“Kapé MAC” - R News India 24
Skip to content
® মিচিং স্বায়ত্বশাসিত পৰিষদৰ পুঁজিৰে নিৰ্মান কৰা ‘সামূহিক সুবিধা কেন্দ্ৰৰ’ শুভ উদ্বোধন।
১০.৬.২০২৬ তাৰিখে ২৫ নং ডিক্ৰং সমষ্টিত পৰিষদৰ আৱণ্টিত পুঁজিৰে নিৰ্মাণ কৰা “সামূহিক সুবিধা কেন্দ্ৰ”ৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য দিলীপ পেগু, বিশিষ্ট ব্যক্তি, সমাজকৰ্মী, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
উল্লেখ্য যে, উক্ত কেন্দ্ৰৰ বাবে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বৰাই ৮ টা AC প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।
® পৰিষদৰ পুঁজিৰে নিৰ্মান কৰা বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ শুভ উদ্বোধন।
১৩.০৬.২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পুঁজিৰে নিৰ্মান কৰা ২১ নং বৰনৈ পৰিষদীয় সমষ্টিৰ যোগিসূতি কনেং উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱ-নিৰ্মিত শ্ৰেণীকোঠা শুভ উদ্বোধন কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয় খনৰ প্ৰধান শিক্ষক সুনীল দলে, পৰিচালনা সমিতিৰ সভাপতি ৰাজ কুমাৰ পেগু, MBK পূৱ ঢকুৱাখনা বাংকে সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পৰীক্ষৃত মিলি, MMKৰ লক্ষ্যনাথ দলে, কেন্দ্ৰীয় সদস্য মোহন পেগু, TMPKৰ শিক্ষা সম্পাদক দ্বীপাঞ্জল দলে, সমাজ কৰ্মী বিজয় পেগু, আঞ্চলিক পঞ্চায়ত সদস্য তথা মিচিং মিমাগ কেবাংৰ ঢকুৱাখনা জিলা সম্পাদক অমৃত দলে, সদস্য প্ৰদীপ দলে, গণশক্তি, MMK, TMMK, TMPK ৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
® মুখ্যমন্ত্ৰী বিশেষ সাহাৰ্য্য’ পুঁজিৰে নিৰ্মান কৰা পকী বেৰৰ শুভ উদ্বোধন।
মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধীনত ‘মুখ্যমন্ত্ৰী বিশেষ সাহাৰ্য্য’ পুঁজিৰে ৩৫ নং দিহিং চেঁচা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চাউলখোৱা জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত নিৰ্মান কৰা পকী বেৰৰ শুভ উদ্ধোধন কৰে পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰশান্ত কুমাৰ বড়িয়ে।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে TMMKৰ কেন্দ্ৰীয় উপ-সভানেত্ৰী মিৰুপ্ৰভা মিচং, TMPKৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক চন্দন টায়ে, TMPK ডিব্ৰুগড় জিলাৰ সভাপতি জ্যোতিষ টায়ে, MMKৰ সহ, সম্পাদক বাণীকান্ত টায়ে, চাউলখোৱা জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বসন্ত চেত্ৰী, বিদ্যালয়খনৰ শিক্ষক বৃন্দ, পৰিচালনা সমিতি, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া।
® স্বাধীনতা সংগ্ৰামী বিমলা কান্ত দলে দেৱৰ স্মৃতিত নিৰ্মান কৰা ৰাজহুৱা প্ৰেক্ষাগৃহ পৰিদৰ্শন অধ্যক্ষ সুনীল কুমাৰ পেগুৰ।
১২.০৬.২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২১ নং বৰনৈ সমষ্টিৰ পূৱ ঢকুৱাখনা পঞ্চায়তৰ অন্তৰ্গত বান্দনা ৰাজহুৱা খেলপথাৰত সমাজ সংস্কাৰক, কৰ্মবীৰ বিমলা কান্ত দলে দেৱৰ স্মৃতিত নিৰ্মান কৰা ৰাজহুৱা প্ৰেক্ষাগৃহটিৰ পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয় অধ্যক্ষ গৰাকীয়ে।
লগতে ১০০০ খন আসনযুক্ত প্ৰেক্ষাগৃহটি চাৰি মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি স্থানীয় ৰাইজক অৱগত কৰে।
পৰিদৰ্শন কালত উপস্থিত থাকে গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া।
® পৰিষদৰ পুঁজিৰে নিৰ্মান কৰা মুৰঙৰ শুভ উদ্বোধন।
১৪.০৬.২০২৬ তাৰিখে মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পুঁজিৰে নিৰ্মান কৰা ওখমাটি নাহৰণি মিচিং গাঁৱৰ মুৰংটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্য অনিল পায়েঙে।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
® গোগামুখ টাউন ক্লাৱ কাৰ্যালয় ভৱন নিৰ্মাণৰ শুভাৰম্ভণি।
১২.০৬.২০২৬ তাৰিখে গোগামুখ টাউন ক্লাৱ কাৰ্যালয় ভৱন নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগু, বিশিষ্ট ব্যক্তি, সমাজকৰ্মী, গণশক্তি, মিচিং, বিভিন্ন দল – সংগঠনৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
® ব্ৰহ্মপুত্ৰৰ খহনীয়া স্থান পৰিদৰ্শন।
১০.০৬.২০২৬ তাৰিখে চিচিমুখ অঞ্চলৰ গেৰজাই আৰু জন্মিচুকত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ক্ষতিগ্ৰস্ত কৰা স্থান পৰিদৰ্শন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
পৰিদৰ্শন কালত উপস্থিত থাকে চিচি বৰগাওঁ বিধানসভা সমষ্টিৰ বিধায়ক জীৱন গগৈ, সাধাৰণ সদস্যা লাৱণ্য মিলি, সাধাৰণ সদস্য ৰাজু পেগু, পৰিষদৰ বিভাগীয় অভিযন্তা, গণশক্তি , বিজেপি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
আনহাতে, ১২.০৬.২০২৬ তাৰিখে পৰিষদৰ ১৩ নং চিচিকলঘৰ আৰু ১২ নং চিচি টঙানী সমষ্টিত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া স্থান- গেৰজাই, জন্মিচুক, গ্ৰেজিঙ, পাৰ্টিত, ৰাংকপ চাপৰি পৰিদৰ্শন কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, কাৰ্য্যবাহী সদস্য জহান দলে আৰু সাধাৰণ সদস্যা লাৱণ্য মিলিয়ে।
পৰিদৰ্শন কালত সংগ দিয়ে গণশক্তি, মিচিং জাতীয় সংগঠন MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজে।
উল্লেখ্য যে, এই জ্বলন্ত সমস্যাটো সমাধানৰ বাবে স্থানীয় ৰাইজে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোঁহাইক আহ্বান জনাই।
প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব rnewsindia24.com
Post navigation
Go Top