Syeda Anwara Taimur

অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰ।

Spread the love

অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰে অসমবাসীৰ বাবে কি কি কৰিলে।

যশস্বী ৰাজনীতিবিদ, সমাজ সংস্কাৰক, স্বাধীনতা সংগ্ৰামী, অসমৰ অষ্টম গৰাকী মুখ্যমন্ত্ৰী আছিল চৈয়দা আনোৱাৰা টাইমূৰ।

১৯৮০ চনৰ ৬ ডিচেম্বৰৰ পৰা ১৯৮১ চনৰ ৩০ জুনলৈকে তেওঁ মুখ্যমন্ত্ৰীৰ পদৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল।
তেৱেঁই হৈছে অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী।

প্ৰিয় পাঠক, এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

এতিয়া জানো আঁহক তেওঁৰ চমু জীৱনীৰ বিষয়ে –

১৯৩৬ চনৰ ২৪ নৱেম্বৰ তাৰিখে চৈয়দা আনোৱাৰা টাইমূৰৰ জন্ম হৈছিল।
তেওঁ আলিগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
১৯৫৬ চনত তেওঁ যোৰহাটৰ দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তাৰূপে যোগদান কৰে।

তেখেত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এগৰাকী সক্ৰিয় সদস্যা আছিল।
সেই কমিটিত যোগদান কৰাৰ পিছতেই তেওঁ নানা মহিলা সংগঠনৰ লগত জড়িত হৈ পৰিছিল।

চৈয়দা আনোৱাৰা টাইমূৰ ১৯৭২ চনত অসম বিধানসভালৈ সদস্যা হিচাপে নিৰ্বাচিত হয় ।
সেইবাৰ শৰৎ চন্দ্ৰ সিংহৰ মন্ত্ৰীসভাত তেওঁ ৰাজ্যিক শিক্ষামন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।
ইয়াৰ পিছত ১৯৭৮, ১৯৮৩ আৰু ১৯৯১ চনৰ বিধানসভালৈও তেওঁ সদস্যা হিচাপে নিৰ্বাচিত হৈছিল।

যোগেন্দ্ৰ নাথ হাজৰিকাৰ মন্ত্ৰীসভাৰ পতনৰ পিছত, ১৯৭৯ চনৰ ১২ ডিচেম্বৰৰ পৰা অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হয়। কেইবামাহো ৰাষ্ট্ৰপতি শাসন চলোৱাৰ অন্তত, প্ৰধানমন্ত্ৰীৰ নিৰ্দেশক্ৰমে কংগ্ৰেছ (ই) দলৰ নেত্ৰী চৈয়দা আনোৱাৰা টাইমূৰক অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ দিয়া হয়।

১৯৮০ চনৰ ৬ ডিচেম্বৰত তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে।
এনেদৰে অসমত ৰাষ্ট্ৰপতি শাসনৰ অন্ত পৰে।

টাইমূৰে দায়িত্ব লোৱাৰ সময়ত, অসমত বিদেশী বহিষ্কৰণ আন্দোলন চলি আছিল।
অসমত অবৈধভাৱে অনুপ্ৰৱেশ কৰি, অসমৰ মাটিত স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা হাজাৰ হাজাৰ বাংলাদেশী লোকক অসমৰ মাটিৰ পৰা বহিষ্কৰণ কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু গণ সংগ্ৰাম পৰিষদে অসমত তীব্ৰ এক আন্দোলন গঢ়ি উঠিছিল।
অসমত সেই আন্দোলন এক জাতীয় আন্দোলন ৰূপে গঢ়ি উঠিছিল।
টাইমূৰ চৰকাৰে এই সমস্যাটো আলোচনাৰ মাজেৰে সমাধান নকৰি কঠোৰ স্থিতি গ্ৰহণ কৰিছিল।
তেওঁ পুলিচৰ হাতত অধিক ক্ষমতা প্ৰদান কৰি, এই আন্দোলন চি. আৰ. পি.ৰ হতুৱাই মষিমূৰ কৰিবলৈ চেষ্টা কৰিছিল।
সেই সময়ত অসমৰ বাতৰি কাকত সমূহে অসম আন্দোলনক পূৰ্ণ সমৰ্থন আগবঢ়াইছিল।
সেয়ে টাইমূৰ চৰকাৰে অসমৰ বাতৰি কাকত আৰু আলোচনীসমূহত চেন্সৰ আদেশ জাৰী কৰে।
বিশেষকৈ দৈনিক অসম, অগ্ৰদূত, জনমভূমি আদি কাকতৰ ওপৰত চৰকাৰে চোকা নজৰ ৰাখিছিল।

প্ৰায় সাত মাহ কাল শাসনকাৰ্য চলোৱাৰ পাছত আনোৱাৰা টাইমূৰৰ চৰকাৰখনৰ শোচনীয় পতন ঘটে।
১৯৮১ চনৰ ৩০ জুনত চৈয়দা আনোৱাৰা টাইমূৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে।
ইয়াৰ পিছতে অসমত পুনৰ ৰাষ্ট্ৰপতি শাসনৰ প্ৰৱৰ্তন হয়।

২০২০ চনৰ ২৮ ছেপ্টেম্বৰত অষ্ট্ৰেলিয়াত তেখেতে জীৱন নাটৰ সামৰণি পৰে।

এইয়াই আছিল মুখ্যমন্ত্ৰী গৰাকীৰ চমু জীৱনযাত্ৰা।
ধন্যবাদ।।

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *