বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ।

Spread the love

Assam, October 3:

বাঘবৰৰ বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ, শ্বহীদক অপমানসূচক মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছে কংগ্ৰেছী বিধায়কগৰাকী।

মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দিছপুৰ থানাত ৰাখিছে বিতৰ্কিত বিধায়কজনক।

অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাক ঘাতক আখ্যা দিছিল বিধায়কজনে।

শেহতীয়াকৈ অসম আন্দোলনৰ শ্বহীদৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল কংগ্ৰেছ দলৰ বিধায়ক শ্বেৰমান আলী আহমেদ।

চৰ-চাপৰিৰ অসমীয়া মুছলমান বা মিঞা জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা বিধায়কসকলৰ অন্যতম কংগ্ৰেছী বিধায়ক গৰাকীৰ এনে সাম্প্ৰদায়িক মন্তব্যক লৈ জাঙুৰ খাই উঠিছিল ৰাজ্যৰ বিভিন্ন দল-সংগঠন।

প্ৰসংগত, গৰুখুটিৰ ঘটনাৰ সৈতে পুনৰ উত্থাপিত হৈছে জুইয়ে পোৰো সেই অভিশপ্ত ৮৩’ৰ হৃদয়বিদাৰক ঘটনা।

৮৩ চনৰ আন্দোলনৰ সৈতে জড়িত শ্বহীদ দয়ানাথ শৰ্মা আৰু আন শ্বহীদসকলক ঘাতক আখ্যা দি বিপদক আমন্ত্ৰণ কৰি আনিছিল বাঘবৰৰ বিধায়ক গৰাকীয়ে৷

কংগ্ৰেছ দলৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ এনে ক-ৰুচিপূৰ্ণ মন্তব্যক’ লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ, দাবী উত্থাপন হৈছিল বিধায়কজনক গ্ৰেপ্তাৰ কৰাৰ৷

এইলৈ ৰাজ্যৰ বিভিন্ন ঠাইত ৰুজু হৈছে গোচৰ৷

ইফালে অসম আন্দোলনৰ পটভূমি মঙলদৈত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাই শ্বেৰমান আলীৰ মানসিক বিকৃতি ঘটা বুলি তীৰ্যক মন্তব্য কৰিছিল৷

তাৰ মাজতে গৰুখুটিৰ ঘটনাৰ পিছত অসমৰ সামগ্ৰিক পৰিস্থিতি খুবেই স্পৰ্শকাতৰ হৈ পৰাত বিধায়ক শ্বেৰমান আলী আহমেদক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

 

জুলহাছ আলী আহমেদৰ বিষেশ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *