সুগন্ধি পখিলাৰ কবি, ৰ’দালী কবি হীৰেন ভট্টাৰ্চায (হীৰুদা)।

Spread the love

ভাৰত বৰ্ষৰ এগৰাকী খ্যাতিসম্পন্ন কবি, সুগন্ধি পখিলাৰ কবি, ৰ’দালী কবি হীৰেন ভট্টাৰ্চায।

তেখেতৰ দ্বাৰা ৰচিত মুঠ ১৩খন অসমীয়া ভাষাত কবিতা পুথি প্ৰকাশ পাইছে আৰু বঙালী ভাষাত ২ খনকৈ কবিতা পুথি অনুদিত হৈছে।

তেওঁ অসমীয়া সাহিত্য জগতলৈ বহুতো অৱদান আগবঢ়াই থৈ গৈছে।

তেখেতে ১৯৯২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

অসমীয়া কবিতা প্ৰেমীৰ বাবে তেওঁৰ পৰিচিত নাম হ’ল ‘হীৰুদা‘।

তেখেতক সুগন্ধি পখিলাৰ কবি আৰু প্ৰেম আৰু ৰ’দালিৰ কবি বুলি অসমীয়া সাহিত্য জগতত পৰিচিত।

তেখেতৰ জন্ম হয় ১৯৩২ চনত অসমৰ যোৰহাটত
পিতৃ স্বৰ্গীয় তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্বৰ্গীয়া স্নেহলতা ভট্টাচাৰ্য।
তেখেতৰ পিতৃ এজন জেইলাৰ আছিল।

১৯৫৪ চনৰ পৰা তেওঁ ভাৰতীয়  গণনাট্য সংঘৰ লগত সক্ৰিয়ভাৱে জড়িত হৈছিল।

১৯৬৪-৬৫ চনৰ ভিতৰত হীৰেন ভট্টাচাৰ্যঅসম প্ৰগতিশীল শিল্পী সাহিত্যিক সংঘ“ৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ পৰে। এই সংঘৰ প্ৰতিষ্ঠাৰ বাবে তেওঁ বৰ আন্তৰিকতাৰে কাম কৰিছিল।

বহু কম বয়সৰ পৰা কবিতা লিখিবলৈ আৰম্ভ কৰা হীৰেন ভট্টাচাৰ্যৰ প্ৰথম কবিতা প্ৰকাশ হয় ১৯৫৭ চনত।

১৯৭২ চনত তেওঁৰ প্ৰথম কবিতা পুথিৰ সংকলন “মোৰ দেশ মোৰ প্ৰেমৰ কবিতা” প্ৰকাশ হয়।

ইয়াৰ পিছত বিভিন্ন দিনৰ কবিতা, কবিতাৰ ৰ’দ আৰু তোমাৰ গান সংকলনকেইখন প্ৰকাশ পায়।

কবিৰ সুগন্ধি পখিলা মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বোকা মাটি তেওঁৰ কবিতাৰ আটাইতকৈ উজ্জ্বল দিশ।

ভট্টাচাৰ্যৰ সৰু সৰু কবিতা কিছুমানৰ মাজত থকা এটা সুৰ এটা লয়ৰ কাৰণে পাঠকৰ মনৰ মাজত গভীৰ সাঁচ বহুৱায়।

প্ৰকৃতি আৰু মানুহ তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু।

চিত্ৰবন’, ‘মনন’ আৰু ‘আন্তৰিক’ নামে তিনিখন আলোচনী তেওঁ সম্পাদনা কৰিছিল।

তেখেতৰ একমাত্ৰ গীতৰ সংকলন হল তোমাৰ গান ১৯৭২
তেখেতে সম্পাদনা কৰা দুখন কাকতৰ নাম হ’ল চিত্ৰবন আৰু মনন

তেওঁৰ প্ৰকাশিত কাব্য-সংকলনসমূহ হ’ল:

মোৰ দেশ মোৰ প্ৰেমৰ কবিতা
বিভিন্ন দিনৰ কবিতা
কবিতাৰ ৰ’দ
সুগন্ধি পখিলা
শইচৰ পথাৰ মানুহ
মোৰ প্ৰিয় বৰ্ণমালা
ভালপোৱাৰ বোকা-মাটি
ভালপোৱাৰ দিক্‌চৌ বাটেৰে
বাচকবনীয়া কবিতা
সুগন্ধি শিপা
শিপাৰ পৰা পাতলৈ
কেইটামান গান
জোনাকী মন

মিচিং স্বায়ত্তশাসিত পৰিষদৰ আঁচনি
মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

 

শিশুৰ বাবে ৰচনা কৰা সংকলনসমূহ হ’ল:
ল’ৰা ধেমালি
আকৌ ধেমালি
ৰৈ ৰৈ ধেমালি।

১৯৭৬ চনত ‘বিভিন্ন দিনৰ কবিতা‘ গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধাৰী বঁটা

১৯৮৫ চনত ‘সুগন্ধি পখিলা‘ গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা, ভাৰতীয় বিদ্যা ভৱনৰ বালাজী সাহিত্য বঁটা

১৯৮৭ চনত ‘সুগন্ধি পখিলা‘ গ্ৰন্থৰ বাবে চোভিয়েট দেশ নেহেৰু বটাঁ

১৯৯২ চনত ‘শইচৰ পথাৰ মানুহ‘ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা, উত্তৰ প্ৰদেশ হিন্দী সংস্থাৰ ‘সৌহাদ্য সন্মান‘।

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনি
মিচিং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

১৯৯৩ চনত ‘শইচৰ পথাৰ মানুহ‘ গ্ৰন্থৰ বাবে ভাৰতীয় ভাষা পৰিষদৰবজালিনী বঁটা‘।

২০০০ চনত উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসৰ ‘অসম উপত্যকা সাহিত্য বঁটা‘।

২০০৯ চনত অসম চৰকাৰৰ গণেশ গগৈ বঁটা

২০১২ চনত মুম্বাইৰ ৰামনাথ ভট্টাচাৰ্য ফাউণ্ডেচনৰ পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ

২০১২ চনৰ ৪ জুলাই তাৰিখে হীৰেন ভট্টাচাৰ্যই গুৱাহাটীৰ দিশপুৰ চিকিৎসালয়ত অন্তিম নিশ্বাস ত্যাগ কৰে।

তেখেতৰ মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলী জনাইছোঁ।

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *