব্দ কৰে ১৬০ বস্তা চুপাৰি।
GRP, RPFৰ অভিযানত জব্দ হয় চুপাৰিখিনি।
ডিমাপুৰৰ পৰা কলকাতালৈ নিয়াৰ পৰিকল্পনা কৰিছিল চুপাৰিখিনি।
১৫/ অৰুণাচলৰ লৱাৰ ডিবাংভেলীৰ ডাম্পুকত থকা NHPCৰ প্ৰকল্পত অঘটন।
টানেল খহি মৃত্যু হয় এজন শ্ৰমিক।
মৃত শ্ৰমিক গৰাকী কোচবিহাৰৰ পৰিমল উদয়।
১৬/ সুলভ মূল্যৰ দোকানীসকললৈ সুখবৰ৷
২৭২ কোটি ১৪ লাখ টকা মুকলি৷
কেন্দ্ৰীয় চৰকাৰে মুকলি কৰে এই পুঁজি৷
সুলভ মূল্যৰ দোকানীসকলৰ কমিছনৰ বাবদ মুকলি কৰে ১৮০ কোটি টকা৷
পৰিবহন ব্যয় হিচাপে মুকলি কৰে ৯১.৬৩ কোটি টকা৷
এই কথা জনালে যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷
১৭/ অৰুণাচলৰ লৱাৰ ডিবাংভেলীৰ ডাম্পুকত থকা NHPCৰ প্ৰকল্পত অঘটন।
টানেল খহি মৃত্যু হয় এজন শ্ৰমিক।
মৃত শ্ৰমিক গৰাকী কোচবিহাৰৰ পৰিমল উদয়।
১৮/ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ১৬ গৰাকী চিকিৎসক, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ১৩গৰাকী চিকিৎসক, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ১১গৰাকী চিকিৎসকৰ পদত্যাগ।
পদত্যাগৰ তালিকাত আছে শিলচৰ, নলবাৰী, কোকৰাঝাৰ, ডিফু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকো।
অৱশ্যে সকলো চিকিৎসকৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই স্বাস্থ্য বিভাগে।
GMCH আৰু AMCHৰ এগৰাকীকৈ চিকিৎসকৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে।
ধুবুৰীৰ পেথলজী, GMCHৰ ৰেডিঅ’লজী আৰু AMCHৰ নিউৰ’লজীৰ এগৰাকীকৈ চিকিৎসকৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা হয়।
১৯/ জম্মু-কাশ্মীৰৰ ডোডাত সন্ত্ৰাসবাদী-সেনাবাহিনীৰ গুলীয়াগুলী।
সন্ত্ৰাসবাদীৰ আক্ৰমণত ছহিদ হয় ৪ সেনা জোৱান।
ডোডাত সন্ত্ৰাসবাদী লুকাই থকাৰ সন্দেহ।
সেনা-CRPF-আৰক্ষী বাহিনীয়ে চলাইছিল অভিযান।
অভিযানৰ সময়তে লুকাই থকা সন্ত্ৰাসবাদীয়ে চলালে গুলী।
অব্যাহত আছে সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ।
২০/ গুৱাহাটী মহানগৰীত ৪ বাংলাদেশীক আটক।
পল্টন বজাৰ ৰে’লৱে ষ্টেচনৰ পৰা GRP, RPF-এ আটক কৰে ৪ বাংলাদেশীক।
বাংলাদেশৰ পৰা ত্ৰিপুৰা হৈ বাংগালুৰুলৈ গৈ আছিল ৪ বাংলাদেশী।
চাকৰিৰ প্ৰলোভনেৰে দালালে লৈ আহিছিল ৪ বাংলাদেশীক।
২০ হাজাৰ টকাৰ বিনিময়ত ভাৰতলৈ আনিছিল চাৰিওকে।
ধৃত বাংলাদেশীকেইজন ইছলমাইল চৰ্দাৰ, আব্দুল্লা, মুছাম্মাদ মইনা, ফাৰজানা।
Sangita Dutta Editor in Chief Rnewsindia24.com