Kapé MAC - R News India 24
Skip to content
® মিচিং স্বায়ত্বশাসিত পৰিষদৰ নৱগঠিত ৩৯নং ঘূণাসুঁতি পৰিষদীয় সমষ্টিক আনুষ্ঠানিক ঘোষণা।
১১/০৩/২০২৬ তাৰিখে কমান চাপৰি মুৰং লত্তাত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ নৱ-গঠিত ৩৯নং ঘূণাসুঁতি পৰিষদীয় সমষ্টিক আনুষ্ঠানিক ঘোষণা আৰু আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰে।
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বহু গুৰুত্বপূৰ্ণ তথা বিশ্লেষণাত্মক বক্তব্য প্ৰদানেৰে ৩৯নং ঘূণাসুঁতি পৰিষদীয় সমষ্টিক আনুষ্ঠানিকভাৱে ঘোষণা কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, কাৰ্য্যবাহী সদস্য অনিল পায়েং, কাৰ্য্যবাহী সদস্য বিজু পেগু, TMMKৰ সভানেত্ৰী তথা মৰনৈ জিলা পৰিষদ সদস্যা ইন্দিৰা চিন্তে কুম্বাং, TMPKৰ সম্পাদক চান পাংগিং, ঘূণাসুঁতি অঞ্চলৰ বিশিষ্ট ব্যক্তি, লখিমপুৰ আৰু ঢকুৱাখানা সাংগঠনিক জিলাৰ গণশক্তি, MMK, TMMK, TMPK অন্যান্য বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ।
® ১৩ নং চিচিকলঘৰ পৰিষদীয় সমষ্টিত মুখ্যমন্ত্ৰী বিশেষ সাহাৰ্য্য পুঁজিৰে নিৰ্মাণ কৰা শ্ৰেণীকোঠাৰ উদ্বোধনী।
১০/০৩/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধীনত মুখ্যমন্ত্ৰীৰ বিশেষ সাহাৰ্য্য পুঁজিৰে ১৩ নং চিচিকলঘৰ পৰিষদীয় সমষ্টিত চাৰিখন বিদ্যালয় ক্ৰমে -চিচিমুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, বেঙেনাগড়া এম.ভি বিদ্যালয়, কাইটং জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়, বঙালমাৰী মিৰি প্ৰাথমিক বিদ্যালয়ত নিৰ্মাণ কৰা অতিৰিক্ত শ্ৰেণীকোঠাৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু পৰিষদৰ সাধাৰণ সদস্যা লাৱণ্য মিলিয়ে।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে উল্লেখিত বিদ্যালয়সমূৰ শিক্ষকবৃন্দ, ছাত্ৰ-ছাত্ৰী, পৰিচালনা সমিতি, গণশক্তি, বিজেপি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
® ৩৩ নং যোৰহাট পৰিষদীয় সমষ্টিত উদ্যমী কৃষকক TVS-EXCEL BIKE বিতৰণ কাৰ্যসূচী।
১৩/০৩/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ৩৩ নং যোৰহাট পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত উদ্যমী কৃষকক তেওঁলোকৰ স্ব-উৎপাদিত কৃষিজাত সামগ্ৰীক বজাৰত বিক্ৰীৰ বাবে কঢ়িয়াই নিয়াৰ সুবিধাৰ্থে ১৩ খন TVS – EXCEL BIKE বিতৰণ কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলেয়ে।
উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য উমা পাঠৰি, সাধাৰণ সদস্য নিল কান্ত দলে, সাধাৰণ সদস্যা নিভা পেগু মিলি, জিলা পৰিষদৰ সদস্যা ললিতা দলে পেগু, আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰিমঝিম পেগু দলে, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় কৃষক ৰাইজ।
উল্লেখ্য যে, হিতাধিকাৰী সকলক Bike ৰ Registration, Insurance আদিৰ ব্যৱস্থা কৰি দিয়াৰ লগতে প্ৰত্যেক গৰাকীক একোটাকৈ হেলমেট (Helmet) প্ৰদান কৰে।
® গোগামুখ পৰিষদীয় সমষ্টিত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ৫ খন বিভিন্ন আচঁনিৰ শুভাৰম্ভণি।
মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পুঁজিৰে গোগামুখ পৰিষদীয় সমষ্টিত নিৰ্মাণ কৰিবলগীয়া গোগামুখ নামনি তাজিক গাঁৱৰ মুৰং, ন-পাম বেৰভঙা গাঁৱৰ মুৰং, তিনি নং লটাক গাঁৱৰ মুৰং, নাহৰবাৰী পঞ্চায়তৰ দীপা গাওঁৰ পথত বক্সা আকৃতিৰ কালভাৰ্ট আৰু নাহৰবাৰী পঞ্চায়তৰ এদুত চাংগা চুবুৰী গাঁৱৰ মুৰঙৰ শুভাৰম্ভণি কৰে পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগুৱে।
শুভাৰম্ভণি কাৰ্য্যসূচীত উপস্থিত থাকে TMPKৰ সহকাৰী সম্পাদক হৰিচন্দ্ৰ কামান, উল্লেখিত গাঁৱসমূহৰ বিশিষ্ট ব্যক্তি, সমাজকৰ্মী, গাম, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
® নৱ-গঠিত ৪০ নং বৰনৈ বিল্লাম পৰিষদীয় সমষ্টিক আনুষ্ঠানিক ঘোষণা।
১৩/০৩/২০২৬ তাৰিখে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ নৱ-গঠিত ৪০ নং বৰনৈ বিল্লাম পৰিষদীয় সমষ্টিৰ আনুষ্ঠানিক ঘোষণা আৰু আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰে।
উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বহু গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদানেৰে ৪০ নং বৰনৈ বিল্লাম পৰিষদীয় সমষ্টিক আনুষ্ঠানিকভাৱে ঘোষণা কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলেয়ে।
অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য উমা পাঠৰি, সাধাৰণ সদস্য ক্ৰমে- নিলকান্ত দলে, সুধীৰ মৰাং, ত্ৰৈলোক্য পামেগাম, সাধাৰণ সদস্যা নিভা পেগু মিলি, লিভা মিলি পেগু, স্থানীয় বিশিষ্ট সমাজকৰ্মী, গণশক্তি, MMK, TMMK, TMPK ৰ অন্যান্য বিষয়ববীয়া আৰু ৪০ নং বৰনৈ বিল্লামবাসী ৰাইজ।
® মিচিং স্বায়ত্বশাসিত পৰিষদৰ পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া আচঁনিৰ শুভাৰম্ভণি।
পৰিষদৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ আৱণ্টিত পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া গমাৰিহাটি প্ৰাথমিক বিদ্যালয়ৰ সীমা দেৱাল, ন-বিলৰ পৰা মিলি চুবুৰীলৈ এগ্ৰীবান্দ, খাৰৈপাম প্ৰাথমিক বিদ্যালয়ৰ নিৰ্মান কাৰ্যৰ শুভাৰম্ভণি কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্যা ৰেখা কুটুমে।
উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে গমাৰিহাটি আৰু খাৰৈপাম প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকবৃন্দ, পৰিচালনা সমিতি, ছাত্ৰ-ছাত্ৰী, বিশিষ্ট সমাজকৰ্মী, গণশক্তি, মিত্ৰজোঁট, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
® ১৪ নং দিতে কেৰেং সমষ্টিৰ সোণাৰাম পেগু প্ৰাথমিক বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন।
১৪/০৩/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ১৪ নং দিতে কেৰেং সমষ্টিত পৰিষদৰ দ্বাৰা আৱণ্টিত পুঁজিৰ ২৮ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বেচামাৰাস্থিত সোণাৰাম পেগু প্ৰাথমিক বিদ্যালয় ভৱন আৰু সীমা দেৱাল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
উক্ত কাৰ্য্যসূচীৰ উপস্থিত থাকে TMPKৰ উপ-সভাপতি টুনিৰাম পাংগিং, সোণাৰাম পেগু প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকবৃন্দ, পৰিচালনা সমিতি, গণশক্তি, মিত্ৰজোঁট, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
® দিহিং চেঁচা পৰিষদীয় সমষ্টিত মুখ্যমন্ত্ৰী বিশেষ সাহাৰ্য্য পুঁজিৰে নিৰ্মাণ কৰা শ্ৰেণীকোঠাৰ উদ্বোধন।
১৪/০৩/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধীনত মুখ্যমন্ত্ৰী বিশেষ সাহাৰ্য্য পুঁজিৰে দিহিং চেঁচা পৰিষদীয় সমষ্টিত নিৰ্মান কৰা – থেকেৰাগুৰি প্ৰাথমিক বিদ্যালয় আৰু পানিমিৰি প্ৰাথমিক বিদ্যালয়ৰ নতুন শ্ৰেণীকোঠাৰ শুভ উদ্বোধন কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্য প্ৰশান্ত কুমাৰ বড়িয়ে।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে MMK ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি যোগেশ চুংক্ৰাং, বিশিষ্ট সমাজকৰ্মী ৰূপনাথ মিলি, থেকেৰাগুৰি প্ৰাথমিক বিদ্যালয় আৰু পানিমিৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকবৃন্দ, ছাত্ৰ-ছাত্ৰী, পৰিচালনা সমিতি, গণশক্তি MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
® মিচিং স্বায়ত্বশাসিত পৰিষদৰ পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া বিভিন্ন আচঁনিৰ শুভাৰম্ভণি।
১৪/০৩/২০২৬ তাৰিখে পৰিষদৰ আৱণ্টিত পুঁজিৰে নেৱাৰ গাওঁত নৱীকৰণ কৰিবলগীয়া কৃষ্টি বিকাশ কেন্দ্ৰ, নিৰ্মাণ কৰিবলগীয়া শৌচাগাৰ আৰু কংকুৰপুৰ গাঁৱৰ পৰা চায়েঙীয়া গাঁৱলৈ যোৱা সংযোগী পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
আনহাতে, ধৰ্তি আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ অধীনত নিৰ্মাণ কৰিবলগীয়া গোগামুখ লটাক ঐতিহাসিক পদুমণি আইথানৰ আন্তঃগাঁথনি উন্নীতকৰণৰ আধাৰশিলা স্থাপন কৰে মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।
উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য বানিকান্ত দলে, ৰাজু পেগু, ধেমাজি জিলা পৰিষদৰ উপ-সভানেত্ৰী ক্ষমালী বৰদেউৰী, গোগামুখ জিলা পৰিষদৰ সদস্যা জ্যোতিপ্ৰভা দলে, গণশক্তি, বিজেপি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
® ৩৯ নং ঘূণাসুঁতি পৰিষদীয় সমষ্টি আৰু ১৯ নং পূৱ তেলাহী পৰিষদীয় সমষ্টিত বিভিন্ন আচঁনিৰ শুভাৰম্ভণী।
১৫/০৩/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ৩৯ নং ঘূণাসুঁতি আৰু ১৯ নং পূৱ তেলাহী পৰিষদীয় সমষ্টিত পৰিষদৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ আৱণ্টিত পুঁজিৰে আলিমূৰ গাঁৱত নিৰ্মাণ কৰিবলগীয়া ৰেগন চাপৰি প্ৰাথমিক বিদ্যালয়ৰ সীমা দেৱাল, হাতিয়ামৰা ৰাজহুৱা খেল পথাৰ নিৰ্মাণ, আলিমূৰ বাটিখন্দা ৰংগমঞ্চ নৱীকৰণ, কমান চাপৰিৰ পৰা ই আৰু ডি চুকীয়া চাপৰি গাঁৱৰ পথলৈ শিল-বালিৰে নিৰ্মাণ, ঘূণাসুঁতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা বামুনিজান পথ হৈ ভাগমৰা কৃষ্টি ভৱন পথলৈ শিল-বালিৰে নিৰ্মাণ, মিৰিজীয়ৰী মহাবিদ্যালয় নৱীকৰণ, উৰিয়ামতলা আৰু নাহৰণি অঞ্চলৰ বাওঁপাৰৰ নদীবান্ধ আৰু সোৱণশিৰি নদীৰ ফাট মেৰামতি, জামুগুৰি পুনচাং সংঘ কৃষ্টি ভৱন নৱীকৰণ, অফলা ঘাটৰ পৰা ঘূণাসুঁতি পঞ্চায়ত হৈ ফোণবাৰী ডাম্বুকীয়াল পথলৈ শিল-বালিৰে নিৰ্মাণ, চলিচুক আঞ্চলিক ৰংগমঞ্চ নৱীকৰণ, কপাক চাপৰি গাঁৱৰ পৰা মহাৰা পথলৈ শিল-বালিৰে নিৰ্মাণ, নামনি আদিসূতিৰ পৰা উজনি আদিসূতি পথলৈ শিল-বালিৰে নিৰ্মাণ, এচেৰাকটা বাবাই চুবুৰীৰ পৰা মঙ্গলবৰীয়া বজাৰ পথলৈ শিল-বালিৰে নিৰ্মাণ, গোৱালবাৰী গাঁৱৰ পৰা শান্তিপুৰ পথলৈ শিল-বালিৰে নিৰ্মাণ, কমান চাপৰি ৰাজহুৱা প্ৰেক্ষাগৃহৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভণি কৰে পৰিষদ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
আনহাতে, ঘূণাসুঁতি পঞ্চায়তৰ বামুনিজানত “মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন ২০০৫” ৰ অধীনত ২ নং বামুনিজান শংকৰদেৱ নামঘৰৰ পৰা জামুগুৰি প্ৰয়াত জীৱন টাইদ পথলৈ শিল-বালি পথৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভণি কৰে মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।
শুভাৰম্ভণি কাৰ্য্যসূচীত উপস্থিত থাকে জিলা পৰিষদ সদস্যা জুৰি দলে, TMMKৰ সম্পাদিকা শৰ্মিলা পায়েং, উক্ত অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী, গামসকল, বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষকবৃন্দ, পৰিচালনা সমিতি, গণশক্তি, বিজেপি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
® ২৪ নং ৰঙানদী পৰিষদীয় সমষ্টিত ২০২৬-২৭ বৰ্ষৰ আৱণ্টিত পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া আঁচনিৰ শুভাৰম্ভণি।
১৫/০৩/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২৪ নং ৰঙানদী পৰিষদীয় সমষ্টিত পৰিষদৰ ২০২৬-২৭ বৰ্ষৰ আৱণ্টিত পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া ৰঙানদী পঞ্চায়তৰ অন্তৰ্গত বৰগঙ্গা বালী গাঁৱত মুকলি মঞ্চ, গড়চিগা দঃলুঙত মুৰং, কাংকান খাবলি গাঁৱত মুৰং, মধ্য নাওবৈছা পঞ্চায়তৰ অন্তৰ্গত জড়িগুৰি মিচিং গাঁৱৰ পৰা উদুম পুখুৰী গাঁৱৰ পথলৈ মাটি-শিল-বালি, পশ্চিম তেলাহী গাওঁ পঞ্চায়তৰ অন্তৰ্গত নাহৰবাৰী তিনি আলিৰ পৰা মাজৰ চাপৰি গাঁৱৰ পথলৈ মাটি-শিল-বালি, শালমৰা ৰঙানদী নলাত মাল্টি চেল আৰ.চি.চি বক্স কালভাৰ্ট, আহোমণি ৰঙানদী চি.এফ.চিত পাকঘৰ সহ ভোজনালয়ৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভণি কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্য দেৱৰঞ্জন মৰাঙে।
আনহাতে, পশ্চিম তেলাহী গাওঁ পঞ্চায়তৰ অন্তৰ্গত নামনি মলুৱাল গাঁৱৰ পৰা বিষ্ণুপুৰ গাঁৱৰ পথলৈ মাটি-শিল-বালিৰে নিৰ্মাণ আৰু আমতলা মলুৱাল ৰঙ্গমঞ্চৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভণি কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্য অনিল পায়েঙে।
উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে TMPK লখিমপুৰ জিলাৰ সভাপতি বিজিত পায়েং, বিশিষ্ট সমাজকৰ্মী, গণশক্তি, বিজেপি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
® প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা ৪ আঁচনিৰ (PMGSY- IV) অধীনত নিৰ্মাণ কৰিবলগীয়া আঁচনিৰ আধাৰশিলা স্থাপন।
১৪/০৩/২০২৬ তাৰিখে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা ৪ আঁচনিৰ (PMGSY- IV) অধীনত ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত ১নং ধৰ্মপুৰ তিনিআলিৰ পৰা নাহৰবাৰী মনোৰাম তিনিআলি পথ, পাণবাৰী বড়ো গাঁৱৰ পৰা পাণবাৰী PWD পথ, কদমগুৰিৰ পৰা ১ নং ধৰ্মপূৰ হৈ লাংদান পুৰলৈ যোৱা পথ, নাহৰবাৰী ই আৰু ডি ডাইকৰ পৰা মেৰঘাটলৈ যোৱা পথ, পাঞ্চমেইল হনুমান মন্দিৰ তিনিআলিৰ পৰা TNC তিনিআলিলৈ যোৱা পথ, উখমাটি তিনিআলিৰ পৰা মুৱামাৰী গাঁওলৈ যোৱা পথৰ আধাৰশিলা স্থাপন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগু, ধেমাজি পৌৰসভাৰ সভাপতি তুলন কোঁৱৰ, ধেমাজি জিলা পৰিষদৰ উপ-সভানেত্ৰী ক্ষমালী বৰদেউৰী, গোগামুখ সমষ্টিৰ জিলা পৰিষদৰ সদস্যা জ্যোতিপ্ৰভা দলে, গণশক্তি, বিজেপি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com
Follow – Subscribe কৰিবলৈ নাপাহৰিব।
ধন্যবাদ।
Post navigation
Go Top