গোগামুখ চুমনি গাঁৱত মিচিং স্বায়ত্তশাসিত পৰিষদৰ স্থায়ী সচিবালয় ভৱনৰ “টুৰগিং দিংগদ” তথা নিৰ্মাণ কাৰ্যৰ শুভৰাম্ভনি ।
গোগামুখত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ স্থায়ী সচিবালয় ভৱনৰ আধাৰশিলা স্থাপন কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ঘোষণা-
অহা ৮ তাৰিখৰ পৰা নিযুত মাইনা আঁচনিৰ শুভৰাম্ভনি কৰা হব।
মেট্ৰিক পাছ কৰি হায়াৰ চেকেণ্ডাৰীত নামভৰ্তি কৰা সকলো অবিবাহিত ছাত্ৰীকে এই আঁচনিত অন্তৰ্ভূক্ত কৰি মাহে এহেজাৰ টকাকৈ দহ মাহৰ বাবে দহ হাজাৰ টকা শিক্ষাৰ অনুদান হিচাপে লাভ কৰিব।
হায়াৰ চেকেণ্ডাৰী পাছ কৰি ডিগ্ৰীত নামভৰ্তি কৰা অবিবাহিত ছাত্ৰী সকলে মাহে ১২০০ টকা আৰু একেধৰনে ডিগ্ৰী পাছ কৰা ছাত্ৰী বিবাহিত-অবিবাহিত সকলোৱে ২৫০০ টকাকৈ মাহে লাভ কৰিব।
গোগামুখৰ চুমনি গাঁওবাসীয়ে প্ৰদান কৰা দুশ সোতৰ বিঘা ভূমিত প্ৰায় ৫০ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হব মিচিং স্বায়ত্ব শাসিত পৰিষদৰ স্থায়ী সচিৱালয়ৰ ভৱন।
“টুৰগিং দিংগদ” তথা নিৰ্মাণ কাৰ্যৰ শুভৰাম্ভনি কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে।
উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদ মাননীয় অধ্যক্ষ সুনীল কুমাৰ পেগু ডাঙৰীয়া, মাননীয় মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া, পৰিষদৰ সন্মানীয় কাৰ্য্যবাহী সদস্য/সদস্যা, সন্মানীয় সাধাৰণ সদস্য/সদস্যা, ছয় মিচিং জাতীয় সংগঠন MBK, MMK, MAK, TMMK, MDK, TMPKৰ কেন্দ্ৰ, জিলা, আঞ্চলিকৰ বিষয়ববীয়া সকল, চুমনি আৰু গোগামুখ অঞ্চলৰ গাঁৱৰ গাম সকল, বিশিষ্ট নাগৰিকসকলৰ লগতে স্থানীয় ৰাইজ।
অনুষ্ঠানত শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে কয় যে-
কংগ্ৰেছ চৰকাৰৰ দিনত পৰিষদ সমূহৰ বাবে বাজেটত আৱন্টন থাকে ৬০ কোটি। মুকলাই দিয়ে ৩০ কোটি। কিন্তু বিজেপি চৰকাৰৰ দিনত বাজেটত আৱন্টন ধনৰ পৰিমাণৰ উপৰিও অতিৰিক্ত ধন মুকলাই দি আহিছে।
মিচিং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত অঞ্চলত ১০০ কোটি টকাৰ দলং নিৰ্মাণৰ বাবে আৱণ্টন দিয়া হব আৰু পৰিষদৰ অন্তৰ্গত অঞ্চলত বান-গৰাখহনীয়া ৰোধৰ বাবে ২০০ কোটি আৱণ্টন দিয়া হব।
উল্লেখ্য যে, উক্ত সচিবালয় ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ পুঁজিৰ দ্বাৰা নিৰ্মাণ কৰা হ’ব।
গোগামুখৰ পৰা প্ৰমোদ টাইদ ৰ প্ৰতিবেদন Rnewsindia24.com