Narendra Modi

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Mising Autonomous Council
Mising Autonomous Council

Ankit Motors Gogamukh

১/ আজি গান্ধী জয়ন্তী।
সমগ্ৰ ৰাষ্ট্ৰজুৰি মহামানৱ মহাত্মা গান্ধীক সশ্ৰদ্ধ সোঁৱৰণ।
ৰাজঘাটত গান্ধীজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়, সাংসদ ৰাহুল গান্ধীয়ে।

২/ আজি মহালয়া।
ধৰালৈ আগমন মহিষমৰ্দিনীৰ।
শাৰদীয় দুৰ্গোৎসৱৰ বতৰাৰে উদযাপন মহালয়া।
কাহিলি পুৱাতে লোকাৰণ্য ৰাজ্যৰ ৰাজপথ।

৩/ স্বচ্ছ ভাৰত অভিযানৰ ১০বছৰ সম্পূৰ্ণ।
২০১৪ চনত গান্ধী জয়ন্তীৰ দিনটোৰ পৰাই প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিছিল স্বচ্ছ ভাৰত অভিযানৰ।
বিশেষ দিনটোত শিক্ষাৰ্থীৰ সৈতে স্বচ্ছ ভাৰত অভিযানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

৪/ স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে দেশৰ ৩৩টা স্থানত হ’ব কমপ্ৰেছড বায়োগেছ প্ৰকল্প।
অসমৰো তিনিচুকীয়াকে ধৰি ৪ খন জিলাত স্থাপন হ’ব এই প্ৰকল্প।
তিনিচুকীয়াৰ কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
অনুষ্ঠানত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

৫/ অসমৰ ৮বিধ নতুন সামগ্ৰীয়ে লাভ কৰে GI TAG।
বড়োসকলৰ পৰম্পৰাগত আৰনাইলৈ GI TAGৰ স্বীকৃতি।
GI TAG লাভ কৰিছে কেইবাবিধো জনগোষ্ঠীয় খাদ্য আৰু পানীয়ই।
বড়ো জৌ গৈৰান, মাইব্ৰা জৌ বিদৈ, বড়ো জৌ গিচিলৈ GI TAG।
শুকান মাছৰ পৰা প্ৰস্তুত কৰা খাদ্য বড়ো নাফাম, পৰম্পৰাগত বড়ো গৌখা, বড়ো নাৰ্জিলৈও GI TAGৰ স্বীকৃতি।
ভৌগোলিক সূচাংক তালিকাত অন্তৰ্ভুক্ত বড়োসকলৰ পৰম্পৰাগত খাদ্য আণ্ডলা।

৬/ ভাৰত ভ্ৰমণৰ পূৰ্বে নিউজীলেণ্ডৰ টেষ্ট অধিনায়কৰ পদ ত্যাগ কৰে টিম চাউদিয়ে।
টম লেথামক পৰৱৰ্তী অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হয়।

৭/ ‘অধিনায়কত্বই অধিক বোজা দিয়ে।
মই এতিয়া নিজৰ প্ৰদৰ্শনত গুৰুত্ব দিব বিচাৰো, পৰিয়ালৰ সৈতে সময় কটাব বিচাৰো’।
সামাজিক মাধ্যমত এই কথা উল্লেখ কৰি অধিনায়ক পদ ত্যাগ কৰে পাকিস্তানৰ অধিনায়ক বাবৰ আজমে।

৮/ সম-জিলাসমূহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰীসহ অভিভাৱক মন্ত্ৰীসকলে।
৪ আৰু ৫ অক্টোবৰত পৰ্যায়ক্ৰমে উদ্বোধন কৰিব সম-জিলাসমূহ।
সম-জিলা হিচাপেহে পৰিচিত হ’ব পূৰ্বে ঘোষণা কৰা প্ৰতিখন উপ-জিলা।
প্ৰয়োজনীয় নিৰ্দেশনা জাৰি সাধাৰণ প্ৰশাসন বিভাগৰ।
সমজিলাৰ আয়ুক্তৰ দায়িত্বত থাকিব একোগৰাকী ADC পৰ্যায়ৰ বিষয়া।

৯/ দেশৰ ১৪খন ৰাজ্যলৈ কেন্দ্ৰৰ ৫,৮৫৮.৬০ কোটি টকাৰ পুঁজি মুকলি।
দুৰ্যোগ ব্যৱস্থাপনা শিতানত এই পুঁজি মুকলি কৰা হয়।
অসমলৈ ৭১৬ কোটি টকা আগবঢ়োৱা হৈছে।

১০/ ইজৰাইলত ইৰাণৰ ১৮০তকৈ অধিক ক্ষেপনাস্ত্ৰ নিক্ষেপ।
ভাৰতীয় দূতাবাসৰ সতৰ্কতা জাৰি ।
তেল আভিভলৈ ভাবুকি প্ৰদানৰ পাছতে ইজৰাইলৰ বিভিন্ন স্থানত ইৰাণৰ ক্ষেপনাস্ত্ৰ নিক্ষেপ।
ইৰাণৰ সংবাদ মাধ্যমে নিশ্চিত কৰে এই তথ্য।

১১/ নাওবৈচাৰ বিষ্ণুপুৰ আদৰ্শ গাঁৱত বিশেষ অনুষ্ঠান।
গান্ধীজয়ন্তী উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰে।
উপস্থিত থাকে APCCৰ সভাপতি ভূপেন বৰা।

১২/ ডিব্ৰুগড়ত উপস্থিত কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিং।
ডিব্ৰুগড়, তিনিচুকীয়াত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে নেতা গৰাকীয়ে।
প্ৰিয়ম খাৰ্গেৰ বক্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰেছ নেতাগৰাকীৰ।

১৩/ দুদিনীয়া ভ্ৰমণ সূচীৰে অৰুণাচলৰ নামচাইত উপস্থিত হোৱা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ দ্বিতীয় দিনৰ কাৰ্যসূচী। নামচাই অসামৰিক চিকিৎসালয়ত স্বচ্ছ ভাৰত কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিত্তমন্ত্ৰী গৰাকীয়ে।

১৪/ অসম আৰক্ষীৰ DGP’s Commendation Medal ঘোষণা ।
হাইলাকান্দিৰ লালা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পল লালহ্লিমচাঙলৈ ৰূপৰ পদক।

১৫/ ১২ সংখ্যক এলবামৰ মুক্তিৰ পাছত আৰু বেণ্ড হিচাপে নাপাব ক’ল্ডপ্লেক।
ক্ৰিছ মাৰ্টিনে প্ৰকাশ কৰে এই কথা।
অহা ৪ অক্টোবৰত দশমটো এলবাম মুকলি হ’ব বেণ্ডটোৰ।

১৬/ ইজৰাইলত ইৰাণৰ ১৮০তকৈ অধিক ক্ষেপনাস্ত্ৰ নিক্ষেপ।
ভাৰতীয় দূতাবাসৰ সতৰ্কতা জাৰি ।
তেল আভিভলৈ ভাবুকি প্ৰদানৰ পাছতে ইজৰাইলৰ বিভিন্ন স্থানত ইৰাণৰ ক্ষেপনাস্ত্ৰ নিক্ষেপ।
ইৰাণৰ সংবাদ মাধ্যমে নিশ্চিত কৰে এই তথ্য।

১৭/ গুৱাহাটী ৰে’ল ষ্টেচনত ৩১টা বিলুপ্তপ্ৰায় মাছ জব্দ।
‘চান্না বাৰ্কা’ প্ৰজাতিৰ মাছকেইটা অনা হৈছিল বহিঃৰাষ্ট্ৰৰ পৰা।
বন বিভাগ আৰু GRPৰ যুটীয়া অভিযানত জব্দ কৰে মাছকেইটা।

১৮/ মহাৰাষ্ট্ৰৰ পুণেত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত।
দুৰ্ঘটনাত ৩জন লোকৰ মৃত্যু হয়।
অত্যধিক কুঁৱলীৰ বাবেই দুৰ্ঘটনাৰ সন্দেহ।
এটা পাহাৰীয়া এলেকাত দুৰ্ঘটনাত পতিত হেলিকপ্টাৰখন।
বাৱধানৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।
পুৱা ৭ বজাত সংঘটিত হয় দুৰ্ঘটনাটো।

১৯/ কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মনৰ ৰহস্যজনক মৃত্যু।
ট্ৰাকচালকে ধ্ৰুৱজ্যোতি বৰ্মনক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ।
GMCHৰ মৰ্গত ৰখা হৈছে ধ্ৰুৱজ্যোতি বৰ্মনৰ মৃতদেহ ।

২০/ ১৮-২০ অক্টোবৰলৈ গুৱাহাটীত আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতা।
ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰতিযোগিতা।

Ankit Motors Gogamukh

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *