নাৰী অৰ্ধ আকাশ !

Spread the love

Assam March 10: 

নাৰী কেৱল দুটা বৰ্ণৰে গঠিত এটি মাথো সাধাৰণ শব্দই নহয়, ই সৃষ্টিৰ প্ৰবাহমান ঢল৷

নাৰী কেৱল মাত্ৰ সৃষ্টিৰ প্ৰতীক হিচাপেই পৰিচিত নহয়, নাৰীয়ে স্ব-প্ৰতিভাৰে সমাজৰ প্ৰতিটো প্ৰজন্মৰ সাহস আৰু প্ৰেৰণাৰ প্ৰতীক হিচাপেও ইতিহাসৰ পৃষ্ঠাত আধিপত্য বিস্তাৰ কৰি আহিছে।

নাৰী অনন্য, নাৰী অতুলনীয়, নাৰী মমতাময়ী, নাৰী আশীৰ্বাদ, নাৰী অৰ্ধ আকাশ, নাৰী প্ৰেৰাণাৰ উৎস, নাৰীৰ ভৰিৰ তলুৱাত সন্তানৰ জান্নাত (স্বৰ্গ)।

সেই নাৰীক শ্ৰদ্ধা, সন্মান তথা সেৱা জনাবলৈ নিদিষ্ট কোনো দিনৰ প্ৰয়োজন নাই।

এগৰাকী নাৰীয়ে কেনেকৈ বা কি পৰিস্থিতিত এটা পৰিয়াল তথা এখন সমাজ গঢ় দিয়ে সেয়া বহলাই নকলেওঁ সহজে অনুমেয়।

নাৰীৰ অসহনীয় কষ্ট-যন্ত্ৰণা আৰু ত্যাগক কোনেওঁ স্বীকাৰ কৰিব নোৱাৰিব।

নাৰীক শ্ৰদ্ধা-সন্মান আৰু সেৱা-শুশ্ৰুষা নকৰি আন আন ধৰ্মী অথবা পুন্যৰ কাম কৰা মুৰ্খামীৰ পৰিচায়ক, কিয়নো মাতৃ সেৱাতকৈ ডাঙৰ পুন্যৰ কাম ধৰাৰ বুকুত আন একোৱেই হ’ব নোৱাৰে কিন্তু পৰিতাপৰ বিষয় আজি আমি নাৰী জাতিক অৱজ্ঞা, অৱহেলা কৰাই নহয়, পদে পদে অপমান-অপদস্থ তথা নিৰ্যাতন কৰি আহিছোঁ, আৰু বছৰৰ মূৰত এবাৰ নাৰী দিৱস উদযাপন কৰি অৰ্জিত পাপৰ প্ৰায়শ্চিত্ত বা কলংক মোচন কৰিব খুজিছোঁ, এয়া কেনেকুৱা ধৰণৰ কথা?

আমিবোৰে এইধৰণৰ মানসিকতা সলনি কৰিব লাগিব।

এগৰাকী নাৰীৰ সন্তান জীৱশ্ৰেষ্ঠ মানুহে কেৱল এটা নিদিষ্ট দিনত নাৰী দিৱস পালন কৰি নিজৰ দায়িত্ব সামৰিলে নহব, পুৰুষতান্ত্ৰিক এইখন সমাজৰ পৰা লিংগ বৈষম্য দূৰ কৰি নাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ সমান্তৰালকৈ তেওলোকৰ শিক্ষা, স্বাস্থ্যকে ধৰি সৰ্বাংগীন উন্নতি সাধন কৰিব লাগিব।

তেতিয়াহে প্ৰকৃতাৰ্থত নাৰীক শ্ৰদ্ধা, সন্মান তথা সেৱা জনোৱা হ’ব।

উল্লেখ্য যে, ১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত প্ৰথমে নিউয়ৰ্কত উৎযাপন কৰা হৈছিল নাৰী দিৱস।

তাৰ ভিত্তিতে বহু ইউৰোপীয়ান দেশত ৮ মাৰ্চ ১৯১৪ চনত নাৰী দিৱস পালন কৰি আহিছে, আমাৰ ভাৰতবৰ্ষতো নাৰীৰ প্ৰতি শ্ৰদ্ধা, তেওঁলোকৰ কৰ্মৰাজীৰ প্ৰশংসা আৰু সন্মান প্ৰদৰ্শন কৰি আন্তৰ্জাতিক নাৰী দিৱসক মহিলাসকলৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক সাফল্য অর্জনৰ উৎসৱ হিচাপে পালন কৰা হয়।

নাৰী সকলৰ সবলীকৰণ তথা ৰাজনৈতিক, সমাজিক, অৰ্থনৈতিকভাৱে আৰু অধিক শক্তিশালী কৰাৰ প্ৰচেষ্টাৰে বছৰত এবাৰ এই দৰে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰিয়েই দায়-দায়িত্ব সামৰিলে নহব, আমিবোৰে হাতে কামে লাগিব লাগিব।

অৱশ্যে নাৰী দিৱস অনুষ্ঠানে জনসাধাৰণৰ মাজত নাৰীৰ সবলীকৰনৰ ওপৰত সজাগতা সৃষ্টি কৰাত যথেষ্ট অৰিহণা যোগাব বুলি ভৱাৰ স্থল আছে, নথকা নহয়।

শেষত সদৌটিলৈকে আন্তজাৰ্তিক নাৰী দিৱসৰ হিয়াভৰা প্ৰীতি ও শুভ কামনা জ্ঞাপন কৰিলোঁ।

 

By: জুলহাছ আলী আহমেদ R News India 24 

Leave a Reply

Your email address will not be published. Required fields are marked *