2. আজি ৰাজ্যৰ সকলো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০’ৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
এতিয়াৰপৰা, ৰাজ্যৰ সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানে চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আগবঢ়াব আৰু School leaving দশমত নহয়, দ্বাদশ শ্রেণীতহে হ’ব।
উক্ত অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, শিক্ষাৰ উপদেষ্টা ননীগোপাল মহন্ত আৰু গণ্যমান্য ব্যক্তি।
3. আজি গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ৷
মুঠ ১০টা পদৰ বাবে অনুষ্ঠিত ভোটগ্ৰহণ৷
২৫জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৯৯৮জন ভোটাৰে৷
পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ভোট গ্ৰহণ৷
৪ জুনত ঘোষণা হ’ব ফলাফল৷
4. পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব ৰাজ্যৰ বিদ্যালয়সমূহৰ পাঠদান।
প্ৰচণ্ড গৰমৰ বাবে সকলো জিলাৰ উপায়ুক্তলৈ এই নিৰ্দেশ শিক্ষা বিভাগৰ।
টুইটযোগে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জনালে এই কথা।
5. অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস।
প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।
“বহু IFS, AFS বিষয়াই বুজি নাপায় বৃক্ষৰ মূল্য”- মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ।
6. জ্যোতি চিত্ৰবনত নতুন অসমীয়া ছবি ‘বীৰাংগনা সাধনী’ৰ ট্ৰেইলাৰ মুকলি।
অনুষ্ঠানত উপস্থিতি থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বহু গণ্যমান্য ব্যক্তি।