গণ সমাবেশ BJP

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Nov 10/2023:- 

1. নাওবৈচা বিধানসভা সমষ্টিত লখিমপুৰ জিলা বিজেপিৰ উদ্যোগত পানীগাঁৱত বিশাল ‘গণ সমাৱেশ’।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীয়ুষ হাজৰিকা, সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, জিলা সভাপতি ফণিধৰ বৰুৱা, দলীয় কাৰ্যকৰ্তা, বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ।

2. ‘মোৰ মাটি, মোৰ দেশ’ অভিযানৰ অধীনত সৰ্বাধিক অনলাইন চেলফিৰ বিশ্ব অভিলেখ গঢ়িলে ভাৰতে।
মুঠ ২৫ লাখ চেলফিৰ ১০,৪২,৫৩৮খন চেলফিক কেন্দ্ৰৰ স্বীকৃতি।
গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰমাণপত্ৰ প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছ।

3. গোৱাত অনুষ্ঠিত হোৱা ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত অসমৰ ৩গৰাকী খেলুৱৈয়ে লাভ কৰিলে ৰূপৰ পদক৷
নাম পাৰ্থ প্ৰতিম শইকীয়া, অৰবিন্দ নেওগ, প্ৰণীতা চুতীয়াই৷

4. জনতা ভৱনত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ৱেব পৰ্টেল মুকলি অনুষ্ঠান।
UNIFIED ৱেব পৰ্টেল মুকলি কৰে মন্ত্রী অশোক সিংহলে।

5. ‘CBI এক স্বতন্ত্ৰ আইনী সংস্থা।
CBIৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাই’।
বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত CBI সন্দৰ্ভত এই মন্তব্য কেন্দ্ৰীয় চৰকাৰৰ।

6. আজি বিশ্ব আয়ুৰ্বেদ দিৱস।
কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত দেশজুৰি অষ্টম আয়ুৰ্বেদ দিৱসৰ আয়োজন কৰা হয়।
হাৰিয়ানাৰ পঞ্চকুলাত অনুষ্ঠিত হ’ব আয়ুৰ্বেদ দিৱসৰ মূল অনুষ্ঠান।

7. উত্তৰ প্ৰদেশত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিশেষ কাৰ্যসূচী।
১.৭৫ কোটি হিতাধিকাৰীক বিনামূলীয়া ৰন্ধন গেছ চিলিণ্ডাৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

8. চলিত বৰ্ষৰ ডিচেম্বৰত ডিলিট হ’ব ২ বছৰ ধৰি নিষ্ক্ৰিয় হৈ থকা গুগল একাউণ্ট।
গুগল কৰ্তৃপক্ষই জনাই এই কথা।

9. ‘Lachit The Warrior’লৈ আন এক সন্মান।
ইন্দো-ফ্ৰান্স আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনে লাভ কৰে শ্ৰেষ্ঠ এনিমেটেড চুটি ছবিৰ সন্মান।
DIG পাৰ্থসাৰথি মহন্তৰ ছবি ‘Lachit The Warrior’।

10. ৩ ডিচেম্বৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদন গ্ৰহণ কৰিব APCCয়ে।
দিল্লীত APCCৰ সভাপতি ভূপেন বৰাৰ ঘোষণা।

11. বৰপেটা সত্ৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধক লৈ ৬ সত্ৰলৈ জাননী৷
গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰে জাননী৷
যুগ যুগ ধৰি বৰপেটা সত্ৰত নিষিদ্ধ হৈ আছে মহিলাৰ প্ৰৱেশ৷

12. উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় “খেল মহাৰণ-২০২৩”
উক্ত প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধনী কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতীয়া, জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা, খেল মহাৰণ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক, বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়ত্ৰী, পঞ্চায়তৰ প্ৰতিনিধিৰ লগতে স্থানীয় ৰাইজ।

13. মহানগৰীৰ বশিষ্ঠস্থিত চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ত লজ্জাজনক ঘটনা সংঘটিত হয়।
শিক্ষানুষ্ঠানখনৰ চতুৰ্থবৰ্গৰ কৰ্মীৰ দ্বাৰা শাৰীৰিক নিৰ্যাতনৰ বলি হয় ৪গৰাকী ছাত্রী।
মহাবিদ্যালয়খনৰ অধ্যক্ষক ভুক্তভোগী ছাত্রীকেইগৰাকীয়ে লিখিত অভিযোগ দাখিল কৰাৰ পিছতে চতুৰ্থবৰ্গৰ কৰ্মচাৰী গৰাকীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা ল’বলৈ উৰ্ধতন কৰ্তৃপক্ষক লিখিত প্রতিবেদন দাখিল কৰে অধ্যক্ষগৰাকীয়ে।

14. দীপাৱলীৰ সময়ত জিলা প্ৰশাসনৰ হেল্পলাইন নম্বৰ মুকলি৷
দীপাৱলীৰ সময়ত অগ্নিকাণ্ডৰ খবৰ দিবলৈ যোগাযোগ কৰিব পাৰে ৯৩৬৫৪২৯৩১৪ আৰু ১০৭৭ নম্বৰত৷
মহানগৰ জিলা প্ৰশাসনে ৰাইজৰ সুবিধাৰ্থে মুকলি কৰে এই নম্বৰ৷
অগ্নিনিৰ্বাপক কেন্দ্ৰৰ ০৩৬১-২৭৩৭৬৮০ নম্বৰতো ৰাইজে দিব পাৰিব খবৰ৷
জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এই প্ৰচেষ্টা৷

15. আজিৰে পৰা ৰাজ্যত আৰম্ভ হয় সাংস্কৃতিক মহাসংগ্ৰাম।পঞ্চায়তে পঞ্চায়তে, ৱাৰ্ডে ৱাৰ্ডে আৰম্ভ হৈছে সাংস্কৃতিক মহাসংগ্ৰাম।
চৰকাৰৰ উদ্দেশ্য – গাওঁ, চহৰৰ সুপ্ত প্ৰতিভাসম্পন্ন কনমাণি, যুৱক-যুৱতীক উলিয়াই অনাৰ প্ৰয়াস।

16. পশ্চিমবংগৰ হাওৰাৰ শিৱপুৰ ফৰ্চা ৰোডত বিধ্বংসী অগ্নিকাণ্ড।
জুয়ে ছানি ধৰে এটা গুদাম ঘৰ।
১০খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপণ কৰে।

17. ক’লা বজাৰত বিক্ৰী চৰকাৰী চাইকেল।
তিতাবৰত ডেম্পৰ ঠেলাত ওলাই বিনামূলীয়া চাইকেলৰ স্পেয়াৰ পাৰ্টছ।
AJYCP, স্থানীয় সংগঠনে চাইকেল জব্দ কৰি গতাই দিয়ে আৰক্ষীক।

18. জুৰীয়াত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
১২ গ্ৰাম ড্ৰাগছসহ অভিযানত আটক কৰে ৩ সৰবৰাহকাৰী।
সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১২ গ্ৰাম ড্ৰাগছ।

19. জম্মু-কাশ্মীৰত উদ্ধাৰ অসমৰ এজন যুৱক।
তিনিমাহ পূ্ৰ্বে সন্ধানহীন হৈ আছিল চিলাপথাৰৰ পাৰ্থ চুংক্ৰাং নামৰ যুৱকজন।

20. চচলত সদৌ অসম আশা কৰ্মী সন্থাৰ প্রতিবাদী কাৰ্যসূচী।
আশা কৰ্মীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে সাব্যস্ত কৰে প্রতিবাদ।
NHMৰ কৰ্মীৰ দৰে আশা কৰ্মীকো শীঘ্ৰে নিযুক্তি প্রদানৰ দাবী।

 

 

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *