২০২৫ বৰ্ষৰ ১ মে’ পৰা ৪ মে’ তাৰিখলৈকে মহাৰাষ্ট্ৰৰ কপাৰখাৰ্নেত চাৰিদিনিয়াকৈ ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত আৰু মহাৰাষ্ট্ৰ পেন্চাক চিলাট এছ’চিয়েশ্বনৰ সহযোগত অনুষ্ঠিত হোৱা আস্মিতা “ৰাষ্ট্ৰীয় খেল’ ইণ্ডিয়া উইমেন পেন্চাক চিলাট লীগ”ত অসমে তিনিটা সোণ, তিনিটা ৰূপ আৰু সাতটা ব্ৰঞ্জৰ পদকেৰে দ্বিতীয় স্থান দখল কৰি ৰাজ্যখনক গৌৰৱাম্বিত কৰিছে।

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰত্যক্ষ পৰ্য্যৱেক্ষণত হোৱা উক্ত প্ৰতিযোগিতাত দেশৰ ৩৪ ৰাজ্যৰ প্ৰায় ১১০০ গৰাকী জুনিয়’ৰ মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰে।
প্ৰতিযোগীতাখনত অসমৰ খেলুৱৈ সকলে টেণ্ডিং, টুংগল, গাণ্ডা, ৰেগু আৰু ক্ৰীয়েটিভ ছ’ল’ আদি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।
অসম পেনচাক চিলাট সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক তথা উত্তৰ-পূৱ পেনচাক চিলাট মহাসংঘৰ উপ-সভাপতি লক্ষ্যজিত দলে, ৰাষ্ট্ৰীয় বিছাৰক ঔম চেত্ৰী আৰু প্ৰশিক্ষক সত্যনাথ বড়োৰ নেতৃত্বত যোৱা অসম দলৰ ধেমাজি জিলাৰ নিহাৰিকা নেওঁগে সোনৰ পদক, হেপ্পি দেৱনাথে ব্ৰঞ্জৰ পদক, লাকী বিশ্বকৰ্মাই ব্ৰঞ্জৰ পদক, গোলাঘাট জিলাৰ ৰশ্মিতা নাথে ৰূপৰ পদক, মণিকা বড়োৱে ব্ৰঞ্জৰ পদক, সুমন গৌড়ে ব্ৰঞ্জৰ পদক, চিম্পী বৰাই দুটাকৈ ব্ৰঞ্জৰ পদক, ৰিম্পী গগৈ দুটাকৈ ৰূপৰ পদক, শিৱসাগৰ জিলাৰ দিল আফ্ৰুজা বেগমে সোনৰ পদক, যোৰহাট জিলাৰ বৈষ্ণবী কছাৰীয়ে ব্ৰঞ্জৰ পদক, বিশ্বনাথ জিলাৰ স্নেহা গগৈয়ে ব্ৰঞ্জৰ পদক, গোৱালপাৰা জিলাৰ সাগৰিকা ৰাভাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, সৰ্ব্বভাৰতীয় পৰ্য্যায়ত দেশৰ তিনিখনকৈ ৰাজ্যত তিনিটাকৈ খণ্ডত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় খেল’ ইণ্ডিয়া উইমেন পেন্চাক চিলাট লীগ ২০২৫ত অসমে চাব্-জুনিয়’ৰ (ছত্তিশগড়) শাখাত চতুৰ্থ স্থান, ছিনিয়’ৰ (জম্মু-কাশ্মীৰ) শাখাত দ্বিতীয় স্থান আৰু সদ্য সমাপ্ত জুনিয়’ৰ শাখাত দ্বিতীয় স্থান প্ৰাপ্ত কৰি অসম পেনচাক চিলাট সংস্থাক দেশৰ অন্যতম অগ্ৰণী ক্ৰীড়া সংস্থাৰূপে পুনৰবাৰ প্ৰমাণিত কৰে বুলি Rnewsindia24 ক জানিব দিয়ে।
প্ৰিয় পাঠক, এনেধৰণৰ গৌৰৱময় বাৰ্তা সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com
Sangita Dutta Editor in Chief Rnewsindia24.com