মাটি কাঁদুৰিৰ ঔষধী গুণ। ঋতুস্ৰাৱ, কৰ্কট, স্তন্যপান, স্নায়ু সম্পৰ্কীয় ৰোগৰ বাবে মাটি কাঁদুৰি শাক ।
মাটি কাঁদুৰি শাক আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰি।
মাটি কাঁদুৰি শাক ঔষধি গুণেৰে পৰিপুষ্ট।
এই বিধ শাক খালে দেহৰ বহু মাৰাত্মক বেমাৰ নাশ কৰে।
মাটি কাঁদুৰি শাকৰ ইংৰাজী নাম Land sorrel আৰু বৈজ্ঞানিক নাম Alternenthera sessilis.
জানো আহক মাটি কাঁদুৰি শাকৰ ঔষধী গুণ সমূহঃ
1. অনিয়মিত ঋতুস্ৰাৱত কষ্ট পোৱা মহিলাসকলে মাটি কাঁদুৰি খালে ৰোগ সোনকালে নিৰাময় হয়।
2. মাটি কাঁদুৰি শাক কৰ্কট ৰোগৰ প্ৰতিৰোধক।
3. পায়খানা হ’লে মাটি কাঁদুৰি শাক থেতেলিয়াই তাৰ ৰস খালে পায়খানা কমে।
4. পেট কমুৰিলেও মাটি কাঁদুৰিৰ আঞ্জা খালে সুফল পোৱা যায়।
5. মাটি কাঁদুৰি শাক খালে স্নায়ু সম্পৰ্কীয় বহুতো ৰোগ নিৰাময় কৰে আৰু ওজন হ্ৰাস কৰাত সহায় কৰে ।
6. মাটি কাঁদুৰি শাক খালে পাইলছ ৰোগ, জণ্ডিছ নিৰাময় হয়।
7. মাটি কাঁদুৰি খালে শৰীৰৰ তাপ, চকুত জ্বলা – পোৰা, বিষ, বগাস্ৰাৱ, যকৃৎ ৰোগ আৰু মূৰৰ বিষ নিৰাময় কৰে।
8. মাটি কাঁদুৰিৰ পাতবোৰে স্তন্যপান কৰাই থকা মহিলা সকলৰ দেহত গাখীৰৰ উৎপাদন বৃদ্ধি কৰে।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে মাটি কাঁদুৰি শাক খাওঁক আৰু নিৰোগী হৈ থাকক।