Spread the love

Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Oct 6/2023:- 

১/ গোটেই অসমত ১০% শিক্ষক অনুপস্থিত।
‘শিক্ষাসেতু’এপৰ জৰিয়তে ২,০৬৮খন বিদ্যালয়ৰ তথ্য লাভ কৰে।
শিক্ষকৰ অনুপস্থিতিৰ তদন্ত কৰিবলৈ জিলা শিক্ষা বিভাগক নির্দেশ দিয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

২/ ২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটা ঘোষণা।
ইৰানৰ নাৰ্গিছ মহম্মদীলৈ শান্তিৰ নোবেল বটা আগবঢ়োৱা হৈছে।

৩/ মহানগৰী গুৱাহাটীত কৃত্ৰিম বানৰ সংহাৰ।
ৰাজগড়ত বান পৰিস্থিতিৰ বুজ লয় সাংসদ কুইন ওজাই।

৪/ NHPCৰ সোৱণশিৰি প্ৰকল্পত ভয়ংকৰ ঘটনা।
প্ৰকল্পটোৰ ৮ নং হৰ্ছ ৰেছ টানেলৰ ছাদ খহি আহত হয় ৪ জনকৈ শ্ৰমিক ।
২৬ ছেপ্টেম্বৰতে সংঘটিত হৈছিল এই ঘটনা।
সমগ্ৰ ঘটনা গোপনে ৰখাৰ অভিযোগ NHPCৰ বিৰুদ্ধে।

৫/ বৰহোলা সামূহিক চিকিৎসালয়ত এম্বুলেন্স সেৱা মুকলি।
বৃহত্তৰ বৰহোলা অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে এম্বুলেন্স সেৱা মুকলি অনুষ্ঠানত উপস্থিত থাকে সাংসদ তপন কুমাৰ গগৈ।

৬/ দুৰ্নীতি নিবাৰক শাখাৰ জালত SEBAৰ পঞ্জীয়ন শাখাৰ ভাৰপ্ৰাপ্ত অধীক্ষক দীনবন্ধু কলিতা, সহকাৰী অধীক্ষক চৈয়দ আৰিছুদ্দিন আহমেদ।
HSLCৰ প্ৰমাণ-পত্ৰ সংক্ৰান্তত ঘোচ লৈ গ্ৰেপ্তাৰ হয় বিষয়া কেইজন।

৭/ দু্ৰ্নীতি নিবাৰক শাখাৰ জালত ছয়দুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হৰি প্ৰসাদ দাস।
উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হয় শিক্ষা বিষয়াগৰাকী।

৮/ অসমৰ দুজন জ্যেষ্ঠ বিষয়াক ছিকিমলৈ প্ৰেৰণ ৰাজ্য চৰকাৰৰ।
বিষয়া দুজনে বুজ ল’ব বান পৰিস্থিতিৰ, কৰিব পৰ্যালোচনা।
ৰংপ’ আৰু মাজিতাৰত আবদ্ধ অসমৰ ১৬০গৰাকী শিক্ষাৰ্থী।
শিক্ষাৰ্থীকেইগৰাকীক উদ্ধাৰৰ ব্যৱস্থা অসম চৰকাৰৰ।

৯/ নগাঁৱত মহাবিদ্যালয়ৰ ছাত্ৰী অপহৰণৰ চাঞ্চল্যকৰ ঘটনা।
মুখত চেতনানাশক দ্ৰব্য ছটিয়াই অপহৰণৰ অপচেষ্টা দুৰ্বৃত্তৰ।
ই-ৰিক্সাৰে ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় এই ঘটনা।
অচেতন অৱস্থাত উদ্ধাৰ হোৱা ছাত্ৰীগৰাকীক নগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

১০/ ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্ত৷
APDCLক মাচুল বৃদ্ধিৰ পূৰ্ণ কৰ্তৃত্ব প্ৰদান৷
নিয়ামক আয়োগৰ ক্ষমতা কৰ্তন কৰি APDCLক কৰ্তৃত্ব প্ৰদান৷
মাচুল বৃদ্ধিৰ ক্ষেত্ৰত আৰু প্ৰয়োজন নহ’ব ৰাজহুৱা শুনানিৰ৷
যিকোনো মুহূৰ্ততে APDCLয়ে বৃদ্ধি কৰিব পাৰিব বিদ্যুৎ মাচুল৷

১১/ বিমান যাত্ৰীৰ বাবে বেয়া খবৰ৷
IndiGo বিমানৰ টিকটৰ দাম ৩০০-১০০০ টকা পৰ্যন্ত বৃদ্ধি।

১২/ যুদ্ধবিধ্বস্ত ছিৰিয়াত সেনা একাডেমীলৈ লক্ষ্য কৰি বোমা বিস্ফোৰণ।
ড্ৰোণৰ জৰিয়তে আক্ৰমণ চলাইছিল একাডেমীখনত।
বিস্ফোৰণত সেনা জোৱানসহ নিহত হয় শতাধিক লোক, গুৰুতৰভাৱে আহত হয় ১২৫জনকৈ লোক।

১৩/ ৰাহুল গান্ধীক ৰাৱণৰ সৈতে তুলনা বিজেপিৰ৷
সামাজিক মাধ্যমত বিতৰ্কিত ফটো আপলোড কৰাৰ পাছতেই ৰাজীৱ ভৱনত কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ৷

১৪/ মুম্বাইৰ গোৰেগাঁৱত বিধ্বংসী অগ্নিকাণ্ড৷
এটা অট্টালিকাত লগা জুইত নিহত হয় ৬জনকৈ লোক, আহত হয় প্ৰায় অৰ্ধশতাধিক লোক৷
৭ মহলীয়া অট্টালিকাত লগা জুইত জাহ গ’ল কেইবাখনো বাহন৷

১৫/ গুৱাহাটীৰ কৃত্ৰিম বানক লৈ হেল্পলাইন নম্বৰ মুকলি৷
কৃত্ৰিম বান সম্পৰ্কীয় যিকোনো সহায়ৰ বাবে যোগাযোগ কৰিব পাৰে ৯৩৬৫৪-২৯৩১৪ নম্বৰত৷

১৬/ ৰাজ্যত ৯ অক্টোবৰলৈ অব্যাহত থাকিব বৰষুণ৷
নামনিৰ ৬খন জিলাত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট।

১৭/ এছিয়ান গেমছত ভাৰতীয় পুৰুষ হকী দলৰ স্বৰ্ণ জয়।
৫-১ ব্যৱধানত জাপানক পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰে ভাৰতে।
ইয়াৰ লগে লগে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে ভাৰতীয় দলটোৱে।

১৮/ ২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ১১খন আসন পাব বুলি দাবী।
১২খন আসন পালেও আচৰিত হ’বলগীয়া নাথাকিব – মন্তব্য পীয়ুষ হাজৰিকাৰ ।

১৮/ উত্তৰ-পূবৰ প্ৰসিদ্ধ উদ্যোগপতি ড০ জি ডি ধানুকা অংশগ্ৰহণ ‘ভাইব্ৰেণ্ট গুজৰাট গ্লবেল ছামিট-২০২৪ৰ পৰ্যালোচনা সভাত।
গুজৰাটৰ উদ্যোগমন্ত্ৰী বলৱন্টসিং ৰাজপুতকৰ সৈতে বিষদভাৱে আলোচনা বহে উদ্যোগতিপতিগৰাকী।
২০২৪ৰ ১০ আৰু ১২ জানুৱাৰীত গুজৰাটত অনুষ্ঠিত হ’ব ‘ভাইব্ৰেণ্ট গুজৰাট গ্লবেল ছামিট’।

১৯/ No Entry ত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবেই আৰক্ষীক প্ৰহাৰ দুই যুৱকৰ।
নিজকে অধিবক্তা বুলি চিনাকি দিয়ে দুই যুৱকে।
কৰ্তব্যৰত আৰক্ষীক চুচৰাই গাড়ীৰে চেপি মৰাৰ চেষ্টাও দুই যুৱকৰ।
এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ মাজ-মজিয়াত।

২০/ বাক্সাৰ শালবাৰীৰ বাঁহবাৰীত ভয়ংকৰ দুৰ্ঘটনা।
এখন এখন চলন্ত বলেৰ’ পিকআপ ভানৰ ওপৰত প্ৰকাণ্ড এজোপা আহত গছ পৰে।
কথমপি প্ৰাণ ৰক্ষা পৰে বাহনখনৰ দুগৰাকী ব্যক্তি।

Leave a Reply

Your email address will not be published. Required fields are marked *