Mising Autonomous Council

১/ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বাসগৃহত গণেশ পূজা অনুষ্ঠিত কৰে।
অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
২/ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
গণেশ উৎসৱৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত ১০ কোটি টকাৰ বান সাহায্য আগবঢ়ায় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।
৩/ চি পি আই (এম) নেতা সীতাৰাম য়েচুৰীৰ দেহাৱসান।
শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল নেতাগৰাকী।
৪/ ‘আছু’ৰ পৰা অব্যাহতি ল’লে শংকৰজ্যোতি বৰুৱাই।
সামাজিক মাধ্যমৰ জৰিয়তে সিদ্ধান্ত ৰাজহুৱা ।
কেন্দ্ৰীয় সমিতিলৈ অব্যাহতি পত্ৰ প্ৰেৰণৰ কথা উল্লেখ কৰে সম্পাদক গৰাকীয়ে।
৫/ ডিব্ৰুগড় থানাত চুমি বৰা-তাৰ্কিক বৰা।
দুয়োকে ডিব্ৰুগড় আৰক্ষীক চমজাই দিয়ে STF-এ।
৫ দিনৰ আৰক্ষীৰ জিম্মালৈ চুমি বৰা-তাৰ্কিক বৰাক৷
ডিব্ৰুগড় মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।
৬/ আৰক্ষীৰ জালত ট্ৰেডিং কেলেংকাৰিত আন অভিযুক্ত মাইনাও ব্ৰহ্ম।
বৰঝাৰ বিমান বন্দৰৰ পৰা আটক কৰে মাইনাও ব্ৰহ্মক।
দীৰ্ঘদিন ধৰি দিল্লীত আত্মগোপন কৰি আছিল মাইনাও ব্ৰহ্ম।
৭/ মৰাণৰ খটখটীত দুটাকৈ গ্ৰেণেড উদ্ধাৰ।
ডিব্ৰুগড় আৰক্ষীয়ে উদ্ধাৰ কৰে দুটাকৈ চাইনিজ গ্ৰেণেড।
বিশেষ সূত্ৰৰ পম খেদি উদ্ধাৰ কৰে গ্ৰেণেড দুটা।
৮/ পাকিস্তানত এক চাঞ্চল্যকৰ ঘটনা৷
সন্ধানহীন খাইবাৰ পখটুনখাৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী৷
সন্ধানহীন হোৱা মুখ্যমন্ত্ৰীগৰাকীৰ নাম হৈছে আলী আমিন গণ্ডাপুৰ৷
৯/ নিযুক্তি পৰীক্ষাৰ বাবে বজালী জিলাত BNSSৰ ১৬৩ ধাৰা জাৰি৷
জিলা দণ্ডাধীশ মৃদুল কুমাৰ দাসে জাৰি কৰে BNSSৰ ১৬৩ ধাৰা৷
১০/ নিযুক্তি পৰীক্ষাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশেষ ৰে’লৰ ব্যৱস্থা।
মুৰ্কংচেলেক-কামাখ্যাৰ মাজত বিশেষ ৰে’লগাড়ীৰ ব্যৱস্থা।
১৪ ছেপ্টেম্বৰৰ বিয়লি ২.৩০ বজাত মুৰ্কংচেলেক এৰিব 05187 নম্বৰৰ ৰে’লখনে।
১৫ ছেপ্টেম্বৰৰ সন্ধিয়া ৭.৪৫ বজাত কামাখ্যা এৰিব 05188 নম্বৰৰ ৰে’লখনে।
১১/ গুৱাহাটী-হয়বৰগাঁৱৰ মাজত বিশেষ ৰে’ল সেৱা।
১৪ ছেপ্টেম্বৰৰ নিশা ১১.৩০ বজাত হয়বৰগাঁও এৰিব 05175 নম্বৰৰ ৰে’লখনে।
১৫ ছেপ্টেম্বৰৰ সন্ধিয়া ৭.০৫ বজাত গুৱাহাটী এৰিব 05176 নম্বৰৰ ৰে’লখনে।
১২/ আলিপুৰদুৱাৰ- বঙাইগাঁৱৰ মাজত বিশেষ ৰে’ল সেৱা।
১৪ ছেপ্টেম্বৰৰ বিয়লি ৬ বজাত আলিপুৰদুৱাৰ এৰিব 05159 নম্বৰৰ ৰে’লখনে।
১৫ ছেপ্টেম্বৰৰ বিয়লি ৬ বজাত বঙাইগাঁও এৰিব 05160 নম্বৰৰ ৰে’লখনে।
১৩/ আলিপুৰদুৱাৰ -গুৱাহাটীৰ মাজত বিশেষ ৰে’ল সেৱা।
১৪ ছেপ্টেম্বৰৰ বিয়লি ৫ বজাত আলিপুৰদুৱাৰ এৰিব 05157 নম্বৰৰ ৰে’লখনে।
১৫ ছেপ্টেম্বৰৰ নিশা ৮ বজাত গুৱাহাটী এৰিব 05158 নম্বৰৰ ৰে’লখনে।
১৪/ নাৰেংগী-মৰিয়নিৰ মাজত বিশেষ ৰে’ল সেৱা।
১৪ ছেপ্টেম্বৰৰ বিয়লি ৪ বজাত মৰিয়নি এৰিব 05161 নম্বৰৰ ৰে’লখনে।
১৫ ছেপ্টেম্বৰৰ নিশা ৮.২৫ বজাত নাৰেংগী এৰিব 05162 নম্বৰৰ ৰে’লখনে।
১৫/ ডিব্ৰুগড়-লিডুৰ মাজত বিশেষ ৰে’ল সেৱা।
১৪, ১৫ ছেপ্টেম্বৰৰ সন্ধিয়া ৬ বজাত ডিব্ৰুগড় এৰিব 05183 নম্বৰৰ ৰে’লখনে।
১৫, ১৬ ছেপ্টেম্বৰৰ পুৱা ৪ বজাত লিডু এৰিব 05184 নম্বৰৰ ৰে’লখনে।
১৬/ ভাৰত-বাংলাদেশ সীমান্তত আটক কৰে ৩ বাংলাদেশীক।
অসম আৰক্ষীয়ে আটক কৰে ধৃত সুমন হুছেইন, ছুহানা খাতুন আৰু এভা আখতাৰক।
আটাইকে চিনাক্ত কৰি সীমান্তৰে পুনৰ ঘূৰাই পঠিয়াই আৰক্ষীয়ে।
১৭/ সোণাপুৰৰ কচুতলীত আৰক্ষীৰ গুলীত নিহত হয় ২ বেদখলকাৰী।
আৰক্ষী, ৰাজহ চক্ৰ বিষয়াকে ধৰি ৩০ জন আহত হয়।
লাঠী, জোং লৈ আৰক্ষী, প্ৰশাসনৰ লোকক আক্ৰমণ কৰে অবৈধ বেদখলকাৰীয়ে।
১৮/ দুলীয়াজানত ১৬টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে ৰূপায়ণ কৰে এক প্রতিবাদী কাৰ্যসূচী।
অসমীয়া তথা খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থৰ সুৰক্ষাৰ দাবীত সংগঠনকেইটাই সাব্যস্ত কৰে প্রতিবাদ।
দুলীয়াজান বিহুতলীৰ পৰা উলিয়ায় বৃহৎ প্রতিবাদী সমদল।
১৯/ তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাক Transit remandত ডিব্ৰুগড়লৈ প্ৰেৰণ।
আজি কামৰূপ জিলা সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰা হৈছিল অম্লান বৰাক।
২০/ ধৰ্ষণকাৰী শিক্ষক শ্ৰীমন্ত বৰুৱাক কৰায়ত্ত কৰি উচিত শাস্তি দিয়াৰ দাবীত শোণিতপুৰৰ ঢেকীয়াজুলি ৰাক্ষসমাৰী আৰক্ষী চকী ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় মহিলাই।
দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ৷
ঘটনা পোহৰলৈ অহাৰ পাছতেই পলায়ন কৰে শিক্ষকগৰাকী৷

Sangita Dutta Editor in Chief Rnewsindia24.com