আয়কৰ বিভাগে উদ্ধাৰ কৰিলে ১০০ কোটি টকা আৰু জব্দ কৰিলে ২.১০ কোটি টকাৰ আ-অলংকাৰ

Spread the love

আয়কৰ বিভাগে উদ্ধাৰ কৰিলে ১০০ কোটি টকা আৰু জব্দ কৰিলে ২.১০ কোটি টকাৰ আ-অলংকাৰআয়কৰ বিভাগে উদ্ধাৰ কৰিলে ১০০ কোটি টকা আৰু জব্দ কৰিলে ২.১০ কোটি টকাৰ আ-অলংকাৰ

Assam December 28:  যিটো সময়ত একাংশ দুখীয়া-দৰিদ্ৰ মানুহে দুবেলা-দুমুঠি অন্ন-বস্ত্ৰ আৰু বাসস্থানৰ বাবে হাহাকাৰ কৰি ফুৰিব লগিয়া হৈছে আৰু টাকাৰ অভাৱত একাংশই নিজৰ মৌলিক চাহিদা সমূহ পূৰণ কৰিব পৰা নাই। নিজৰ সন্তানক উচ্চ শিক্ষা দিব পৰা নাই। ৰোগীক উপযুক্ত চিকিৎসা প্ৰদান কৰিব পৰা নাই। (আনৰ কথা কি ক’ম; মই নিজেই ৰুগীয়া মাতৃৰ চিকিৎসাৰ বাবে দিনদিয়েক পূৰ্বে ব্যৱহাৰিক মবাইলটো বিক্ৰী কৰিছিলোঁ, পিছত যেনিবা বাকী কৰি হলেও মবাইল এটা লৈছোঁ, তবে ইয়াৰ বাবে মই তিলমানো দুঃখিত নহয় কিয়নো মাতৃৰ সেৱাত মোৰ মোবাইলটো ব্যৱহাৰ হৈছে। সকলোৱে দোৱা-আশীৰ্বাদ কৰিব যাতে ঈশ্বৰ-আল্লাহে মোৰ প্ৰাণপ্ৰিয় গৰ্ভধাৰণী মাতৃক সদা-সৰ্ব্বদা ভালে-কুশলে, সুস্থ ৰাখে)। মোৰ দৰে এনেকুৱা শ শ ভূক্তভোগী পৰিয়াল আছে যিসকলে সামান্য কেইটামান টকাৰ কাৰণে ৰোগীৰ ভাল চিকিৎসা সেৱা আগবঢ়াব পৰা নাই। সৰু-সুৰা ব্যৱসায়ী সকলে নিয়াৰিকৈ নিজৰ ব্যৱসায় চলাই নিব পৰা নাই। কৃষকসকলেও অৰ্থৰ অভাৱত ঠিকমতে খেতি-বাতি কৰিব পৰা নাই, তেনে সময়ত মাত্ৰ তিনিজন ব্যক্তিৰ ঘৰৰ পৰা উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ কলা ধন। কেৱল ভাগ্য কলিতা, যুগল কিশোৰ মহন্ত আৰু অনুপম শৰ্মাই নহয় এনেকুৱা অনেক দুৰ্নীতিগ্ৰস্ত ব্যক্তি আছে যিসকলে চৰকাৰ তথা সৰ্বসাধাৰণ ৰাইজৰ টকা লুটি-পুটি অগাধ সম্পত্তিৰ মালিক হৈ বহি আছে। আজি নগাঁও কাগজ কলটোৰ কি অৱস্থা হৈছে? একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰৰ দুৰ্নীতিৰ কাৰণে সম্প্ৰতি কাগজ কলটো বন্ধ হৈ পৰিছে। কলটোৰ লগত জড়িত হেজাৰ হেজাৰ শ্ৰমিক-কৰ্মচাৰী আজি জীয়াতু ভুগিছে। পানীত হাঁহ নচৰা অৱস্থা হৈছে তেওঁলোকৰ। বহুতে উপায়ন্তৰহৈ আত্মহত্যাৰ দৰে চৰম পথ বাচি লৈছে। অনেকেই আকৌ নিজৰ পৰিয়ালটোক পোহপাল দিবলৈ লোকৰ ঘৰত হাজিৰা কৰা পৰিলক্ষিত হৈছে। কিছুমানে চাহৰ দোকান দি চলি আছে। আন কিছুমানে আকৌ অভাৱত পৰি ঠেলা-ৰিস্কা পৰ্যন্ত চলাবলৈ বাধ্য হৈছে। পিছে এইসকল দুৰ্দশাগ্ৰস্ত দুৰ্ভগীয়া পৰিয়ালৰ কথা ভাৱিবলৈ যেন কাৰো আহৰি নাই। পৰিবৰ্তনকামী চৰকাৰখনো কাগজ কলটো পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত নিৰব। যিসকল দায়িত্ব জ্ঞান হিন বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰৰ দুৰ্নীতিৰ কাৰণে আজি এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ কাগজ কলটো বন্ধ হৈ পৰিছে, তেনে দায়িত্ববোধ নথকা বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰৰ বিৰুদ্ধে আজিকোপতি কোনো তদন্ত নহল। মোৰ মতে উপৰুক্ত লোক কেইজনৰ লেখিয়াকৈ নগাঁও কাগজ কলটোৰ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰসকলৰ সম্পত্তিও বাজেয়াপ্ত কৰিব লাগে আৰু বাজেয়াপ্ত কৰা সেই ধন-সম্পত্তিখিনি কলটোৰ কৰ্মচাৰীৰ মাজত ভগাই দিব লাগে। দেশ তথা দহৰ লগত বিশ্বাসঘাটকতা কৰি সম্পত্তিৰ পাহাৰ গঢ়া দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰ অসম তথা অসমীয়াৰ প্ৰতি মুঠেই দায়বদ্ধশীল নহয়। লক ডাউনৰ সময়ছোৱাত একপ্ৰকাৰ পণবন্দীৰ জীৱন-যাপন কৰা জনসাধাৰণৰ কাষত থিয় দি দায়বদ্ধতাৰ পৰিচয় দিয়া দেখা নগল এওঁলোকক। আনকি প্ৰকৃতিক দুৰ্যোগৰ সময়তো তেওঁলোকৰ ছাঁটো দেখা নাপায় অসমবাসীয়ে। যিকি নহওঁক কোনো এজন দুৰ্নীতিগ্ৰস্ত ব্যক্তিক ৰেহাই দিব নালাগে ৰাজ্যৰ সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন শুণ্য সহনশীল চৰকাৰখনে।   

জুলহাছ আলী আহমেদ  R News India 24 

Leave a Reply

Your email address will not be published. Required fields are marked *