মিচিং স্বায়ত্তশাসিত পৰিষদৰ জীৱন জীৱিকা অভিযানৰ অধীনত উদ্যান শস্যৰ বিশেষ প্ৰশিক্ষণ। - R News India 24
Skip to content
Rnewsindia24.com
১২ জুন ২০২৩ তাৰিখে তৃতীয় দিনা সোৱণশিৰি ইক’ কেম্পত মিচিং স্বায়ত্তশাসিত পৰিষদৰ জীৱন জীৱিকা অভিযানৰ অধীনত উদ্যান শস্য তামোল খেতিৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য দেৱৰঞ্জন মৰাং।
প্ৰশিক্ষক হিচাপে উপস্থিত থাকে কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজিৰ বিশেষজ্ঞ ড° বিনিতা কোঁৱৰ, সুস্মিতা গগৈ, নিলাক্ষী ভূঞা,
মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিশেষ কৰ্তব্যৰত বিষয়া ডা: অনিল কুমাৰ পেগুৱে পৰিষদৰ জীৱন জীৱিকা অভিযানৰ বিষয়ে ৩০ গৰাকী উদ্যোগী খেতিয়কক অৱগত কৰায় ।
পৰৱৰ্তী সময়ত অনুস্থিত হব লগা আপেল বগৰী, অমিতা বাগান, কেচু সাৰ তামোল আৰু নেমুটেঙা খেতিৰ প্ৰশিক্ষণবোৰ আগতীয়া জাননীৰ জৰিয়তে জনোৱা হব বুলি ডা: অনিল কুমাৰ পেগুৱে জনাই R News India 24 ত।