মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত আকৌ বদৰুদ্দিন আজমলৰ প্ৰসংগ।
এআইইউডিএফ প্ৰধান মৌলানা আজমলৰ প্ৰসঙ্গ টানি আনি কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
দেওবাৰে অনুষ্ঠিত এক সংবাদ সম্বোধি স্বভাৱসুলভ ভাৱে ন-অসমীয়া আৰু সাংসদ বদৰুদ্দিন আজমলৰ সমালোচনাত মুখৰ হোৱা দেখা গ’ল নেডাৰ আহ্বানক হিমন্ত বিশ্ব শৰ্মাক।
সাম্প্ৰদায়িকতাবাদী নেতা হিমন্ত বিশ্ব শৰ্মাৰ মতে, গুৱাহাটীখন লেতেৰা কৰাৰ মুলতঃ ন-অসমীয়াসকল।
মুৰ্গী, মাছ, পাচলিলৈ অহা ন-অসমীয়াসকলেই গুৱাহাটীখন লেতেৰা কৰে।
ইফালে কংগ্ৰেছে, আজমল, লুৰিণ, অখিল গগৈৰ বিৰুদ্ধে যোদ্ধ ক্ষেত্ৰত অৱতীৰ্ণ হবলৈ ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিয়ে যাবতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।
আনহাতে দেওবাৰে অসম ভ্ৰমণলৈ অহা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীকো তীব্ৰ সমালোচনাৰে থকা সৰকা কৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
ড° শৰ্মাৰ মতে, ছোনিয়া তনয় তথা সাংসদ ৰাহুল গান্ধীয়ে কামাখ্যা মন্দিৰ, বৰদোৱা থানলৈ যাব লাগিছিল।
তাৰোপৰি অসম ভ্ৰমণলৈ অহা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীক কৃষক আন্দোলনৰ সমৰ্থক বুলিও অভিহিত কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট R News India 24