মূলা কি কি ৰোগত কেনেকৈ ব্যৱহাৰ কৰা হয় ?

Spread the love

মূলা স্বাস্থ্যৰ বাবে অতি উপকাৰি।
মূলা খালে আমাৰ দেহৰ বহু বেমাৰ নাশ হয়।

মূলাত প্ৰটিন, ভিটামিন চি, এ, খনিজ দ্ৰব্য, কাৰ্ব’হাইড্ৰেট, কেলচিয়াম, ফছফৰাছ, আয়ৰণ, ছডিয়াম, পটাছিয়াম, আই ইউ থায়মিন, ৰাইব’ফ্লেভিন, নিক’টিনিক এচিড আদি উপাদানেৰে ভৰপূৰ।

জানো আহক মূলাৰ ঔষধী গুণ সমূহৰ বিষয়েঃ

ক) মূলাত থাকে প্ৰচুৰ পৰিমাণৰ পানী আৰু ফাইবাৰ থাকে বাবে ওজন হ্ৰাস কৰাত সহায়ক।

খ) বৃক্কজনিত সমস্যাৰ বাবে মূলা অত্যন্ত উপকাৰী।
বৃক্কৰ পাথৰকে আদি কৰি প্ৰায় সকলো সমস্যা দূৰ কৰে।

গ) মূলাত থকা ভিটামিন চিয়ে ৰোগ প্ৰতিৰোধত সহায় কৰে।

ঘ) লিভাৰ আৰু পাকস্থলীৰ বাবে অতি উপকাৰী মূলা।
মূলাই তেজত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে।

ঙ) মূলাৰ ৰস কেন্সাৰ ৰোগত বহুত উপকাৰী।
জ্বৰ-কাঁহ-চৰ্দি হ’লে মূলাৰ ৰস খালে যথেষ্ট উপশম পোৱা যায়।

চ) মূলাত এন্টি- হাইপাৰটেনছিভ উপাদান থাকে যিয়ে উচ্চ ৰক্তচাপত বাধা প্ৰদান কৰে।

ছ) মূলা খালে হজমত কৰাত সহায় কৰে।
লগতে ই এচিডিটি, গেষ্ট্ৰিকৰ সমস্যা আৰু বমি বমি ভাবৰ দৰে সমস্যা নিৰাময়তো সহায়ক।

জ) ছালৰ উজ্জ্বলতা বঢ়াবলৈ প্রতিদিনে মূলাৰ ৰস খাব পাৰে।
ইয়াত ভিটামিন চি আৰু ফছফৰাছ থাকে যিয়ে ছাল ভালে ৰাখে।

ঝ) মূলাই মাতৃৰ দুগ্ধ বৃদ্ধি কৰে আৰু দেহৰ Immunity বৃদ্ধি কৰে।

গতিকে এইখিনি সমস্যাত যদি ভুগিছে তেন্তে মূলা খাওক আৰু শৰীৰটো ভালে ৰাখক।

বিঃদ্ৰঃ – অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

লগতে আপুনি মূলা খায় কেনে পাই কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।
ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনি ৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
কাংকান কায়োম R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *