
Mising Autonomous Council

১/ অসম চুক্তিক লৈ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰে সদৌ অসম ছাত্ৰ সন্থাৰ বৈঠক৷
৬ নং দফা ৰূপায়ণক লৈ মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হয় আছু নেতৃত্ব৷
দিছপুৰত লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় এই বৈঠক৷
২/ জাহাজ, বন্দৰ, জল পৰিবহণ বিভাগৰ ১০০ দিনীয়া কাৰ্যসূচী সম্পন্ন।
অহা নৱেম্বৰত সাগৰমালাৰ অধীনত মুম্বাইত অনুষ্ঠিত হ’ব কাৰ্যসূচী।
নতুন দিল্লীত সংবাদমেল সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
৩/ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ১০৯ সংখ্যক জন্মদিৱস উপলক্ষে বশিষ্ঠত বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যৰ ৪ খন জিলাৰ শ্ৰৱণ শক্তি নথকা ২০০ গৰাকী লোকক প্ৰদান কৰে HEARING AID।
দীনদয়াল শ্ৰভানা ফাউণ্ডেচন আৰু NHMৰ উদ্যোগত অনুষ্ঠিত হয় এই কাৰ্যসূচী।

৪/ আজিৰে পৰা আনুষ্ঠানিকভাৱে ৰাজহুৱা হয় অসম চুক্তিৰ ৬নং দফা ৰূপায়ন সন্দৰ্ভত গঠিত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন।
কাইলৈৰ পৰা চৰকাৰী ৱেবছাইটত উপলব্ধ হ’ব প্ৰতিবেদন।
আছুৰ সৈতে আজি অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ বৈঠকৰ পিছত মুখ্যমন্ত্ৰীয়ে সদৰী কৰে বিপ্লৱ শৰ্মা আয়োগৰ মূল বিষয়বস্তুসমূহ।
আনহাতে, অসমত খিলঞ্জীয়াৰ বাবে সংৰক্ষণ হ’ব মাটি, ভাষা আৰু সংস্কৃতি।
২০২৫ চনৰ এপ্ৰিলতেই অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ জৰিয়তে খিলঞ্জীয়াৰ বাবে হ’ব সংৰক্ষণ।
ঘোষণা মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ।
৫/ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা অনুসৰিয়ে পাৰস্পৰিক বুজাবুজিৰে হ’ব ৰাজ্যৰ কৰ্মচাৰীৰ বদলি।
ইয়াৰ বাবে ২ অক্টোবৰত মুকলি হ’ব নিৰ্দিষ্ট প’ৰ্টেল।
নিৰ্দিষ্ট প’ৰ্টেলতহে বদলিৰ বাবে কৰিব লাগিব আবেদন।
তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়েহে কৰিব পাৰিব আবেদন।
ইয়াৰ বাবে প্ৰয়োজনীয় তথ্য দাখিলৰ নিৰ্দেশ প্ৰতিটো বিভাগৰ জ্যেষ্ঠ সচিবক।
ইতিমধ্যে GADয়ে জাৰি কৰে প্ৰয়োজনীয় নিৰ্দেশনা।
৬/ ৰাজ্যত ৩ খনকৈ পলিটেকনিকৰ বাবে ১০০ কোটি টকাৰ অনুমোদন।
হাজো, মাজুলী, টিংখঙত নিৰ্মাণ হৈ আছে পলিটেকনিক।
ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
৭/ ৩ লাখ ৩২ হাজাৰ ৬৪০ গৰাকী ছাত্ৰী-ছাত্ৰীক ৰাজ্য চৰকাৰে প্ৰদান কৰিব বিনামূলীয়া চাইকেল।
বিনামূলীয়া চাইকেল প্ৰদানৰ বাবে কেবিনেটত ১৪৮.৫৫ কোটি টকা অনুমোদন।
নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব বিনামূলীয়া চাইকেল।
এই কথা সদৰী কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।
৮/ ৰাজ্যৰ শিক্ষাখণ্ডত নতুনকৈ অন্তৰ্ভুক্ত হ’ব নীতিশিক্ষাৰ পাঠদান।
নতুন শিক্ষাবৰ্ষৰ পৰা তৃতীয়, ষষ্ঠ শ্ৰেণীত অন্তৰ্ভুক্ত হ’ব ‘চৰিত্ৰ পাঠ’।
‘এখন সুন্দৰ, নিকা সমাজ গঢ়াৰ ক্ষেত্ৰত গ্ৰন্থখনে ইতিবাচক ভূমিকা গ্ৰহণ কৰিব।’
মালিগাঁৱত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
৯/ বিজেপি নেতাৰ আত্মহননৰ গোচৰত অভিযুক্ত দুলাল বৰাৰ জামিন নাকচ।
গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে অগ্ৰিম জামিন আবেদন।
চৰকাৰী পক্ষৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন লোক ফৰিয়াদি মাখন ফুকনৰ।
২২ অক্টোবৰত গোচৰ পঞ্জিকা দাখিলৰ নিৰ্দেশ আদালতৰ।
১০/ শক্তি বিভাগৰ কৰ্মচাৰীৰ গাফিলতিত যুৱকৰ মৃত্যুৰ অভিযোগ।
মৰিয়নিৰ কাঠকটিয়াত শক্তি বিভাগৰ কৰ্মচাৰী প্ৰশান্ত বৰাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
১৯ ছেপ্টেম্বৰত বিদ্যুত্স্পৃষ্ট হৈ মৃত্যু হৈছিল গোবিন্দ বৰাৰ।
১১/ যোৰহাটৰ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভয়ংকৰ ঘটনা।
একাদশ শ্ৰেণীৰ ছাত্ৰ দেৱজিৎ বণিয়াক চোকা অস্ত্ৰৰে আক্ৰমণ ।
বিদ্যালয়ৰ ভিতৰতে দেৱজিৎ বণিয়াক আক্ৰমণ কৰে একাংশ ছাত্ৰই।
আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা দেৱজিৎ বণিয়াক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
আৰক্ষীয়ে আটক কৰে বিজয় হাজৰিকা নামৰ এজন ছাত্ৰক।
১২/ যোগীঘোপাত শীঘ্ৰে মুকলি হ’ব আই ডব্লিউ টি টাৰ্মিনেল।
ব্ৰহ্মপুত্ৰ নৈৰ পাৰত নিৰ্মাণ জল পৰিবহণৰ টাৰ্মিনেল।
যোগীঘোপাৰ পৰা বাংলাদেশলৈ চলিব আন্তঃৰাষ্ট্ৰীয় জাহাজ।
১৩/ ২০১৯ চনৰ পিছত প্ৰথমবাৰৰ বাবে ৰঞ্জি ট্ৰফী ২০২৪-২৫ৰ দিল্লীৰ সম্ভাৱ্য তালিকাত অন্তৰ্ভুক্ত হয় বিৰাট কোহলী।
দিল্লী আৰু জিলা ক্ৰিকেট এছ’চিয়েশ্যনে প্ৰকাশ কৰে ৮৪ জনীয়া সম্ভাৱ্য তালিকা।
১৪/ ২৫ আৰু ২৬ ছেপ্টেম্বৰত অসম আৰু মেঘালয়ত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা।
২৬ ছেপ্টেম্বৰত অৰুণাচল প্ৰদেশ, উপ-হিমালয় পশ্চিমবংগ, আৰু ছিকিমত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা।
কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰে এই তথ্য।
১৫/ আজি বিশ্ব ফাৰ্মাচিষ্ট দিৱস৷
বৰপেটা জিলাৰ নসত্ৰৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ ফাৰ্মাচী প্ৰতিষ্ঠানত পালন কৰে এই দিৱস৷
উক্ত অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অধ্যক্ষৰ পৰা আৰম্ভ কৰি শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে।
১৬/ মানদণ্ড পৰীক্ষাত বিফল হয় পেৰাচিটামলকে ধৰি ৫৩ বিধ ঔষধ।
ইয়াৰ ভিতৰত আছে ডায়েবেটিচ, ৰক্তচাপ, মাল্টিভিটামিন, এণ্টিবায়’টিক্স।
ঔষধ নিয়ন্ত্ৰক সংস্থা, চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰোল অৰ্গেনাইজেচন (CSDSO)-এ প্ৰকাশ কৰে তালিকা।
১৭/ বিজেপিৰ অনলাইন সদস্যৰ সংখ্যা ৪৩ লাখ অতিক্ৰম।
পাথাৰকান্দিক চেৰ পেলাই শীৰ্ষ-৫ত প্ৰৱেশ ৰঙিয়াৰ।
৪০ হাজাৰতকৈ অধিক সদস্য থকা সমষ্টিৰ সংখ্যা ৩৮টাৰ পৰা ৪৮টালৈ বৃদ্ধি।
শীৰ্ষ ১০ত স্থান লাভ ঢেকীয়াজুলিৰ।
১৮/ ২৬ অক্টোবৰ- ৩ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব ধেমাজি গ্ৰন্থ উৎসৱ -২০২৪।
সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কাছাৰী ময়দানত অনুষ্ঠিত হ’ব গ্ৰন্থ উৎসৱ।
১৯/ বিতৰ্কিত RTI কৰ্মী দুলাল বৰাক আটক।
দিল্লী আৰক্ষীয়ে আটক কৰে দুলাল বৰাক।
বিজেপি নেতাৰ আত্মহননৰ গোচৰত অভিযুক্ত দুলাল বৰা।
২০/ নগাঁও আৰক্ষীৰ জালত ভুৱা ৰাজহ চক্ৰ বিষয়া।
প্ৰৱঞ্চক মহিলাগৰাকীৰ নাম ৰাজশ্ৰী দেৱী।
নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ কৰ্মচাৰী ৰাজশ্ৰী দেৱী।
এগৰাকী মহিলাৰ পৰা সংগ্ৰহ কৰিছিল ডেৰ লাখ টকা।
জিলা সত্ৰ ন্যায়াধীশৰ আদালতত চাকৰি দিয়াৰ নামত লৈছিল ধন।
ৰাজশ্ৰী দেৱীৰ স্বামীও এগৰাকী অধিবক্তা।
নগাঁও সদৰ থানাত ৰুজু হৈছে ৯৪২/২৪ নম্বৰত গোচৰ।
গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে ৰাজশ্ৰীক প্ৰেৰণ কৰে জে’ললৈ।
Sangita Dutta Editor in Chief Rnewsindia24.com