দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।
১/ দিল্লীৰ ভাৰত মাণ্ডপামত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
আন্তজাৰ্তিক দূৰসংযোগ সংঘ (WTSA) ২০২৪ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
২/ দিল্লীৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক৷
বৈঠকত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, আৰু কেন্দ্ৰীয় মন্ত্ৰীসকল।
৩/ ১৩ নৱেম্বৰত অসমত অনুষ্ঠিত হ’ব ৫টা সমষ্টিৰ উপ-নিৰ্বাচন৷
ছিদলী, ধলাই, চামগুৰি, বঙাইগাঁও, বিহালী সমষ্টিত হ’ব উপ-নিৰ্বাচন।
২৩ নবেম্বৰত অনুষ্ঠিত হ’ব নিৰ্বাচনৰ ভোটগণনা।
২৬ নৱেম্বৰত সমাপ্ত হ’ব মহাৰাষ্ট্ৰ বিধানসভাৰ কাৰ্যকাল।
২০২৫ চনৰ ৫ জানুৱাৰীত সমাপ্ত হ’ব ঝাৰখণ্ড বিধানসভাৰ কাৰ্যকাল।
মহাৰাষ্ট্ৰত ২০ নবেম্বৰত ভোটগ্ৰহণ আৰু ঝাৰখণ্ডত ভোটগ্ৰহণ ১৩ আৰু ২০ নবেম্বৰত।
৪/ জনতা ভৱনত বিদ্যালয় শিক্ষা বিভাগ আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ (ASSEB)ৰ সৈতে এখন যুটীয়া বৈঠক অনুষ্ঠিত হয়।
বৈঠকত স্নাতক শিক্ষক (GT) আৰু স্নাতকোত্তৰ শিক্ষক (PGT) নিযুক্তিৰ বাবে টেট তথা নিযুক্তি পৰীক্ষাৰ প্ৰক্ৰিয়া পৰ্যালোচনা কৰা হয়।
অহা ২১ অক্টোবৰৰ পৰা www.madhyamik.assam.gov.in- ৱেবছাইটযোগে স্নাতক শিক্ষকৰ ৮২৩০টা পদ আৰু স্নাতকোত্তৰ শিক্ষকৰ ১৪৮৭টা পদ (মুঠ- ৯৭১৭টা)ৰ বাবে অনলাইন আবেদন গ্ৰহণ আৰম্ভ হ’ব।
উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বহু গণ্য মান্য ব্যক্তি।
৫/ পাকিস্তানত উপস্থিত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ৷
চাংহাই সহযোগ সংগঠনৰ বৈঠকৰ বাবে এই যাত্ৰা৷
ইছলামাবাদত অনুষ্ঠিত হোৱা বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে।
৬/ ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২১ অক্টোবৰলৈ বৃদ্ধি ৰেচন কাৰ্ডৰ প্ৰ-পত্ৰ জমা দিয়াৰ সময়সীমা ।
আয়ৰ প্ৰমাণ-পত্ৰৰ ক্ষেত্ৰত বিভাগীয় লোকক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ।
অসমৰ ১০ লাখ দুখীয়া লোকক নতুনকৈ দিয়া হ’ব ৰেচন কাৰ্ড।
প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব আয়ুষ্মান কাৰ্ড, অৰুণোদয় কাৰ্ডো।
বৰপেটাৰোডত ঘোষণা বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ।
৭/ বোকাখাত সমজিলাৰ অন্তৰ্গত কৃষি বিভাগ, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়া তথা গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হয় মন্ত্ৰী অতুল বৰা।
আটাই কেইটা বিভাগৰ বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰি বিষয়াসকলক যাৱতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে।
৮/ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ উপলক্ষ্যে অহা ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ ৰাজ্যজুৰি পালন কৰা হ’ব ‘ভাষা গৌৰৱ সপ্তাহ’।
৯/ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰনগৰ আঞ্চলিক নামঘৰত মহাপুৰুষ গুৰুজনাৰ ৫৭৬ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ সৈতে সংগতি ৰাখি আয়োজিত হোৱা ধৰ্মালোচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস।
১০/ বাবা ছিদ্দিকৰ হত্যাৰ পাছত ছলমান খানলৈ অতিৰিক্ত নিৰাপত্তাৰ ব্যৱস্থা।
Y-plus নিৰাপত্তা প্ৰদান
অভিনেতা ছলমান খানক।
ছলমান খানৰ পানভেল ফাৰ্মহাউচতো নিৰাপত্তা বৃদ্ধি।
১১/ আছাম ট্ৰিবিউনৰ সঞ্চালক সুৰজিৎ গোবিন্দ বৰুৱাৰ দেহাৱসান।
৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।
দীৰ্ঘদিন ধৰি শাৰিৰীক অসুস্থতাত ভুগি আছিল সুৰজিৎ গোবিন্দ বৰুৱাই।
১২/ ২০২৫ বৰ্ষৰ পৰা সলনি হ’ব উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ প্ৰশ্ন কাকতৰ পদ্ধতি।
ইয়াৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰে ASSEB য়ে।
১২টা বিষয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।
১৩/ হঠাৎ বৃদ্ধি পায় পেট্ৰ‘লৰ দাম।
চৰকাৰে বৃদ্ধি কৰে
প্ৰতিলিটাৰ পেট্ৰ‘লত ১টকা ১পইচাকৈ।
১৪/ নেডফি প্ৰেক্ষাগৃহত ৰতন টাটালৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটীৰ বিশিষ্ট নাগৰিক, ব্যৱসায়ী, সমাজকৰ্মী সকল।
উল্লেখ্য যে, ৰতন টাটালৈ ভাৰতৰত্ন সন্মান প্ৰদান কৰিবৰ বাবে অনুষ্ঠানৰ পৰা ৰাজহুৱা স্বাক্ষৰ সম্বলিত এখন পত্ৰ প্ৰেৰণ কৰে।
১৫/ ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয় আৰু সম্প্ৰসাৰণ কৃষি প্ৰতিষ্ঠানৰ উদ্যোগত মহিলা কিষাণ দিৱস উদযাপন।
খানাপাৰাস্থিত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় এই বিশেষ অনুষ্ঠান।
অনুষ্ঠানত উত্তৰ-পূবৰ বহু উদ্যোগী মহিলাই অংশগ্ৰহণ কৰে।
প্ৰদৰ্শন কৰা হয় তেওঁলোকৰ উৎপাদিত সামগ্ৰী।
১৬/ মণিপুৰৰ কুকি-মেইটেইৰ গুৰুত্বপূৰ্ণ বৈঠক।
নতুন দিল্লীত গৃহ মন্ত্ৰালয়ে আয়োজন কৰে বৈঠক।
দিল্লীত বৈঠকত মিলিত হয় দুয়োটা সম্প্ৰদায়ৰ নেতা-বিধায়ক।
হিংসাত্মক পৰিস্থিতিৰ পাছত প্ৰথমবাৰৰ বাবে মিলিত হয় বৈঠকত।
১৭/ ‘মোৰ বাবে প্ৰতিটো মুহূৰ্ত উদ্বিগ্ন, সকলো সময়তে যিকোনো আটাইতকৈ বেয়া পৰিস্থিতিৰ কথা মনলৈ আহে’।
উদ্বেগ বিকাৰৰ সমস্যাত ভূগিছে অভিনেত্ৰী আলিয়া ভাট।
কৰীণা কাপুৰ খানৰ টক শ্ব’ত এই মানসিক স্বাস্থ্যজনিত সমস্যাৰ কথা উল্লেখ কৰে আলিয়া ভাটে।
১৮/ গ্ৰেটাৰ বাংলাদেশৰ মানচিত্ৰত অন্তৰ্ভুক্ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভূখণ্ড।
ভাৰতৰ বৃহৎ অঞ্চল সামৰি ‘ইছলামিক বাংলাস্তান’ গঠনৰ পৰিকল্পনা।
মানচিত্ৰত অন্তৰ্ভুক্ত মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা, ঝাৰখণ্ড, বিহাৰৰো বহু অংশ।
‘অৰ্গেনাইজাৰ’ত প্ৰকাশ পাই এই চাঞ্চল্যকৰ তথ্য।
১৯/ টেলিকম সেৱাখণ্ডত 6G পেটেণ্টৰ দৌৰত বিশ্বৰ শীৰ্ষ ৬খন দেশৰ ভিতৰত স্থান লাভ ভাৰতৰ।
১৫-২৪ অক্টোবৰলৈ দিল্লীত অনুষ্ঠিত হ’ব ৱর্ল্ড টেলিকমিউনিকেশ্যন ষ্টেণ্ডার্ডাইজেশন এছেম্বলী।
অংশগ্ৰহণ কৰিব ১৯০ খন দেশৰ প্ৰতিনিধিয়ে।
6G, কৃত্ৰিম বুদ্ধিমত্তা, বিগ ডাটাৰ দৰে গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ ভৱিষ্যত মানদণ্ড সন্দৰ্ভত আলোচনা কৰিব প্ৰতিনিধিসকলে।
এছিয়াত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব এই সভা।
২০/ গোৱালপাৰা জিলাৰ কৃষ্ণাইত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷
অভিযানত পাইকানৰ পৰা ড্ৰাগছসহ আটক কৰে এটা সৰবৰাহকাৰীক।
আটকাধীন সৰবৰাহকাৰীটো কৃষ্ণাইৰ আৰিমাৰা জাকিৰ সেখ ওৰফে মুনিয়া।
Sangita Dutta Editor in Chief Rnewsindia24.com