Mising Autonomous Council

Kapé MAC

Spread the love

® MACৰ ২৫ সংখ্যক কাৰ্যনিৰ্বাহক বৈঠক।

৩০/০৯/২০২৬ তাৰিখে
মিচিং স্বায়ত্বশাসিত পৰিষদ সচিবালয়ৰ সভাকক্ষত অন্তর্বর্তীকালীন
পৰিষদৰ ২৫ সংখ্যক কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰে।

উক্ত বৈঠকত মিচিং স্বায়ত্বশাসিত পৰিষদৰ জনমুখী আঁচনিত নৱ সংযোজনেৰে চাৰিটা গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

# NÉBU KUMNAM নামেৰে মিচিং স্বায়ত্বশাসিত পৰিষদীয় এলেকাৰ ৭০ বছৰ ঊৰ্ধ্বৰ বয়োজ্যেষ্ঠ সকলক বৃদ্ধ পেঞ্চন প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ।

# মিচিং স্বায়ত্বশাসিত পৰিষদীয় এলেকাৰ বিধৱা মহিলাৰ বাবে SUPAN KASÍNG নামেৰে বিশেষ আঁচনি।

SUPAN KASÍNG আঁচনিৰ অধীনত মিচিং স্বায়ত্বশাসিত পৰিষদীয় এলেকাৰ ৭০ বছৰ ঊৰ্ধ্বৰ বিধৱা মহিলা সকলক বিধৱা পেঞ্চন প্ৰদান কৰাৰ সিদ্ধান্ত।

# মিচিং স্বায়ত্বশাসিত পৰিষদীয় এলেকাৰ দিব্যাংগ সকলৰ বাবে ANUKOMPA নামেৰে আঁচনি।

উক্ত আঁচনিৰ অধীনত মিচিং স্বায়ত্বশাসিত পৰিষদীয় এলেকাৰ দিব্যাংগ সকলক প্ৰদান কৰিব আৰ্থিক সাহাৰ্য্য।

# বিশিষ্ট সাহিত্যিক ‘সোণাৰাম পাঞাং কটকী’ৰ নামেৰে সাহিত্যিক পেঞ্চন আঁচনি।

“সোণাৰাম পাঞাং কটকী সাহিত্যিক পেঞ্চন” আঁচনিৰ অধীনত মিচিং স্বায়ত্বশাসিত পৰিষদীয় এলেকাৰ সাহিত্যিক সকলে সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে প্ৰদান কৰিব সাহিত্যিক পেঞ্চন।

পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকত উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, সমূহ কাৰ্য্যবাহী সদস্য-সদস্যা।

® মিচিং কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ নৱ নিৰ্মিত পকী সীমা দেৱালৰ শুভ উদ্বোধন।

০৪/১০/২০২৬ তাৰিখে
মিচিং স্বায়ত্বশাসিত পৰিষদৰ আৱণ্টিত পুঁজিৰে লখিমপুৰ মিচিং কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ নৱ নিৰ্মিত পকী সীমা দেৱালৰ শুভ উদ্বোধন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্যদ্বয় বিজু পেগু, দেৱৰঞ্জন মৰাং, সাধাৰণ সদস্য দিলীপ পেগু, TMMKৰ সাধাৰণ সম্পাদিকা শৰ্মিলা পায়েং, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

® অসম চৰকাৰৰ প্ৰাক্তন কৃষি বিষয়া ইৰচাদ আলিক সাক্ষাৎ MACৰ CEM পৰমানন্দ চায়েঙীয়াৰ।

০২/০৯/২০২৬ তাৰিখে অসমৰ অন্যতম কৃষি বিশেষজ্ঞ তথা প্ৰাক্তন বিষয়া ইৰচাদ আলিক
তেখেতৰ শিৱসাগৰ স্থিত বাসভৱনত সাক্ষাৎ কৰি তেখেতৰ টেৰেছ্ গাৰ্ডেন আৰু অন্যান্য কৃষি কৰ্মৰ বিষয়ে বিশেষ আলোচনা কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

আনহাতে, ছন্টক এলেকাৰ পলসে পুতি পেলোৱা ভুমি সমূহত ৰৱি শস্যৰ খেতি কৰি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ হকে ৰাইজক কৃষি পৰামৰ্শ দিবৰ বাবে উক্ত এলেকা পৰিদৰ্শন কৰিবলৈ কৃষি বিশেষজ্ঞ গৰাকীক আমন্ত্ৰণ জনায়।

লগতে তেখেতৰ পৰা মাইক্ৰ’ গ্ৰীন খেতি সম্পৰ্কে বিশেষভাৱে অৱগত হয় মুখ্য কাৰ্যবাহী সদস্য গৰাকী।

® আগম মিগাং ড° নাহেন্দ্ৰ পাদুন দেৱক সাক্ষাৎ MAC CEMৰ।

যশস্বী সাহিত্যিক, ভাষাতত্ত্ববিদ, গৱেষক, সাহিত্যাচাৰ্য-আগম মিগাং ড° নাহেন্দ্ৰ পাদুন দেৱক তেখেতৰ বাসভৱনত সাক্ষাৎ কৰি আঃবাঙৰ তত্ত্ব আৰু ৰূপৰেখাৰ প্ৰকৃত দ্ৰৌপদী বৰ্ণনা প্ৰশিক্ষণ সম্পৰ্কে বিশেষভাৱে আলোচনাত মিলিত হয় মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

আলোচনাৰ অন্তত উক্ত প্ৰশিক্ষণ শিৱসাগৰতেই সম্পন্ন কৰিবলৈ পৰামৰ্শ আগবঢ়াই যশস্বী সাহিত্যিক গৰাকীয়ে।

আনহাতে আঃবাং সম্পৰ্কে এখন সম্পূৰ্ণ সংকলন প্ৰস্তুত কৰিবলৈ আহ্বান জনাই মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে।

® MBKৰ উদ্যোগত AGER KÉBANG

২৯/০৯/২০২৬ তাৰিখে মিচিং বাঃনৗ কৗবাঙৰ উদ্যোগত গোগামুখ চেতিয়া গাঁৱস্থিত RLRC প্ৰেক্ষাগৃহত AGER KÉBANG অনুষ্ঠিত কৰে।

উক্ত সভাত MBKৰ শতবৰ্ষ সামৰণি অনুষ্ঠান, দঃলুং কৗবাং, গাম সকলৰ বিভিন্ন সমস্যা সমূহৰ লগতে চলিত মাহত অনুষ্ঠিত হৈ যোৱা দশম সংখ্যক চলুং উৎসৱ, MAKৰ ২৫ সংখ্যক সাধাৰণ অধিবেশনৰ ওপৰত বিশেষ আলোচনা কৰে।

সভাত সভাপতিত্ব কৰি বহু গুৰুত্বপূৰ্ণ তথা বিশ্লেষণাত্মকভাৱে বক্তব্য আগবঢ়াই মিচিং বাঃনৗ কৗবাঙৰ কেন্দ্ৰীয় সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উপস্থিত থাকে মিচিং মিমাগ কৗবাঙৰ সভাপতি তথা পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, দঃঞি পঃল য়েলাম কৗবাঙৰ সভাপতি একলব্য গাম, MBKৰ উপ-সভাপতি ৰঞ্জিত দলে, MBKৰ সাধাৰণ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, AMBKৰ সভাপতি নৰেশ্ব কুম্বাং, MAKৰ নৱ-নিৰ্বাচিত সভাপতি কালিনাথ পাংগিং, TMMKৰ সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাং, সাধাৰণ সম্পাদিকা শৰ্মিলা পায়েং, TMPKৰ সভাপতি তিলক দলে, MACৰ কাৰ্য্যবাহী সদস্যদ্বয় জহান দলে, প্ৰশান্ত কুমাৰ বড়ি, মিচিং বাঃনৗ কৗবাং আৰু মিচিং জাতীয় সংগঠনৰ অন্যান্য বিষয়ববীয়া।

® ১৯ নং পূৱ তেলাহী পৰিষদীয় সমষ্টি পৰিদৰ্শন MACৰ CEM পৰমানন্দ চায়েঙীয়াৰ।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ ১৯ নং পূৱ তেলাহী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ন-আলি, দফলাকটা, ঘূলি গাঁও, ৰজাবুঢ়া গাওঁ, তামাৰ গাওঁ অঞ্চলৰ ৰাস্তা-ঘাট সমূহ মটৰ চাইকেলেৰে পৰিদৰ্শন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

লগতে অঞ্চলসমূহৰ স্থানীয় ৰাইজে ভুগি থকা বিভিন্ন সমস্যা সমাধানৰ বাবে বিশেষ মত বিনিময় কৰে।

পৰিদৰ্শন কালত মুখ্য কাৰ্যবাহী সদস্য গৰাকীক সংগ দিয়ে পৰিষদৰ কাৰ্যবাহী সদস্যদ্বয় দেৱৰঞ্জন মৰাং, বিজু পেগু, TMMKৰ সম্পাদিকা শৰ্মিলা পায়েং, গণশক্তি, MMK, TMMK, TMPKৰ স্থানীয় বিষয়ববীয়াই।

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰক rnewsindia24.com

 

Leave a Reply

Your email address will not be published. Required fields are marked *