প্ৰাৰ্থীত্বৰ পাছতেই মন্ত্ৰী পীযূষ হাজৰিকক লৈ জাগীৰোডত বিশাল সমদল

Spread the love

Assam, March 9: 

ৰাজ্যৰ বিধানসভা নিৰ্বাচন সন্নিকট।

আৰু কিছুদিনৰ পাছতেই অনুষ্ঠিত হব অসম বিধানসভা নিৰ্বাচন।

এইলৈ এতিয়া গৰম হৈ পৰিছে নিৰ্বাচনী বতৰ।

দিনকদিনে আকৰ্ষণীয় ৰূপ লোৱা এইবেলিৰ নিৰ্বাচন হ’ব শাসক-বিৰোধীৰ বাবে সন্মান ৰক্ষাৰ যুঁজ।

ইতিমধ্যে ভোট যোদ্ধত অৱতীৰ্ণ হৱলৈ প্ৰতিটো ৰাজনৈতিক দলেই সৰ্বশক্তি প্ৰয়োগৰ বাবে লক্ষ্য স্থিৰ কৰি লৈছে।

শাসনৰ বাঘজৰী দখল কৰিবলৈ একপ্ৰকাৰ বলিয়া হৈ পৰা ৰাজনৈতিক দলসমূহৰ বৰ্তমান তত নোপোৱা হৈছে।

ইফালে টিকেটকেন্দ্ৰীক সংঘাতে উত্তপ্ত কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি।

একাংশই যদি টিকেট নাপাই দলীয় নেতা-কৰ্মীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আন একাংশই আকৌ টিকেট পোৱাৰ আনন্দত মতলীয়া হৈ পৰিছে।

উল্লেখ্য যে, অসম বিধান সভাৰ ১ এপ্ৰিলত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ ৭৯ নং জাগীৰোড বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী পীযুষ হাজৰিকাক জাগীৰোডৰ সমৰ্থকসকলে উষ্ম আদৰণি জনায়।

টোপাতলীৰ পৰা আঁহতগুৰিলৈ পীযূষ হাজৰিকাক প্ৰায় তিনি সহস্ৰাধিক সমৰ্থকে বিশাল বাইক ৰেলীৰে আদৰণি জনাই।

এই বিশাল সমদলত অংশ গ্ৰহণ কৰি জাগীৰোড সমষ্টিৰ বিধায়ক পীযূষ হাজৰিকাই কয় যে এয়া আৰাম্ভনিহে, এতিয়াওঁ বহুত বাকী আছে বুলি বিৰোধী দলক একপ্ৰকাৰ সতৰ্ক কৰি দিয়ে।

নিজৰ বিজয় সুনিশ্চিত বুলি দাবী কৰি পীযুষ হাজৰিকাই লগতে কয়ঃ তেওঁৰ বিজয়ৰ গতি অপ্ৰতিৰোধ্য, কোনো বিৰোধী দলে তেওঁৰ ওচৰ চাপিবলৈ সক্ষম নহব।

পিছে সময়ে কি কয়, সেইটোহে হ’ব লক্ষনীয়।—

 

By : জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট R News India 24 

Leave a Reply

Your email address will not be published. Required fields are marked *