দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।
১/ আজি অসম আৰক্ষী দিৱস৷
কাহিলিপাৰাৰ 4th APBNৰ খেলপথাৰত দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী ৰূপায়ন ৷
দিৱস উপলক্ষ্যে 4th APBNৰ খেলপথাৰত মাৰ্চিং, পেৰেড,
সামৰিক কলা-কৌশল প্ৰদৰ্শন কৰে আৰক্ষী-জোৱানে৷
অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং আৰু বহু গণ্য মান্য ব্যক্তি।
২/ আমেৰিকাৰ ছিকাগ’ত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা৷
ছিকাগ’ৰ প্ৰৱাসী অসমীয়াক সাক্ষাৎ কৰে মন্ত্ৰীগৰাকীয়ে৷
প্ৰৱাসী অসমীয়াসকলৰ সৈতে মত-বিনিময় কৰে পবিত্ৰ মাৰ্ঘেৰিটাই৷
চাৰিখন ৰাষ্ট্ৰৰ চৰকাৰী ভ্ৰমণসূচী লৈ মন্ত্ৰীগৰাকী উপস্থিত হয় ছিকাগ’ত৷
৩/ আজি মুকলি হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প৷
বাগৰিৰ ৱেষ্টাৰ্ণ ৰেঞ্জত উদ্যানখনৰ দ্বাৰ মুকলি অনুষ্ঠান৷
২০২৩-২৪ বৰ্ষত উদ্যানখনত ৩.২৭ লাখতকৈও অধিক পৰ্যটকৰ সমাগম৷
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা৷
৪/ অৰুণাচলৰ নামচাইত উপস্থিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন।
SBI ৰ ক্ষেত্রীয় বাণিজ্যিক কাৰ্যালয় উদ্বোধন কৰে বিত্তমন্ত্ৰী গৰাকীয়ে।
৫/ নিবনুৱা যুৱক-যুৱতীৰ বাবে সুখবৰ৷
শীঘ্ৰে BTRতো সম্পন্ন হ’ব বৃহৎ নিযুক্তি৷
প্ৰায় ৪,৪৫০টা পদত সম্পন্ন হ’ব নিযুক্তি৷
ঘোষণা কৰে BTR চীফ প্ৰমোদ বড়োৱে৷
৬/ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গে, পুত্ৰ প্ৰিয়ংক খৰ্গেৰ বিৰুদ্ধে প্ৰতিবাদ৷
দুই পিতা-পুত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ জাগীৰোড বিজেপি কৰ্মীৰ৷
অসমত হৈ থকা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বিৰুদ্ধাচৰণ কৰিছিল প্ৰিয়ংক খৰ্গেই৷
মন্ত্ৰী পীযূষ হাজৰিকাৰ উপস্থিতিত জাগীৰোডত প্ৰতিবাদী সমদল৷
৭/ গুলীবিদ্ধ হ’ল যশস্বী অভিনেতা গোবিন্দা।
নিজৰ ৰিভলভাৰৰ দ্বাৰাই ভৰিত গুলী লাগিল গোবিন্দাৰ।
পুৱা প্ৰায় ৪.৪৫ বজাত সংঘটিত এই ঘটনা।
নিজৰ অনুজ্ঞাপ্ৰাপ্ত ৰিভলভাৰ পৰীক্ষা কৰি থাকোতে এই অঘটন।
গোবিন্দা সংকটমুক্ত বুলি ঘোষণা কৰে চিকিৎসকে।
৮/ চিৰাঙৰ কাজলগাঁৱৰ শান্তিপাৰাত অতিথিশালাৰ আধাৰশিলা স্থাপন কৰে প্ৰমোদ বড়োৱে।
১ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব এই অতিথিশালাৰ।
অতিথিশালাৰ সমীপতে ১০ কোটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ কৰা হ’ব গোৰ্খা ভৱন।
৯/ মহাৰাষ্ট্ৰত গৰুক ‘ৰাজ্য মাতা’ হিচাপে ঘোষণা।
গো-ধনত নিষেধাজ্ঞা আৰোপ একনাথ সিন্দে চৰকাৰৰ।
১০/ সাময়িকভাৱে বন্ধ গুৱাহাটী বিশ্ববিদ্যালয়ৰ RCC-1, RCC-2 ছাত্ৰাৱাস৷
৪৮ ঘন্টাৰ ভিতৰত সকলো আৱাসীক হোষ্টেল খালী কৰাৰ নিৰ্দেশ৷
বিশ্ববিদ্যালয়ৰ অন্য আৱাসলৈ নিয়া হ’ব দুয়োটা হোষ্টেলৰ আৱাসীক৷
১১/ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড০ ধ্ৰুৱজ্যোতি চৌধুৰীৰ মৃত্যু৷
উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল চৌধুৰী৷
চিকিৎসাধীন অৱস্থাত GNRCত শেষ নিশ্বাস ত্যাগ কৰে।
১২/ দুৰ্গা পূজাৰ পূৰ্বে পুনৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি৷
প্ৰতিটো চিলিণ্ডাৰত সৰ্বাধিক ৪৮টকা পৰ্যন্তলৈ বৃদ্ধি হয়৷
১৩/ পুনৰ ৪ দিনৰ আৰক্ষীৰ জিম্মাত স্বপ্ননীল দাস৷
দিছপুৰ আৰক্ষীয়ে জিম্মাত লয় স্বপ্ননীল দাসক৷
অবৈধভাৱে ট্রেডিং প্ৰশিক্ষণৰ অভিযোগত অভিযুক্ত স্বপ্ননীল দাস৷
১৪/ বিশ্বনাথ চাৰিআলিত নিশা পিষ্টলসহ গ্ৰেপ্তাৰ ৩ যুৱক৷
গ্ৰেপ্তাৰ হয় লক্ষ্যজ্যোতি, হীৰকজ্যোতি বৰা, টিং ছেইন চাৰিইয়াং৷
১৫/ হোজাইত ৪ কেঁকো সাপ সৰবৰাহকাৰীক আটক।
হোজাইৰ ৰে’লৱে ষ্টেচনৰ পৰা আটক কৰে সৰবৰাহকাৰীকেইটাক।
ধৃত কিষাণ প্ৰসাদ, অমৰ কুমাৰ, মণীষ কুমাৰ সিং, ধীৰেন্দ্ৰ কুমাৰ।
১৬/ শিৱসাগৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ।
জব্দকৃত ড্ৰাগছখিনিৰ মূল্য কেইবালাখ টকা।
১০টা চাবোনৰ বাকচত আনিছিল ১২৪ গ্ৰাম ড্ৰাগছ।
এখন বিলাসী বাহনৰ পৰা জব্দ কৰে ড্ৰাগছখিনি।
AS-01AR-1122 নম্বৰৰ বাহন পৰা জব্দ হয় ড্ৰাগছ।
যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ গৈ আছিল বাহনখন ।
আটক কৰে পাৰভেজ হুছেইন, নিৰ্জুল হুছেইন, অমিৰ্বাণ বিবি
ৰিজবিণা আহমেদ।
১৭/ নেপালত ভয়ংকৰ বান, ভূমিস্খলনত মৃত্যুৰ সংখ্যা ২১৭ জনলৈ বৃদ্ধি হয়।
সন্ধানহীন ২৮ জনকৈ লোক ।
১৮/ থাইলেণ্ডত স্কুল বাছত জুই লাগি শিক্ষাৰ্থীসহ ২৫জনৰ মৃত্যু হয় ৷
অগ্নিদগ্ধ আন ১৬জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
মৃতকৰ ভিতৰত আছে ৫জন শিক্ষক৷
শিক্ষাৰ্থীসহ বাছখনত আছিল মুঠ ৪৪জন৷
শিক্ষামূলক ভ্ৰমণলৈ গৈ থাকোঁতেই সংঘটিত হয় এই অঘটন৷
১৯/ অসুস্থ ছুপাৰষ্টাৰ ৰজনীকান্ত৷
চেন্নাইৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকী৷
পেটৰ বিষত আক্ৰান্ত অভিনেতাগৰাকী৷
২০/ বিতৰ্কিত RTI কৰ্মী দুলাল বৰাক কাৰাগাৰলৈ প্ৰেৰণ।
চৰাইদেউ জিলা ন্যায়াধীশৰ আদালতৰ এই ৰায়।
৮ অক্টোবৰত পুনৰ আদালতত হাজিৰ হ’ব লাগিব দুলাল বৰা।
পূৰ্বে ৫ দিনৰ আৰক্ষীৰ জিম্মাত আছিল দুলাল বৰা।
Sangita Dutta Editor in Chief Rnewsindia24.com