Assam March 9:
ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাগত।
নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰচাৰ অভিযান জোৰদাৰ কৰি কৰি তুলিছে ৰাজনৈতিক দলসমূহে।
চৰকাৰ গঠনৰ লক্ষ্যৰে সংখ্যাগৰিষ্ঠ আসন আজুৰি আনিবলৈ দিন ঘোষণা কৰাৰ প্ৰতিটো ৰাজনৈতিক দলেই ন ন কৌশল অৱলম্বন কৰা দেখা গৈছে।
ইফালে অসমৰ প্ৰভাৱশালী মন্ত্ৰী তথা নেডাৰ আহ্বানক ড° হিমন্ত বিশ্ব শৰ্মাক আসন্ন অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ বিজেপিৰ ফালৰ পৰা প্ৰাৰ্তীত্ব প্ৰক্ষেপ কৰাত সম্প্ৰতি ভাৰতীয় জনতা পাৰ্টীৰ অসম গোটৰ ভিতৰ মহলত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীত্বক লৈ না না জল্পনা-কল্পনা আৰম্ভ হৈ গৈছে।
চলিত বৰ্ষৰ নিৰ্বাচনত বিজেপিয়ে বিজেপিয়ে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা নাই।
অৱশ্যে তাৰ ব্যাখ্যা কৰা হৈছে বিজেপিৰ ৰাজনৈতিক নেতৃত্বৰ ফালৰ পৰা।
আনহাতে প্ৰায় বছৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক বিজেপিৰ নেতৃত্বক অৱগত কৰিছিল যে ২০২১ৰ নিৰ্বাচনত তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে, এই খবৰ সেই সময়ত সংবাদ মাধ্যম যোগেও প্ৰচাৰ হৈছিল।
তেতিয়া ধাৰণা কৰা কৰা হৈছিল যে নেডাৰ আহ্বানক ড° হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যৰ ৰাজনীতিৰ পৰা অব্যাহতি দি তেওঁক কেন্দ্ৰলৈ লৈ যোৱা হ’ব।
কিন্তু শেহতীয়া ঘটনাপ্ৰবাহে অসমৰ ৰাজনীতিত বিশেষকৈ বিজেপিৰ অন্দৰমহলত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে।
ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় নিৰ্বাচন মণ্ডলীয়ে ইতিমধ্যে জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা মন্ত্ৰী হিমন্ত শৰ্মাৰ প্ৰাৰ্থিত্বক অনুমোদন দিয়ে।
বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে যদি পুনৰাই অসম চৰকাৰ গঠন কৰিব পৰা জোখেৰে বহুমত হাচিল কৰে তেন্তে ড° শৰ্মাক মুখ্যমন্ত্ৰী পদ দিয়া হ’ব নেকি সেয়া নিশ্চিত নহলেওঁ সম্প্ৰতি এই লৈ ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে, ২০১৫ চনত বিজেপি দলত যোগদান কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০১৬ চনত অসমত বিজেপি চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
তেওঁ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ এক চিনাকি নাম হৈ পৰিছে।
যিকি নহওঁক মুখ্যমন্ত্ৰীৰ আসনক লৈ বু বা চলি থকাৰ সময়তে স্থিতি স্পষ্ট কৰি বিজেপিৰ অসম ৰাজ্যিক গোটৰ সভাপতি ৰণজিৎ কুমাৰ দাসে কয় যে, বৰ্তমান চৰকাৰ এখন আছে যিহেতু, সেয়েহে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ঘোষণা কৰাৰ আৱশ্যকতা নাই।
By: জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট R News India 24